অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

ত্যাগ-বলিদানৰ গৌৰৱোজ্বল ইতিহাসেৰে মহিমামণ্ডিত অসম আৰক্ষী: ৰাজ্যপাল আচাৰ্য - Assam Police Day 2024

Governor Lakshman Prasad Acharya: কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষী দিৱস উদযাপন । মুখ্য অতিথি হিচাপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ । বৰষুণৰ মাজতে আৰক্ষীৰ লোকসকলে প্ৰদৰ্শন কৰে কুচকাৱাজ । অসম আৰক্ষী দিৱসত আত্মবলিদান দিয়া অসম আৰক্ষীৰ বীৰ-শ্বহীদসকলক স্মৰণ ।

ASSAM POLICE DAY 2024
অসম আৰক্ষী দিৱস (X@gpsinghips)

গুৱাহাটী, ১ অক্টোবৰ: অসম আৰক্ষীৰ বীৰ-শ্বহীদসকলক স্মৰণ কৰি মঙলবাৰে ৰাজ্যজুৰি 'অসম আৰক্ষী দিৱস' উদযাপন কৰা হয় । গুৱাহাটীৰ কাহিলিপাৰাস্থ চতুৰ্থ অসম আৰক্ষীৰ বাহিনীৰ মুখ্য কাৰ্যালয়ত প্ৰতিকূল বতৰক নেওচি উলহ-মালহেৰে অসম আৰক্ষী দিৱস পালন কৰা হয় । চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ খেলপথাৰত আয়োজন কৰা অসম আৰক্ষী দিৱসৰ মূল কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ।

অনুষ্ঠানত ৰাজ্যপালগৰাকীক অসম আৰক্ষীৰ তৰফৰ পৰা অভিবাদন জ্ঞাপন কৰা হয় । আনহাতে অনুষ্ঠানত অসম আৰক্ষীৰ আকৰ্ষণীয় কুচকাৱাজ প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসম আৰক্ষীৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি কয়, "অসমৰ আজিৰ এই সুৰক্ষিত পৰিৱেশৰ অন্তৰালত অসম আৰক্ষীৰ বিশেষ ভূমিকা আছে । অসম আৰক্ষী দিৱসৰ এই অনুষ্ঠানত উপস্থিত থাকিব পাই গৰ্ব অনুভৱ কৰিছো । অসম আৰক্ষীৰ ত্যাগ-বলিদানৰ এক গৌৰৱোজ্বল ইতিহাস আছে ।"

অসম আৰক্ষী দিৱস (ETV Bharat Assam)

ৰাজ্যপাল আচাৰ্যই লগতে কয়, "আইন-শৃংখলা নিয়ন্ত্ৰণ কৰাৰ লগতে শান্তি-সম্প্ৰীতি প্ৰতিষ্ঠা কৰি নাগৰিকৰ সেৱাৰ বাবে নিযুক্ত অসম আৰক্ষীয়ে বহুক্ষেত্রত অভূতপূৰ্ব সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । আইন-শৃংখলাৰ ক্ষেত্রত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে অসম আৰক্ষী । অনুপ্ৰৱেশৰ লগতে সন্ত্রাসবাদ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্রত অসম আৰক্ষীয়ে অভূতপূৰ্ণ বৰঙণি আগবঢ়াই আহিছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দিনত পৰিৱৰ্তন আহিছে । অসমতো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত ৰাজ্যখনে প্ৰগতিৰ দিশত আগুৱাই গৈছে । ৰাজ্যখনত অপৰাধৰ হাৰ কমিছে । এই ক্ষেত্রে অসম আৰক্ষীৰ ভূমিকা উল্লেখনীয় ।"

