অসম

assam

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 6:55 PM IST

ETV Bharat / state

গুৱাহাটীৰ বান ৰোধৰ বাবে মেঘালয়-অসমৰ যৌথ বিশেষজ্ঞ সমিতি : ৰুৰকী আই টি টি আৰু নেডাৰলেণ্ডৰ কোম্পানীক দায়িত্ব - Guwahati Artificial Flood

Expert committee for Guwahati flood : গুৱাহাটীৰ বান ৰোধৰ বাবে মেঘালয় আৰু অসম চৰকাৰৰ যৌথ উদ্যাগ ৷ গঠন কৰা হ’ব যৌথ বিশেষজ্ঞ সমিতি ৷ আই টি গুৱাহাটী, আই‌ আই‌ টি ৰুৰকী আৰু নেডাৰলেণ্ডৰ কোম্পানীৰ সৈতে চুক্তি ৷

GUWAHATI ARTIFICIAL FLOOD
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ২১ আগষ্ট :গুৱাহাটীৰ বান ৰোধ কৰাৰ ক্ষেত্ৰত মেঘালয় আৰু অসম চৰকাৰে যৌথভাৱে সমাধান কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে । গুৱাহাটীত বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

দিছপুৰত সাংবাদিকক সম্বোধন কৰি ড৹ শৰ্মাই কয়, ‘‘গুৱাহাটীৰ বানৰ ক্ষেত্ৰত মেঘালয়ৰ‌ মুখ্যমন্ত্ৰী উদ্বিগ্ন হৈছে । ইউ এছ টি এমৰ দৰে উভতি ধৰা নাই । গুৱাহাটীৰ বান ৰোধ কৰাৰ বাবে মেঘালয়ৰ‌ মুখ্যমন্ত্ৰীয়ে আগ্ৰহ প্ৰকাশ কৰিছে । তেওঁৰ লগত আলোচনা কৰিছো । মেঘালয়ৰ‌ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ বানৰ ক্ষেত্ৰত অসম আৰু মেঘালয়ৰ বিশেষজ্ঞলৈ এখন যৌথ বিশেষজ্ঞ কমিটী গঠন‌ কৰাৰ প্ৰস্তাৱ দিছে । এই‌ক্ষেত্ৰত অসম চৰকাৰে সহাৰি দিছে ৷ গতিকে গুৱাহাটীৰ বান ৰোধৰ ক্ষেত্ৰত অসম আৰু মেঘালয়ৰ বিশেষজ্ঞ লৈ গঠন‌ কৰিবলগীয়া বিশেষজ্ঞ কমিটীয়ে যৌথভাৱে কাম কৰিব ৷’’

ইপিনে মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানীৰ বাবে গুৱাহাটীত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ গুৱাহাটীৰ বান ৰোধৰ বাবে আই আই টি গুৱাহাটী আৰু আই‌ আই‌ টি ৰুৰকী আৰু নেডাৰলেণ্ডৰ কোম্পানীৰ সৈতে চুক্তি হ'ব । সেইমতে পৰিকল্পনা প্ৰস্তুত কৰা হ'ব । সেই অনুসৰি তিনি বছৰৰ ভিতৰত গুৱাহাটীৰ বান প্ৰতিৰোধ কৰা হ’ব ৷ মুখ্যতঃ যোৰাবাট আৰু খানাপাৰাত জমা হোৱা পানী বিশেষ নলাৰ জৰিয়তে দীপৰ বিল আৰু শিলসাঁকোৰ বিলত পেলোৱাৰ ব্যৱস্থা কৰা হ’ব ।’’

পুনৰ ইউ এছ টি এমৰ প্ৰসংগ টানি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ যদিও অসমৰ বহু পলিটিকেল লীডাৰে ইউ এছ টি এম ক বচোৱাত লাগি গ’ল, মেঘালয় চৰকাৰে কিন্তু ইউ এছ টি এমক বচোৱা নাই ৷ মেঘালয়ৰ চৰকাৰে মোক কৈছে যে দুখন বিশেষজ্ঞ সমিতি আমি কৰি লওঁ, আপোনালোকৰ মানুহ আৰু আমাৰ মানুহ যৌথভাৱে ৷’’

লগতে পঢ়ক :অসমৰ বাহিৰত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে চাকৰিৰ ক্ষেত্ৰত হ’ব অতিৰিক্ত পৰীক্ষা

সম্পত্তিৰ উইল জনোৱাৰ পৰিৱৰ্তে বিৰোধীৰ সম্পত্তিৰ হিচাপ বিচাৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details