গুৱাহাটী: “অহা ৭ ডিচেম্বৰত দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাৰ সৰু এটা সম্প্ৰসাৰণ হ’ব । সবিশেষ কাইলৈ বা পৰহিলৈ পাব । এজন হ’ব নে দুজন হ’ব দিল্লীত কথা পাতি সোনকালেই মই আপোনালোকক জনাম । " সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই দিল্লীত কেইবাদিনো ধৰি বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ঘোষণা কৰিলে এই কথা ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব বুলি ইতিমধ্যেই ঘোষণা কৰিছিল ৷ বৰাক উপত্যকাৰ পৰা এজন প্ৰতিনিধি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল । পৰিমল শুক্লবৈদ্য সাংসদ নিৰ্বিচন হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত বৰাকৰ প্ৰতিনিধি শূন্য হৈ আছিল ৷ তেনে পৰিপ্ৰেক্ষিতত বৰাকৰ এজন বিধায়কক মন্ত্ৰিত্ব প্ৰদান কৰাটো অৱধাৰিত হৈ পৰিছিল ৷
মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা সদৰী কৰি লগতে কয়,“বৰাকৰ পৰা নিশ্চিতভাৱে এজন অন্তৰ্ভুক্ত হ’ব ৷ এজন হয় নে দুজন হয় সেয়া মই আলোচনা কৰিব লাগিব ৷ ” মন্ত্ৰীসভাত এজন নে দুজন অন্তৰ্ভুক্ত কৰিব সেয়া বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণত লগ পাওতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে আলোচনা কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