উল্লেখ্য যে পূৰ্বৰ অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিলুপ্তি ঘটাই ৰাজ্য চৰকাৰে গঠন কৰিছিল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ । নতুন শিক্ষা পৰিষদৰ অধীনত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা । ৰাজ্যখনৰ ৮৫৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব ।
এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বমুঠ ৩,০৬,৯২৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । ইয়াৰ ভিতৰত ১ ৪৪,৫০২ জন ছাত্র আৰু ১,৬২,৪২৩ গৰাকী ছাত্রী । কলা শাখাত ২,৩০,০৯১, বিজ্ঞান শাখাত ৫৭,৭২৪, বাণিজ্য শাখাত ১৭,৮৬৯ আৰু বৃত্তিমূলক শাখাত ১,২৪১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সৰ্বমুঠ ৪৫ টা মূল্যায়ন কেন্দ্ৰ স্থাপন কৰিছে ।
১৫ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা
আনহাতে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা পৰিষদৰ অধীনতে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় প্রস্তুতিৰ অন্তিম ৰূপ দিছে পৰিষদে । নতুন শিক্ষা পৰিষদৰ অধীনত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যখনৰ ৯৪৪ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ।
এই পৰীক্ষাত সৰ্বমুঠ ৪,২৯,৪৪৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । ইয়াৰ ভিতৰত ১,৯০,৬৫৩ জন ছাত্র আৰু ২,৩৮,৭৯৫ গৰাকী ছাত্রী । মুঠ মূল্যায়ন কেন্দ্ৰ ৪২ টা । প্রথম দিনা পুৱা ৯ বজাৰ পৰা ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব ।