অসম

assam

ETV Bharat / state

সুৰাপান কৰি চালকৰ আসনত নবহিব, ৰৈ আছে অসম আৰক্ষী - NOT TO DRINK AND DRIVE

পুৰণি বৰ্ষটোক বিদায় দি নতুন বৰ্ষটোক আদৰোতে সাবধান হওক । ঘৰৰ পৰা বাহনখন লৈ ওলাই যাওতে সাৱধান । কিয়নো পদূলিতে হয়তো ৰৈ আছে আৰক্ষী ।

Assam Police appeal to people not to drink and drive and follow vehicle act
সুৰাপায়ী চালক নাকী লগাবলৈ সাজু হৈছে গুৱাহাটী আৰক্ষী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 31, 2024, 7:23 PM IST

গুৱাহাটী:নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে সমগ্ৰ দেশবাসী । ৰাজ্যতো দেখা গৈছে উখল-মাখল পৰিৱেশ । ইফালে নৱবৰ্ষক আদৰাৰ নামত যাতে ৰাজ্যত কোনো অঘটন নঘটে তাৰবাবে সাজু হৈছে অসম আৰক্ষী । অলিয়ে-গলিয়ে বহুৱাইছে নাকা চেকিং । সততে দেখা যায় যে কোনো উৎসৱ আদিত সংঘটিত পথ দুৰ্ঘটনা । সেয়ে বিগত কেইবাটাও বৰ্ষৰ দৰে এইবাৰো পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ সাজু হৈছে পৰিবহন বিভাগ তথা অসম আৰক্ষী । গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত সষ্টম হৈছে আৰক্ষী ।

সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী:

সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰি গুৱাহাটী মহানগৰীত বহুৱাইছে নাকা চেকিং । ইতিমধ্যে সামাজিক মাধ্যমযোগে অসম আৰক্ষীয়ে সুৰাপায়ী চালক তথা সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টি কৰাও পৰিলক্ষিত হৈছে ।

সুৰাপায়ী চালক নাকী লগাবলৈ সাজু হৈছে গুৱাহাটী আৰক্ষী (ETV Bharat Assam)

বলীউডৰ ছবিৰ নাম সংলাপ ব্যৱহাৰ কৰি প্ৰয়াস কৰিছে সজাগতা সৃষ্টিৰ । নতুন বছৰটোক আদৰিবলৈ তথা ৩১ ডিচেম্বৰত পুৰণি বৰ্ষটোক বিদায় দিয়াৰ আনন্দৰ নামত সুৰাপান কৰি উশৃংখল নকৰিবলৈ আহ্বান অসম আৰক্ষীৰ ।

পাৰ্থসাৰথি মহন্তৰ আহ্বান:

অসম আৰক্ষীৰ আই জি পি পাৰ্থসাৰথি মহন্তইয়ো এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় ,"পথ সুৰক্ষা অতি গুৰুত্বপূৰ্ণ বিষয় । এই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে নিজে তদাৰক কৰি আছে । বনভোজ আৰম্ভ হোৱাৰ লগে লগে বিশেষ উদ্যোগ লোৱা হৈছে । পথ সুৰক্ষা পালন কৰি আমি কিদৰে সুৰক্ষিত হৈ থাকিব পাৰো । আজি যিহেতু এটা বিশেষ দিন ৩১ ডিচেম্বৰ । আজিৰ দিনটোত নতুন বছৰক আদৰিবলৈ ৰাইজ ৰৈ থাকে। ৰাইজে আনন্দ ফুৰ্তি কৰিব বিচাৰে । গতিকে নিজৰ আৰু আনৰ হানি বিঘনি নোহোৱাকৈ সকলোৱে আনন্দ কৰক ।"

তেওঁ লগতে কয়,"সকলোৱে পথ সুৰক্ষাৰ নিয়ম মানি গাড়ী চলাওক । গাড়ী চালক আৰু আৰোহীয়ে চিটবেল্ট পৰিধান কৰি চলাব লাগিব বাহন । কোনোৱে সুৰাপান কৰি চলাব নোৱাৰিব বাহন । কিয়নো মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে তালাচী চলাব ।" দ্ৰুতগতিত বাহন নচলাবলৈ আহ্বান আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তৰ । ইফালে তেওঁ মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে নতুন দায়িত্ব সন্দৰ্ভত কয়,"এতিয়া লৈকে নতুন দায়িত্বভাৰ গ্ৰহণ কৰা নাই । আৰক্ষীৰ সালসলনি হৈছে আৰু হৈ থাকে । আগতে যিদৰে ভাল কাম হৈ আছে এতিয়াও হৈ থাকিব । জনতাৰ হকে কামসমূহ কৰি যাম ।"

লগতে পঢ়ক:কাজিৰঙাত জীপচী চাফাৰীৰ পূৰ্বে সাৱধান হওক, সুৰামত্ত জীপচী চালকৰ বাবে দুৰ্ঘটনা - KAZIRANGA NATIONAL PARK

শিলচৰত সুৰামত্ত চালকে মহতিয়াই নিলে ১০ জনৰো অধিক লোকক - Hit and run incident in Silchar - HIT AND RUN INCIDENT IN SILCHAR

ABOUT THE AUTHOR

...view details