গুৱাহাটী:মহাকুম্ভৰ পদপিষ্টৰ ঘটনাত কেইবাগৰাকী ভক্তই প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছে বহুতো । এই শোকাৱহ ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ ভিতৰত অসমৰো এজন ভক্ত আছে ।
পদপিষ্ট হৈ নিহত হৈছে হাইলাকান্দিৰ ব্যৱসায়ী নীতি ৰঞ্জন পাল । পৰিয়ালৰ সূত্ৰে লাভ কৰা তথ্য় অনুসৰি হাইলাকান্দিৰ এইগৰাকী ব্য়ৱসায়ীয়ে মৌনী অমাৱস্যাত অমৃত স্নান কৰিবলৈ গৈছিল ত্ৰিবেনী সংগমলৈ ।
আনহাতে, প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হোৱা অসমৰ মহাপুৰুষীয়া সমাজৰ অন্যতম আধাৰস্বৰূপ নামঘৰত থকা ভকত-বাপসকল সুৰক্ষিত অৱস্থাত থকা বুলি জানিব পৰা গৈছে । যোৱা ২২ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ প্ৰদৰ্শিত হৈছে ভাওনা, সত্ৰীয়া সংস্কৃতিৰ লগতে অখণ্ড ভাগৱত পাঠ ৷ ইয়াত অংশগ্ৰহণ কৰে উত্তৰ-পূৰ্বাঞ্চলৰ ১২৮ গৰাকী সন্ত, সত্ৰাধিকাৰ তথা ধৰ্মীয়গুৰুৱে ৷ অসমৰ পৰা ৬০ গৰাকী ধৰ্মীয় গুৰুৱে ইয়াত অংশগ্ৰহণ কৰিছে ।