অসম

assam

ETV Bharat / state

কৃষক মুক্তিৰ নেতাক BOND sign কৰিবলৈ হেঁচা প্ৰয়োগৰ অভিযোগ অসম আৰক্ষীৰ বিৰুদ্ধে

KMSS: গোলাঘাটত পুনৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ ঘৰত আৰক্ষী । আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ ভৱিষ্যতে আন্দোলন নকৰাৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগ । "প্ৰয়োজনত মৃত্যু বৰণ কৰিম কিন্তু আন্দোলন নকৰাৰ চুক্তিত চহী নিদিওঁ বুলি স্পষ্ট কৰি দিয়ে কৃষক নেতা বিদ্যুৎ শইকীয়াই ৷

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 11:12 AM IST

raids again in kmss leaders home
কৃষক মুক্তিৰ নেতা বিদ্যুৎ শইকীয়াক আটক

গোলাঘাট,22 জানুৱাৰী: কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ গোলাঘাটৰ ঘৰত পুনৰ আৰক্ষীৰ বৃহৎ দল উপস্থিত । দেওবাৰে অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়ছোৱাত অনাকাংশিত প্ৰতিবাদৰ আশংকাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিভিন্ন প্ৰান্তৰ বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক পুৱতি নিশাই আটক কৰাৰ পিচতে ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ পাছতে নিশা মুকলি কৰি দিয়া হয় কৃষক নেতাজনক ।

কৃষক মুক্তিৰ নেতা বিদ্যুৎ শইকীয়া

উল্লেখ্য যে, অসমত কা আইন বলবৎকৰণৰ বিৰোধিতা, অসমীয়া যুৱকক এনকাউণ্টাৰ কৰা বন্ধ কৰা আৰু বানমুক্ত গুৱাহাটীৰ নামত শিলসাঁকোৰ থলুৱা ৰাইজক বলিৰ পঠা সজায় সেই মূল্যৱান ভূমি অমিত শ্বাহ, অশোক সিংঘালৰ পুত্ৰক অট্টালিকা সাজিবলৈ অনুমতি প্ৰদানৰ বিৰুদ্ধে অমিত শ্বাহৰ সভাত প্ৰতিবাদৰ আশংকাত কৰিয়েই আক্ৰোশমূলকভাৱে এই কাৰ্য কৰা বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই অভিযোগ তুলিছে ।

মুকলি আকাশৰ তললৈ আহি বিদ্যুৎ শইকীয়াই সংবাদ মাধ্যমৰ সমুখত 'এইয়া বিজেপিৰ ভীৰুতা আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাপুৰুষালি' বুলি কোৱাৰ লগতে আৰক্ষীয়ে তেওঁক তীব্ৰ মানসিক হেঁচা প্ৰয়োগ কৰি ভৱিষ্যতে কেনেকৈ আন্দোলন কৰিব লাগিব তাৰ নিয়মাৱলী প্ৰদানৰ লগতে কোনো ধৰণৰ জংগী প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ, কোনো ধৰণৰ ৰাজহুৱা সভাত ভাষণ দিয়াৰ পৰা বিৰত থাকিবলৈ বিভিন্ন চৰ্ত সম্বলিত 'চুক্তি'ত দণ্ডাধীশৰ উপস্থিতিত চহী কৰাই কৌশলগতভাৱে আন্দোলন কৰিব নোৱাৰা এক ব্যৱস্থাৰ মাজলৈ ঠেলি দিবলৈ যত্ন কৰা বুলি সদৰী কৰিছে । লগতে কৃষক নেতাজনে এই চুক্তি নকৰাৰ দৃঢ় স্থিতি আৰক্ষীক অৱগত কৰি আৰক্ষীৰ জিম্মাতে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ পাছত অৱশেষত বিদ্যুৎ শইকীয়াৰ লগতে সতীৰ্থসকলক মুকলি কৰি দিবলৈ বাধ্য হৈছিল বুলি মন্তব্য কৰিছিল ।

