অসম

assam

ETV Bharat / state

ৰাজ্যৰ চাহ শ্ৰমিকলৈ সুখবৰ; ২০ শতাংশ পূজাৰ বোনাচ ঘোষণা চৰকাৰৰ - PUJA BONUS FOR TEA WORKERS

Puja bonus announced: চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদৰ পিচত পূজাৰ বোনাচ ঘোষণা চৰকাৰৰ । ৰাজ্য়ত বোনাচৰ মুঠ পৰিমাণ ৭৮ কোটি টকা ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Puja bonus announced
২০ শতাংশ পূজাৰ বোনাচ ঘোষণা চৰকাৰৰ (Getty Images)

গুৱাহাটী, ৬ অক্টোবৰ : বিগত কেইবাদিন ধৰি ৰাজ্য়ত অব্য়াহত আছে পূজাৰ বোনাচকেন্দ্ৰিক প্ৰতিবাদ । ৰাজ্য়ৰ বহুকেইখন বাগিচাত বাগান কৰ্তৃপক্ষ আৰু শ্ৰমিকৰ মাজত তীব্ৰ সংঘাত অব্য়াহত থকাৰ মাজতেই অসম চাহ নিগম লিমিটেডৰ কৰ্মচাৰী আৰু শ্ৰমিকৰ বাবে আগবঢ়োৱা হৈছে ২০ শতাংশ পূজা বোনাচ ।

  • ১০ লাখৰো অধিক শ্ৰমিক-কৰ্মচাৰী উপকৃত হ'ব

ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকৰ বাবে সুখবৰ । চাহ শ্ৰমিকসকলে লাভ কৰিব শাৰদীয় দুৰ্গা পূজাৰ বোনাচ । দেওবাৰে সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রীগৰাকীয়ে কয়, "আমাৰ চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকলৰ বাবে পূজাৰ বোনাচ হিচাপে ২০ শতাংশ দিবলৈ আগবাঢ়িছোঁ । এই বোনাচৰ দ্বাৰা ৰাজ্যৰ ৮০০খনতকৈও ওপৰৰ বাগিচাৰ ১০ লাখৰো অধিক শ্ৰমিক-কৰ্মচাৰী উপকৃত হ'ব । আমি ভাবো ৰাজ্য চৰকাৰৰ এই সঁহাৰি চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকলে নিশ্চিতকৈ আদৰি ল'ব । শাৰদীয় দুৰ্গোৎসৱ সুন্দৰকৈ অতিবাহিত হওক, সেয়াই কামনা কৰিলোঁ ।"

  • বোনাচৰ সৰ্বমুঠ পৰিমাণ ৭৮ কোটি টকা

উল্লেখ্য যে অসম চাহ নিগম লিমিটেডৰ কৰ্মচাৰী আৰু শ্ৰমিকৰ বাবে ২০ শতাংশ পূজা বোনাচ আগবঢ়োৱা হৈছে । এই বোনাচৰ সৰ্বমুঠ পৰিমাণ ৭৮ কোটি টকা । ইয়াৰ দ্বাৰা আঠশৰো অধিক চাহ বাগিচাৰ দহ লাখৰো অধিক শ্ৰমিক-কৰ্মচাৰী উপকৃত হ'ব । উল্লেখ্য যে পূজাৰ বোনাচকলৈ বিভিন্ন বাগিচাত শ্ৰমিক সকলে প্ৰতিবাদ তীব্ৰতৰ কৰিছিল । বিগত সময়ত যোৰহাটৰ লগতে ডিব্ৰুগড় জিলাৰ কেইবাখনো বাগিচাত শ্ৰমিকে বোনাচকলৈ প্ৰতিবাত সাব্যস্ত কৰি কৰ্মবিৰতিও পালন কৰিছে । দুখনমান বাগিচা বন্ধও কৰিছে ।

লগতে পঢ়ক:৮ ঘন্টাৰ ভিতৰত ২০ শতাংশ বোনাচ দিবই লাগিব : চাহ শ্ৰমিকৰ হুংকাৰ - Mariani Tea Workers Protest

বোনাচক কেন্দ্ৰ কৰি ক্ষোভিত শ শ শ্ৰমিকে অৱৰোধ কৰিলে ঘাইপথ - Tea estate labours protest

ABOUT THE AUTHOR

...view details