অসম

assam

অসমৰ মুছলমান বিবাহ আইন বাতিল: ১৩ আগষ্টত চূড়ান্ত শুনানি - Assam Muslim Marriage act

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 2:57 PM IST

Muslim Marriage and Divorce Act : আদালতত অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন বাতিলৰ শুনানি । শপতনামা দাখিলৰ সময় বিচাৰিলে ৰাজ্য চৰকাৰে । ১৩ আগষ্টত চূড়ান্ত দিন নিৰ্ধাৰণ আদালতৰ ।

Muslim Marriage and Divorce Act
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat File Photo)

গুৱাহাটী, ১ আগষ্ট :মুছলমান লোকৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে ৰাজ্যত থকা ১৯৩৫ চনৰ অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইনখন বাতিল কৰা বিষয়ক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত বৃহস্পতিবাৰে পুনৰ শুনানি গ্ৰহণ হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে এই গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰে ।

উল্লেখ্য যে মুছলমান লোকৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে ৰাজ্যত থকা ১৯৩৫ চনৰ অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইনখন বাতিল কৰা বিষয়ক লৈ ১ আগষ্টৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ আদালতে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছিল । অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন ১৯৩৫ বাতিলৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে গ্রহণ কৰা সিদ্ধান্ত আৰু তাৰ পৰৱৰ্তী সময়ত জাৰি কৰা অধ্যাদেশক প্রত্যাহ্বান জনাই সদৌ অসম কাজী সন্থাই এখন লেখ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ।

পূৰ্বতে শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে এই সন্দৰ্ভত এমাহ পূৰ্বে শুনানি গ্ৰহণ কৰি এই সন্দৰ্ভত চৰকাৰৰ পৰা উত্তৰ বিচাৰি ২২ জুনৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ আদালতে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছিল । কিন্তু ৰাজ্য চৰকাৰে শপতনামা দাখিল কৰা নাছিল ।

উল্লেখ্য যে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলৱৎ কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্য চৰকাৰে যোৱা ২৪ ফেব্ৰুৱাৰীৰ কেবিনেটত উল্লিখিত আইনখন বাতিলৰ প্ৰস্তাৱত অনুমোদন জনাইছিল । তাৰ পাচত যোৱা ১৫ মাৰ্চত ৰাজ্যপালে অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন প্রত্যাহাৰৰ বাবে অধ্যাদেশ জাৰি কৰে।

আনহাতে, চৰকাৰৰ সিদ্ধান্ত আৰু অধ্যাদেশক প্রত্যাহ্বান জনোৱা কাজী সন্থাই পুৰণি আইনখন প্ৰত্যাহাৰৰ পাচত আৰু নতুন আইন নকৰালৈকে এই সময়ছোৱাত মুছলমান লোকসকলৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে এক বিকল্প ব্যৱস্থাৰ বাবে আদালতৰপৰা অন্তৰ্ৱৰ্তী আদেশ বিচাৰিছিল যদিও বিচাৰপীঠে লোকসভা নিৰ্বাচনৰ আচৰণ বিধি বলৱৎ হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি এনে কোনো অন্তৰ্ৱর্তী আদেশ দিবলৈ অমান্তি হৈছিল ।

বৃহস্পতিবাৰৰ শুনানি সন্দৰ্ভত গোচৰীয়া পক্ষৰ অধিবক্তা জুনেইদ খালিদে কয় যে এই শুনানিত চৰকাৰী পক্ষই এই সন্দৰ্ভত কোনো শপতনামা দাখিল নকৰিলে । যাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে চৰকাৰী পক্ষক ১৩ আগষ্টৰ ভিতৰত এই সন্দৰ্ভত শপতনামা দাখিল কৰাৰ বাবে চূড়ান্ত সময় নিৰ্ধাৰণ কৰি দিয়ে ।

তেওঁ লগতে জনায় যে এই সময়ছোৱাত মুছলমান লোকসকলৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে এক বিকল্প ব্যৱস্থাৰ বাবে আদালতৰ পৰা অন্তৰ্ৱৰ্তী আদেশ বিচাৰিছিল যদিও বিচাৰপীঠে কোনো অন্তৰ্ৱর্তী আদেশ দিয়া নাই । গতিকে অহা ১৩ আগষ্টৰ শুনানিৰ পিচতে আদালতে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব ।

লগতে পঢ়ক :অসম মুছলমান বিবাহ আইন বাতিল: 1 আগষ্টৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ - Assam Muslim Marriage Act
লগতে পঢ়ক :মুছলিম বিবাহ-তালাক আইন বাহাল ৰখাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ - MUSLIM MARRIAGE AND DIVORCE ACT

ABOUT THE AUTHOR

...view details