অসম

assam

ETV Bharat / state

কোটি টকা ব্যয়েৰে গুৱাহাটীত সংস্থাপন হ'ব ২০০০ টা CCTV কেমেৰা, ৭৫০ স্থান চিহ্নিত

CCTV cameras: ১৭৮কোটি টকা ব্যয়েৰে গুৱাহাটীত সংস্থাপন কৰা হ'ব ২০০০টা CCTV কেমেৰা ৷ তথ্য মতে, CCTV কেমেৰাৰ বাবে ইতিমধ্যে ৭৫০ স্থান চিহ্নিত কৰা হৈছে ৷

By ETV Bharat Assamese Team

Published : 11 hours ago

CCTV cameras
গুৱাহাটী স্মার্ট চিটী (ETV Bharat)

গুৱাহাটী :নিৰাপত্তাৰ বাবে ৰাজহুৱা স্থানত বিশেষকৈ বানিজ্যিক প্ৰতিষ্ঠান, অট্টালিকা আদিত চি চি টি ভি কেমেৰা স্থাপন বাধ্যতামূলক কৰি অসম চৰকাৰে যোৱা বছৰ The Assam public safety measures enforcement, ২০২৩ শীৰ্ষক আইন গৃহীত কৰিছিল । কিন্তু খোদ অসম চৰকাৰে স্মাৰ্ট চিটী গুৱাহাটীবাসীৰ নিৰাপত্তাৰ বাবে ৰাজহুৱা স্থানত চি চি টি ভি কেমেৰা স্থাপন কৰিব পৰা নাই ।

অপৰাধমূলক কার্যকলাপ ৰোধ কৰিব পৰাকৈ মহানগৰীৰ প্ৰধান পথ, ৰাজহুৱা স্থান, বাছষ্টেণ্ড, বজাৰ, অফিচ-কাছাৰী, শিক্ষা প্ৰতিষ্ঠান, ধর্মীয় উপাসনাস্থলী আদিৰ আশে-পাশে পর্যাপ্ত চি চি টিভি কেমেৰা সংস্থাপনৰ প্ৰয়োজন । কিন্তু সেয়া হৈ উঠা নাই ।

গুৱাহাটী স্মার্ট চিটী (ETV Bharat)
  • পূৰ্বৰ ২৯০ টা চি চি টিভি কেমেৰা বিকল :

২০১৫ চনত অসম আৰক্ষীয়ে মহানগৰখনত আৰক্ষীয়ে ১১ টা স্থানত ২৯০ টা চি চি টিভি কেমেৰা সংস্থাপন কৰিছিল যদিও ইয়াৰে অধিকাংশ বর্তমান বিকল হৈ পৰি আছে । যিসমূহ ভালে আছে সেইবোৰ বিশেষ কাৰ্যক্ষম নহয় । এই চি চি টি ভিসমূহ উন্নত মানৰ নাছিল ।

২০০ মিটাৰতকৈ অধিক এলেকাৰ দৃশ্য এই চি চি টি সমূহে আৱদ্ধ কৰিব নোৱাৰে । লগতে এইবোৰে আৱদ্ধ কৰা দৃশ্য ২৪ ঘন্টাৰ বেছি সময় ৰেকৰ্ডিং কৰি ৰাখিব নোৱাৰে । কেমেৰাবোৰে নিশা কাৰ্যক্ষম নহয় । যাৰ বাবে আৰম্ভণিৰ পৰা সংস্থাপন কৰা এই চি চি টিভি কেমেৰা বোৰ অপৰাধী চিনাক্ত কৰাৰ ক্ষেত্ৰত সক্ষম নাছিল ।

  • নতুনকৈ স্থাপন হ'ব ২০০০টা চি চি টিভি কেমেৰা :

যোৱা বছৰৰতে অসম কেবিনেটে গুৱাহাটীৰ ৰাজহুৱা স্থানত চি চি টি স্থাপনৰ বাবে ২৫০ কোটি টকাৰ অনুমোদন দিছিল । গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডক এই চি চি টি ভি কেমেৰা স্থাপনৰ দায়িত্ব দিয়া হৈছিল ।

এই সন্দৰ্ভত গুৱাহাটী স্মার্ট চিটী লিমিটেডৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্য মতে, গুৱাহাটী স্মার্ট চিটী লিমিটেডে মহানগৰীৰ অতি কমেও ৭৫০টা স্থানত প্ৰায় ১৭৮ কোটি টকা ব্যয়েৰে ২০০০টা চি চি টিভি কেমেৰা সংস্থাপনৰ এক আঁচনি গ্ৰহণ কৰিছে ।

গুৱাহাটী স্মার্ট চিটী লিমিটেডৰ কাৰ্যালয়ে দিয়া তথ্য মতে, মহানগৰীৰ জি এছ ৰোড অঞ্চলত দুৰ্গা পূজাৰ আগে আগে ১০০টা চি চি টিভি কেমেৰা সংস্থাপন কৰা হৈছে । এই কাম কৰিছে হানীৱেল অটোমেচন প্ৰাইভেট লিমিটেডে । এবছৰৰ ভিতৰত এই কাম সম্পূর্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে প্ৰতিষ্ঠানটোৱে ।

স্মার্ট চিটী লিমিটেডৰ কাৰ্যালয়ে দিয়া তথ্য মতে, বাকী ১৯০০টা চি চি টিভি কেমেৰা পৰ্যায়ক্ৰমে মহানগৰীৰ বিভিন্ন স্থানত লগোৱা হ'ব । ৫ বছৰৰ বাবে চি চি টিভি কেমেৰাসমূহ চোৱাচিতা প্ৰতিষ্ঠানটোৱে কৰিব ।

লগতে পঢ়ক :২০২৬ৰ পূ্ৰ্বেই পতন ঘটিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ: এই ভৱিষ্যদ্বাণী কাৰ ?

ABOUT THE AUTHOR

...view details