গুৱাহাটী, ৯ ছেপ্টেম্বৰ :ৰাজ্যৰ সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত বহু বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্রেপ্তাৰ কৰাৰ পিচতে ৰাজ্য চৰকাৰে অসমত অবৈধ বিদেশীৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া জোৰদাৰ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে । তেনে সময়তে অসম আৰক্ষীয়ে পুনৰ দুই বাংলাদেশী নাগৰিকক অনুপ্ৰৱেশত বাধা দিয়ে ।
- বাংলাদেশী আটক
কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত দুই বাংলাদেশী নাগৰিকে দেওবাৰে নিশা অসমত অনুপ্ৰৱেশৰ বাবে চেষ্টা চলাইছিল । দুয়োগৰাকী বাংলাদেশী নাগৰিকক শ্বাহাদত হুছেইন আৰু প্ৰিয়ংকা গেইন বুলি জানিব পৰা গৈছে । তেওঁলোকক কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত আটক কৰা হয় । পৰৱৰ্তী সময়ত তেওঁলোকক সীমান্তৰ সিপাৰে বাংলাদেশলৈ পুনৰ ঘূৰাই পঠিওৱা হয় ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে এই সন্দৰ্ভত এক্সৰ এটা পোষ্টত কয়, "অনুপ্ৰৱেশৰ বিৰুদ্ধে আমি সম্পূৰ্ণৰূপে সজাগ আৰু সচেতন হৈ আছো ৷ কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত আমাৰ অসম আৰক্ষীয়ে শ্বাহাদত হুছেইন আৰু প্ৰিয়ংকা গেইন নামৰ দুগৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰে ৷ আৰু পিচত তেওঁলোকক সীমান্তৰ সিপাৰে বাংলাদেশলৈ ঘূৰাই পঠিয়ায় ৷ দিনে-নিশাই অহৰহ সীমান্তত পহৰা দি অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে সেৱা আগবঢ়োৱা আমাৰ আৰক্ষীৰ কৰ্মৰ শলাগ ল'লো ৷"
- অবৈধ বিদেশীৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া