গুৱাহাটী, ১৯ মে’ : সকলো লোকৰে দুচকীয়া নাইবা চাৰিচকীয়া পছন্দৰ এখন বাহন ক্ৰয়ৰ সপোন থাকে । কিন্তু আৰ্থিক সমস্যাৰ বাবে বহুতৰে সেই সপোন পূৰণ নহয় । বেংকৰ ফাইনেন্সৰ যোগেদি বহুতে নিজৰ সপোনক সাৰ্থকতা প্ৰদান কৰে যদিও সকলোৰে বাবে সেয়া সামৰ্থৰ বাহিৰত । কাৰণ বহুতেই বেংকৰ ঋণ পোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহয় তথা সামৰ্থ নাথাকে ।
তেনেস্থলত সেইসকল লোকৰ পছন্দৰ বাহন এখন ক্ৰয়ৰ সপোনে সাৰ্থকতা লাভ নকৰে । কিন্তু এতিয়া চিন্তা নাই । কাৰণ এই ক্ষেত্ৰত অসম চৰকাৰে আনিছে এক বিশেষ আঁচনি । সাধাৰণ জনতাই যাতে পচন্দৰ বাহন এখন ক্ৰয় কৰিব পাৰে তাৰ বাবে অসম চৰকাৰে আনিছে 'আপোন বাহন আঁচনি-২০২৪' নামৰ এখন বিশেষ আঁচনি । এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি আপুনিও ক্ৰয় কৰিব পাৰিব নিজৰ পছন্দৰ বাহন ।
কি এই আপোন বাহন আঁচনি ?
আপোন বাহন আঁচনি অসম-২০২৪ অসম চৰকাৰে অসমৰ নাগৰিকসকলৰ বাবে গ্ৰহণ কৰা এক বিশেষ পদক্ষেপ । ৰাজ্য চৰকাৰৰ এই আঁচনিখনৰ যোগেদি সহজে ব্যক্তিগত আৰু চৰকাৰী বেংকলৈ গৈ ঋণ ল'ব পাৰিব । আনহাতে এই আঁচনিৰ অধীনত বাহন ক্ৰয়ৰ বাবে ঋণ অতি কম সুতৰ হাৰৰ সৈতে প্ৰদান কৰা হৈছে । এই আঁচনিৰ যোগেদি ১৫ লাখ টকা লৈকে বাহন ক্ৰয়ৰ ক্ষেত্ৰত অতি কম সুতত ঋণ লাভ কৰিব পাৰিব । ঋণৰ ৰাজসাহায্যৰ হাৰ ২-৩ শতাংশ ।
আপোন বাহন আঁচনি অসমৰ বাবে প্ৰয়োজনীয় যোগ্যতা :