গুৱাহাটী, 31 জানুৱাৰী: অসমৰ আই এ এছ, এ চি এছ বিষয়াসকলক জৰুৰীভাৱে সম্পত্তিৰ তালিকা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য প্ৰশাসনে ৷ আয় বহির্ভূত সম্পত্তি আহৰণৰ গোচৰত ৰাজ্যত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ, দুর্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ে শেহতীয়াভাৱে ভালেসংখ্যক ৰাজপত্রিত বিষয়াক গ্রেপ্তাৰ কৰাৰ ঘটনাই ৰাজ্য জুৰি আলোড়নৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ তাৰ সমান্তৰালভাৱে অসম চৰকাৰৰ পাৰ্চনেল বিভাগে জাৰি কৰিছে এক বিশেষ নির্দেশনা ৷
এই নিৰ্দেশনাৰ পিছত ৰাজ্যৰ আইএএছ, এচিএছ বিষয়াৰ মাজত সৃষ্টি হৈছে চেপা উত্তেজনাৰ । ৰাজ্যত কৰ্মৰত আইএএছ আৰু এচিএছ বিষয়াসকলক বার্ষিক স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ তালিকা দাখিল কৰিবলৈ নির্দেশ দিছে পাৰ্চনেল বিভাগে । ৰাজ্য প্ৰশাসনৰ পার্চনেল বিভাগৰ যুটীয়া সচিবে জাৰি কৰিছে এই নিৰ্দেশনা ৷ শেহতীয়া এই নিৰ্দেশনাটোৰ জৰিয়তে 31 জানুৱাৰীৰ ভিতৰত আই এ এছ আৰু এ চি এছ বিষয়াসকলক আয়-ব্যয় তথা সম্পত্তিৰ সবিশেষ তথ্য চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ জৰুৰী নির্দেশ দিয়া হৈছে ।
কেৱল পার্চনেল বিভাগৰ দ্বাৰা আইএএছ, এচিএছ বিষয়াকেই নহয়, সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ গৃহ বিভাগেও আইপিএছ আৰু এপিএছ বিষয়াসকলকো বার্ষিক সা-সম্পত্তিৰ তথ্য দাখিল কৰিবলৈ নির্দেশনা জাৰি কৰিছে । নির্দেশনাটোত সম্পত্তিৰ তথ্য আইএএছ বিষয়াসকলে কেন্দ্রীয় ডিঅপিটি বিভাগৰ নির্দিষ্ট প'ৰ্টেলত আপলোড কৰিব লাগিব বুলিও স্পষ্ট কৰি দিয়া হৈছে ।
মন কৰিবলগীয়া যে, চৰকাৰী নীতি অনুসৰি ৰাজপত্ৰিত বিষয়া-আমোলাসকলে চৰকাৰক নিয়মিতভাৱে প্ৰতি বছৰ সম্পত্তিৰ হিচাব দাখিল কৰিব লাগে । কিন্তু কাৰ্যত দিখা যায় যে বৃহৎ সংখ্যক বিষয়াই কৌশলেৰে সম্পত্তিৰ তথ্য দাখিলৰ পৰা আঁতৰি চলে । অহা 5 ফেব্ৰুৱাৰীৰ পৰা অসম বিধান সভাৰ বাজেট অধিৱেশন ৷ তাৰ পূৰ্বে আইএএছ, এচিএছ আৰু এপিএছ, আইএএছ বিষয়াসকলক সম্পত্তিৰ হিচাব দাখিলৰ বাবে এই জৰুৰী নির্দেশনা জাৰি কৰিছে ।