গুৱাহাটী, 29 জুন: ষ্টাফ কলেজত জনস্বাস্থ্য কাৰিকৰী বিভাগে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে জল জীৱন মিছন কৰ্মশালাৰ । শুকুৰবাৰে জল জীৱন মিছন আৰু ’ARGHYAM’ ৰ মাজত স্বাক্ষৰিত হয় বুজাবুজিৰ স্বাক্ষৰ । অনুষ্ঠানত উপস্থিত থাকে জল জীৱন মিছনৰ অভিযন্তা বিষয়াসকলৰ লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ।
এই কৰ্মশালাত উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, "বৰ্তমানলৈকে 28 হাজাৰ আঁচনিৰ প্ৰায় 12 হাজাৰ আঁচনি সম্পূৰ্ণ কৰা হৈছে । আজি সেই 12 হাজাৰ আঁচনি কেনেকৈ পাব্লিক ডমেইনত আনিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হৈছে । অতি কমদিনৰ ভিতৰত সকলো আঁচনিয়েই পাব্লিক ডমেইনত থাকিব । আঁচনিসমূহৰ সকলো তথ্য থাকিব পাব্লিক ডমেইনত । কিছুমান অভিযন্তাৰ মনোবল ভাঙি পৰা পৰিলক্ষিত হৈছিল । একাংশ অভিযন্তাৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ উত্থাপিত হৈছে তাৰ বিৰুদ্ধে বিভাগীয় তদন্ত হৈছে ।"
সংবাদ মাধ্যমৰ ভূমিকাক সমালোচনা কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, "কিছুমান আঁচনি সম্পূৰ্ণ নৌহওঁতে স্থানীয় সাংবাদিকে নিউজ সম্প্ৰচাৰ কৰিছে ।"