অসম

assam

ETV Bharat / state

কেন্দ্ৰীয় বাজেটক হতাশাজনক আখ্যা অজাপ আৰু আপৰ - UNION BUDGET 2025

কেন্দ্ৰীয় বাজেটক নিৰাশা আৰু হতাশাজনক বাজেট বুলি আখ্যা দিলে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

Assam Jatiya Parishad and AAP reacts on Union Budget 2025
কেন্দ্ৰীয় বাজেটক লৈ প্ৰতিক্ৰিয়া (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 2, 2025, 10:26 AM IST

ডিব্ৰুগড়/ গুৱাহাটী : শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰা কেন্দ্ৰীয় বাজেটত অসমৰ নামৰূপ সাৰ কাৰখাানাত এটি নতুন গোট স্থাপনৰ প্ৰস্তাৱ কৰা কথাটোৰ আন্তৰিকতাত সন্দেহ ব্যক্ত কৰিছে অসম জাতীয় পৰিষদ চমুকৈ অজাপই । এই সন্দৰ্ভত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

তেওঁলোকে কয়, "বিত্তমন্ত্ৰীয়ে নিজৰ বাজেট ভাষণত বছৰি ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ কৰিব পৰাকৈ নামৰূপত এটা নতুন গোট স্থাপন কৰিব বুলি ঘোষণা কৰিছে । কিন্তু এইটোয়েই পূৰ্বে ঘোষণা কৰা চতুৰ্থ গোটটো হয়নে নহয়, সেইটো স্পষ্টকৈ কোৱা নাই । লগতে উক্ত গোট স্থাপনৰ বাবে কিমান টকা ধাৰ্য কৰিছে সেইটোও কোৱা নাই । বাজেট ভাষণৰ অৰ্থই হৈছে টকা ধাৰ্য কৰা । কিন্তু নামৰূপৰ চতুৰ্থটো গোটত টকা ধাৰ্য কৰা সন্দৰ্ভত বিত্তমন্ত্ৰীয়ে স্পষ্টকৈ একো কোৱা নাই । গতিকে তেওঁৰ কথাটোত আমি আশ্বস্ত হ'ব পৰা নাই । কাৰণ ইয়াৰ পূৰ্বে তিনিবাৰ তিনিগৰাকী গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰীয়ে নামৰূপত চতুৰ্থটো গোট স্থাপনৰ ঘোষণা কৰিছিল ।’’

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

‘‘২০১৭ চনত তেতিয়াৰ কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী সুৰেশ প্ৰভুয়ে, ২০২০ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়াই আৰু ২০২১ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী মনছুখ মাণ্ডব্যই চতুৰ্থটো গোট স্থাপনৰ ঘোষণা কৰিছিল । কিন্তু এটাও কাৰ্যত ৰূপায়িত নহ'ল । গতিকে বাজেট ধাৰ্য নকৰাকৈ সাৰ কাৰখানাৰ নতুন গোট স্থাপনৰ প্ৰস্তাৱ কিমান বাস্তৱসন্মত, সেয়া এতিয়াই কোৱা টান ।" অজাপৰ নেতাদ্বয়ে কয় ৷

লগতে পঢ়ক :কেন্দ্ৰীয় বাজেট ২০২৫ : কি কি সামগ্ৰীৰ দাম বাঢ়িল বা কমিল

নেতাদ্বয়ে লগতে কয়, "আজিৰ কেন্দ্ৰীয় বাজেটখনত নতুনত্ব বুলিবলৈ একো নাই । এখন হতাশাজনক আৰু নতুনত্বহীন বাজেট । বাজেটখনত ভাৰতীয় মানুহৰ অৰ্থনৈতিক হতাশাৰ ছবিখন স্পষ্ট ৰূপত প্ৰকট হৈ পৰিছে৷ অৰ্থনৈতিক স্থিতি শক্তিশালী কৰিবলৈ চৰকাৰৰ বাস্তৱসন্মত নীতি নাই । কৃষক আৰু নিম্ন মধ্যবিত্তৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰিব পৰা নাই এই বাজেটে । দেশৰ ১৪০ কোটি জনগণৰ ৮০ কোটি জনতাক এতিয়াও বিনামূলীয়াকৈ ৰেচন যোগান ধৰিব লাগে । অৰ্থাৎ দেশত দৰিদ্ৰতা এইটো স্তৰত আছে । এনে অৱস্থাত আজিৰ বাজেটে দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে কোনো ধৰণৰ আশা কঢ়িয়াব নোৱাৰিলে ৷"

বাজেট সন্দৰ্ভত নেতাদ্বয়ে কয়, "এইবাৰৰ কেন্দ্ৰীয় বাজেটখন দেশৰ জনসাধাৰণৰ কল্যাণৰ উদ্দেশ্যে প্ৰস্তুত কৰা বাজেট হোৱা নাই । বৰং এইখন বিজেপি দলৰ নিৰ্বাচনী লক্ষ্য পূৰণৰ অৰ্থে বিহাৰমুখী বাজেটহে হৈছে । বিহাৰৰ বাবে বিভিন্ন আঁচনি আৰু প্ৰকল্প আগবঢ়োৱা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিত্ত মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ বাবে নামৰূপ সাৰ কাৰখানাৰ বিষয়ে কৰা অস্পষ্ট ঘোষণাৰ বাহিৰে আন একো উপহাৰ আগবঢ়োৱাৰ আন্তৰিকতা প্ৰদৰ্শন নকৰিলে ।’’

লগতে পঢ়ক :নামৰূপত স্থাপন হ'ব ইউৰিয়া প্ৰকল্প: বাজেটত ঘোষণা বিত্তমন্ত্ৰীৰ

‘‘বাজেটত ঋণৰ বোজাত ককবকাই থকা দেশবাসীৰ বাবে কিছুমান চমক সৃষ্টিকাৰী ঘোষণাৰ বাহিৰে আন একো নাই । দেশৰ জনতাই উৎপাদনমুখী এখন বাজেট আশা কৰিছিল । কিন্তু সেয়া পোৱা নগ’ল। উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও বিশেষ পেকেজ নাথাকিল আজিৰ বাজেটত। আনকি বিত্তমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ নামটোকে উচ্চাৰণ নকৰিলে। এইবাৰৰ বাজেটত সামাজিক ন্যায়, নিবনুৱা সমস্যা আদি মৌলিক বিষয়সমূহক লৈ কোনো পৰিকল্পনা দেখা নগ'ল ।’’ নেতাদ্বয়ে কয় ৷

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ (ETV Bharat)

‘‘দৰিদ্ৰ তথা মধ্যবিত্তৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰা কোনো বিষয়ৰ উল্লেখ নাথাকিল এই বাজেটত। কেৱল পুঁজিপতিক সন্তুষ্ট কৰিবলৈ প্ৰস্তুত কৰা এই বাজেটত 'পি পি পি মুড'ক শক্তিশালী কৰি পুঁজিপতিসকলক উপকৃত কৰা আৰু চৰকাৰী সম্পদৰ ব্যক্তিগতকৰণৰ নীতিক উৎসাহিত কৰাটোহে প্ৰতিফলিত হৈছে । মুঠতে দেশৰ মৌলিক সমস্যাসমূহ দূৰীকৰণৰ বাবে চৰকাৰৰ যে কোনো ধৰণৰ সুস্পষ্ট তথা বিজ্ঞানসন্মত নীতি নাই সেয়া এই বাজেটেই প্ৰমাণ কৰিলে ।" নেতাদ্বয়ে কয় ৷

অজাপই এইবাৰৰ বাজেটক সামগ্ৰিকভাৱে চৰ্বিত-চৰ্বণ বাজেট আখ্যা দিয়ে ।

লগতে পঢ়ক :আয়কৰত ডাঙৰ পৰিৱৰ্তন : বছৰি ১২ লাখ পৰ্যন্ত আয়ৰ ওপৰত নাথাকিব কোনো কৰ
  • বাজেটক লৈ আশাবাদী নহয় আম আদমী পাৰ্টী :

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে সংসদত দাখিল কৰা কেন্দ্ৰীয় বাজেটক লৈ সুখী নহয় আম আদমী পাৰ্টী চমুকৈ আপ । এই সন্দৰ্ভত 'আপ'ৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "অসমৰ অন্যতম ৰাজহুৱাখণ্ডৰ উদ্যোগ অ' এন জি চি আৰু ক'য়েল ইণ্ডিয়াৰ বাবে কেন্দ্ৰীয় বাজেটত একো নাই । প্ৰস্তাৱিত ইউৰিয়া সাৰ প্ৰকল্পৰ বাহিৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ বাবে বিত্তমন্ত্ৰীয়ে একো বিবেচনা নকৰিলে ।’’

ৰাজেশ শৰ্মাই কয়, ‘‘অসমৰ নিবনুৱাৰ সংস্থাপন, শৈক্ষিক আৰু স্বাস্থ্যখণ্ডৰ উন্নয়নত বিত্তমন্ত্ৰী সীতাৰমণে গুৰুত্ব আৰোপ নকৰিলে । ৰাজ্যখনত থকা কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত কোনো পুঁজি ধাৰ্য কৰা নহ'ল । এই বাজেট অসমবাসীক কেন্দ্ৰীয় চৰকাৰে কৰা বঞ্চনাৰ দস্তাবেজ স্বৰূপ ।’’

‘‘বাজেটত সমগ্ৰ দেশতে নতুনকৈ ১২০ টা বিমানবন্দৰ স্থাপনৰ কথা কোৱা হৈছে । কিন্তু এই ক্ষেত্ৰত অসমক বঞ্চিত কৰা হ'ল কিয় ? উত্তৰ-পূব ভাৰতত অসামৰিক বিমান পৰিবহন খণ্ডৰ উন্নয়নৰ যথেষ্ট থল আছিল, কিন্তু কেন্দ্ৰীয় বিত্ত বাজেটত এই দিশটো অৱহেলা কৰা হৈছে ।’’ শৰ্মাই কয় ৷

‘‘অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সাধাৰণ মানুহৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উড়ান আঁচনিৰ অধীনত ন্যূনতম নিৰিখত বিমান সেৱাৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন । বিত্তমন্ত্ৰীৰ এই ক্ষেত্ৰত কোনো সদিচ্ছা দেখা নগ'ল । অসমবাসীৰ সপোন সপোন হৈয়েই থাকিল । থোৰতে এই বাজেট মাথোঁ বাৰ্ষিক পৰম্পৰা ৰক্ষা কৰি সংসদত উপস্থাপন কৰা ভেকোঁভাওনাৰ নামান্তৰহে ।" ৰাজেশ শৰ্মাই কয় ৷

লগতে পঢ়ক :বাজেটত নামৰূপ সাৰ কাৰখানাৰ নতুন গোট ঘোষণা: বিভিন্ন পক্ষৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details