গুৱাহাটী, ১১ মার্চ: মঙলবাৰৰ পৰা আৰম্ভ হ’ব ইছলাম ধর্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান । পৱিত্ৰ ৰমজান ৰোজাৰ চেহৰী আজিৰে পৰা আৰম্ভ হ'ব । সমগ্র দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চল তথা অসমতো ইছলাম ধর্মাৱলম্বী লোকসকলে উপবাসে থাকি ৰোজা পালন কৰিব । ৰমজানক কেন্দ্ৰ কৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ-উদ্দীপনা বৃদ্ধি পাইছে । মুছলমান সম্প্ৰদায়ে এই পবিত্ৰ মাহটোক এক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে । ই হৈছে প্ৰাৰ্থনা আৰু সংযম, দিনজোৰা উপবাস আৰু প্ৰিয়জনৰ সৈতে অতিবাহিত কৰা সময় ।
মছজিদ কম্পেক্স ট্ৰেডাৰ্চ ৱেলফেয়াৰ ছ’চাইটি (ইণ্ডিয়া)ৰ সাধাৰণ সম্পাদক নেকিব ইমান শইকীয়াই কয়, "সোমবাৰে সন্ধিয়া আকাশত ৰমজানৰ জোন দৃশ্যমান হ'লে আজিৰে পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰমজানৰ ৰোজা পালন কৰিব । অৱশ্যে আজি অসমৰ আকাশত শতকৰা ৯৯% ৰমজানৰ জোন দেখাৰ সম্ভাৱনা আছে ।"