গুৱাহাটী, ১৬ জুন : বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যৰ কেইবাখনো জিলাত সৃষ্টি কৰা ভয়াৱহ বান পৰিস্থিতি বৰ্তমান উন্নত হৈছে যদিও পুনৰ প্ৰৱল বৃষ্টিপাতে পৰিস্থিতিৰ অবনতি ঘটোৱাৰ আশংকা কৰা হৈছে । গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত হোৱা নেৰানেপেৰা বৰষুণে ব্যাহত কৰি তোলিছে স্বাভাৱিক জীৱনযাত্রা ।
ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আগন্তুক চাৰি-পাঁচদিন প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে । ধুবুৰী, বঙাইগাঁও, বৰপেটাত ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং আৰু বাক্সাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ।
সেইদৰে বজালী, তামুলপুৰ, ওদালগুৰি, মৰিগাঁও, নগাঁও আদি জিলাত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে । তেনেস্থলত ৰাজ্যৰ বান পৰিস্থিতি পুনৰ ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে । ইফালে সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে ৰাজ্য চৰকাৰে জিলা আয়ুক্তসকলক আগতীয়া যা-যোগাৰৰ ব্যৱস্থা ল'বলৈ ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ (এছ ডি আৰ এফ) অধীনত ১০০ কোটি টকা মোকলাই দিছে ।
লগতে পঢ়ক :বাৰিষা নহওঁতেই এজাক বৰষুণতেই বুৰিল বিহপুৰীয়া নগৰ - Bihpuria Flood
উক্ত পুঁজিৰে জিলা আয়ুক্তসকলে দুৰ্গতসকলৰ বাবে আশ্রয় শিবিৰ, পাৰিতোষিক সাহায্য আদিৰ ব্যৱস্থা কৰিব লাগিব । জিলাভেদে একোখন জিলাই দুই-তিনি কোটি টকাকৈ আগ ধন মঞ্জুৰি পাইছে । ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য মতে ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকক সাহায্যৰ বাবে এছ ডি আৰ এফ শিতানত পুঁজিৰ কোনো নাটনি হোৱা নাই ।