তেওঁ আৰু কয়, "বৰ্তমান সময়ত অসম আৰক্ষীৰ শক্তি ৭০ হাজাৰলৈ বৃদ্ধি পাইছে । গোচৰ মীমাংসা কৰাৰ ক্ষেত্রত অগ্ৰণী ভূমিকা পালন কৰা অসম আৰক্ষীয়ে দোষী স‍াব্যস্ত কৰাৰ ক্ষেত্রতো উল্লেখনীয় ভূমিকা পালন কৰি আহিছে । চাইবাৰ ক্ৰাইমৰ ক্ষেত্রত অসম আৰক্ষীয়ে উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে । ৰাজ্যখনত গঁড় হত্যা নিয়ন্ত্ৰণ হৈছে । দুৰ্নীতি ৰোধৰ লগতে ড্ৰাগছ বিৰোধী অভিযানতো অসম আৰক্ষীৰ ভূমিকা উল্লেখযোগ্য ।"

অসম আৰক্ষী দিৱস (ETV Bharat Assam)

অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে অসম আৰক্ষীৰ বীৰ-শ্বহীদসকলক স্মৰণ কৰি অসম আৰক্ষীৰ গৌৰৱোজ্বল ইতিহাসৰ বিষয়ে সদৰী কৰে । অসম আৰক্ষীয়ে বহু জটিল পৰিস্থিতিত ৰাজ্যখনৰ বাবে সেৱা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি ডিজিপি সিঙে কয়, "বৰ্তমান সময়ত ৰাজ্যখনত শান্তি বাতাবৰণ গঢ় লৈ উঠিছে । অসম আৰক্ষী আজি যিটো পৰ্যায়ত উপনীত হৈছে তাৰ আঁৰত আৰক্ষী জোৱানসকলৰ বিশেষ অৱদান আছে । আজিৰ দিনটোত মই অসম আৰক্ষীৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ।"

অসম আৰক্ষী দিৱস (ETV Bharat Assam)

তেওঁ আৰু কয়- "আজিৰ দিনটোত প্ৰথম ভাৰতীয় সঞ্চালক হিচাপে কে আৰ চৌধুৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিছিল । অসম আৰক্ষী অসমৰ গৌৰৱময় ইতিহাসৰ সাক্ষী । বহু প্ৰতিকূল পৰিস্থিতিৰ মাজতো অসম আৰক্ষীয়ে নিষ্ঠাৰে দায়িত্ব পালন কৰি আহিছে । সকলোকে অভিনন্দন জ্ঞাপন কৰিছো । অসম আৰক্ষীয়ে ৰাইজৰ নিৰাপত্তাৰ বাবে সদায়ে নিষ্ঠা আৰু দায়িত্ব সহকাৰে কাম কৰি যাব ।" অনুষ্ঠানত অসম আৰক্ষীৰ বিষয়া-জোৱানসকলক কৰ্তব্য নিষ্ঠাৰ শপত বাক্যপাঠ কৰোৱা হয় । গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাকে ধৰি আৰক্ষী আৰু প্ৰশাসনৰ ভালেসংখ্যক উচ্চপদস্থ বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

অসম আৰক্ষী দিৱস (ETV Bharat Assam)

উল্লেখ্য যে ১৯৫১ চনৰ ১ অক্টোবৰত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰীয়ে প্ৰথম ভাৰতীয় বিষয়া হিচাপে ব্ৰিটিছ আৰক্ষী বিষয়া জে এইচ ৰীডৰ পৰা আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ মুখ্য বিষয়াৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল । তেতিয়াৰে পৰা এই দিনটোত অসম আৰক্ষীক কৃতজ্ঞতা প্ৰকাশৰ বাবে অসম আৰক্ষী দিৱস উদযাপন কৰি অহা হৈছে । ১৯৫১ চনৰ ১ অক্টোবৰত অসম আৰক্ষী প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰা আই পি এছ কে আৰ চৌধুৰীৰ স্মৰণত প্ৰতি বছৰে ১ অক্টোবৰত অসম আৰক্ষী দিৱস পালন কৰা হয় । গুৱাহাটীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰাৰ লগতে ৰাজ্যজুৰি অসম আৰক্ষীৰ গৌৰৱোজ্বল ইতিহাসক স্মৰণ কৰি উলহ-মালহেৰে অসম আৰক্ষী দিৱস উদযাপন কৰা হয় ।

লগতে পঢ়ক:কোনো কাৰণতে সাৰি যাব নোৱাৰিব দোষী: জি পি সিং - DGP G P Singh

ABOUT THE AUTHOR

...view details