প্ৰয়োজনত চিৰদিনৰ বাবে কাৰাবাস খাটিব, বুকুত গুলী পাতি ল’ব কিন্তু গণতান্ত্রিক দেশ এখনত নিজৰ বাক স্বাধীনতা আৰু প্ৰতিবাদ কৰাৰ অধিকাৰ খৰ্ব কৰি হিটলাৰী শাসন চলাব চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে । লক্ষণীয়ভাৱে দেওবাৰে পুনৰ গোলাঘাট আৰক্ষীৰ বৃহৎ দলে বিদ্যুৎ শইকীয়াৰ গোলাঘাট ফৰকাটিঙৰ গুৱালগাওঁস্থিত বাসগৃহত উপস্থিত হয় । কালি পুৱতি নিশা ঘৰৰ পৰা উঠাই অনাৰ পাছত ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিবাদৰ ফলত নিশা মুকলি কৰি দিবলৈ বাধ্য হোৱা নেতাজনৰ বাসগৃহত দেওবাৰে পুনৰ আৰক্ষীৰ দল প্ৰত্যক্ষ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

আৰক্ষীৰ দলটোৱে মূহূৰ্ততে উপস্থিত হোৱা ৰাইজৰ সমুখত চৰ্ত সাপেক্ষ আৰক্ষীৰ চুক্তিত চহী নকৰাৰ বাবে কাইলৈ অৰ্থাৎ 22 জানুৱাৰীত জিলা দণ্ডাধীশৰ সমুখত উপস্থিত হৈ কিয় চুক্তিত চহী নকৰিলে তাৰ কাৰণ দৰ্শাবৰ বাবে প্ৰশাসনে প্ৰেৰণ কৰা জাননী দিবলৈ অহা বুলি অৱগত কৰে । এই সম্পৰ্কত বিদ্যুৎ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, "যোৱা কালিয়ে প্ৰশাসন, আৰক্ষী, জিলা দণ্ডাধীশক স্পষ্টকৈ অৱগত কৰিছো যে কোনো পৰিস্থিতিত কোনো কাৰণত চৰকাৰ প্ৰশাসনে প্ৰস্তুত কৰি দিয়া ভৱিষ্যতে আন্দোলন নকৰাৰ চৰ্ত সাপেক্ষ চুক্তিত চহী মই নকৰো । এইয়া মোৰ ভাৰতীয় সংবিধানে দিয়া মৌলিক অধিকাৰ । সেই অধিকাৰক কোনোবা ফেচিষ্ট অথবা হিটলাৰী শাসকে খৰ্ব কৰি কণ্ঠ ৰুদ্ধ কৰিবলৈ যত্ন কৰা কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয় । এইয়া কেনে নিকৃষ্ট ষড়যন্ত্র ৰাইজে এবাৰ অনুমান কৰক ।"

শইকীয়াই পুনৰ কয়, "আমি আইন বিৰোধী নহয়, আমি অগণতান্ত্রিক নহয়, আমি নৈৰাজ্যবাদীও নহয় । এগৰাকী নাগৰিক হিচাপে প্ৰতিবাদ কৰিবলৈ যাওঁতে বে আইনী কাম-কাজৰ নামত সদায় বিভিন্ন গোচৰৰ মুখামুখি হৈ আহিছো । ভৱিষ্যতেও এনে ব্যৱস্থাৰ পৰা মুক্ত নহয় । তৎসত্বেও ভৱিষ্যতে কেনে আন্দোলন কৰিম, আন্দোলনৰ মাত্ৰা কিমান তীব্ৰ হ’ব, গণতান্ত্রিক ব্যৱস্থাত আন্দোলনৰ ৰূপ কেনেকুৱা হ’ব সেইয়া নিৰ্ভৰ কৰিব চৰকাৰৰ জনসাধাৰণৰ ওপৰত প্ৰয়োগ কৰা নীতিৰ ওপৰত । তাৰ বাবে আগতীয়াকৈ চৰকাৰৰ সৈতে এগৰাকী আন্দোলনকাৰীয়ে ভৱিষ্যতে ৰূপায়ণ কৰিবলগীয়া প্ৰতিবাদৰ ৰেহ-ৰূপ সম্পৰ্কত চুক্তি কৰি লোৱাটো আপোচকামীতাই নহয়, চৰম লজ্জাজনক । গতিকে প্ৰয়োজনত কাৰাবাস অথবা মৃত্যুদণ্ডক আঁকোৱালি লম কিন্তু এনে অভিসন্ধিত ভৰি নিদিওঁ ।

সোমবাৰে বিদ্যুৎ শইকীয়াই দণ্ডাধীশৰ জাননীক সন্মান জনাই আদালতত হাজিৰ হ’ব বুলি নিশ্চিতি প্ৰদান কৰে ৷

লগতে পঢ়ক:ভাৰত জোড়ো ন্যায় যাত্ৰা: জামুগুৰিহাটৰ ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details