তেজপুৰ, 29 এপ্ৰিল :শোণিতপুৰ জিলাৰ ধীৰাই মাজুলী অঞ্চলত শনিবাৰে সংঘটিত হৈছিল এক শোকাৱহ ঘটনা ৷ হস্তী-মানৱৰ সংঘাতৰ ফলত মৃত্যু ঘটে তিনিজন লোকৰ ৷ বনৰীয়া হাতীয়ে হত্যা কৰা যতীন তাঁতি নামৰ লোকজনৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গক সাক্ষাৎ কৰে অসম চৰকাৰৰ মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰে । শোকসন্তপ্ত পৰিয়ালৰ কাষত উপস্থিত হৈ কুমাৰে বন বিভাগৰ পৰা 4 লাখ টকাৰ সাহাৰ্য দিয়া হ’ব বুলিও আশ্বাস প্ৰদান কৰে ৷
কুমাৰে শোণিতপুৰ জিলাৰ লগতে অসমত বন বিভাগৰ অতিৰিক্ত কেম্প তথা যৌথ বাহিনী প্রয়োগ কৰিব বুলিও মন্তব্য আগবঢ়ায় । বিশেষকৈ শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ ধীৰাই মাজুলীৰ সমীপত ফৰেষ্ট কেম্প সংস্থাপন কৰা সন্দৰ্ভত মন্তব্য আগবঢ়ায় অসম চৰকাৰৰ মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰে ।
কুমাৰে লগতে কয় যে যদি পৰিস্থিতি সাপেক্ষে বন্যহস্তীতো ট্ৰাংকুলাইজাৰ কৰিব লাগে ইয়াৰ বাবে বন বিভাগ প্ৰস্তুত আছে । বৰছলা সমষ্টিৰ ধীৰাই মাজুলীত শনিবাৰে এটা বনৰীয়া মখনা হাতীয়ে ত্ৰাস সৃষ্টি কৰি আক্ৰমণ চলাই বনকৰ্মীসহ তিনিজন লোকক হত্যা কৰা ঘটনাৰ 24 ঘন্টাৰ পাচত অৰ্থাৎ দেওবাৰে ৰাজ্যখনৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে বনৰীয়া হাতীয়ে হত্যা কৰা যতীন তাঁতি নামৰ লোকজনৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গক সাক্ষাৎ কৰে ৷