ডিব্ৰুগড়:এক আচহুৱা ঘটনাই বিপাঙত পেলাইছে ডিব্ৰুগড়ৰ এগৰাকী যুৱতীক । তেওঁৰ সামাজিক মাধ্যমত ফল'ৱাৰ্ছে লিখিছে RIP । কিন্তু কিয় লিখিছে তেওঁৰ একাউণ্টত RIP ?
অৱশেষত মৃত্যু হোৱা বুলি সমবেদনা জনোৱাসকলক নিজেই জীয়াই থকা বুলি উত্তৰ দিবলগা হৈছে এইগৰাকী যুৱতীয়া । অৱশ্যে নামৰ সাদৃশ্য থকাৰ বাবেই এই বিভ্ৰাট হোৱা বুলি এতিয়া প্ৰতিপন্ন হৈছে তেওঁৰ বক্তব্যত ।
বাংগালোৰত অসমৰ যুৱতী মায়া গগৈৰ মৃত্যুৱে বিপাঙত পেলাইছে অসমৰ মায়া গগৈক (ETV Bharat Assam) উল্লেখ্য যে বেংগালুৰুত অসমৰ এগৰাকী যুৱতী হত্যাৰ বলি হোৱা এক খবৰ মঙলবাৰে প্ৰকাশ পায় । জানিব পৰা অনুসৰি, বেংগালুৰুৰ ইন্দিৰা নগৰস্থিত 'দ্য ৰয়েল লিভিং' নামৰ এখন হোটেলৰ কোঠাত মঙলবাৰে উদ্ধাৰ হয় মায়া গগৈ নামৰ অসমৰ যুৱতীগৰাকীৰ ক্ষত-বিক্ষত মৃতদেহ ।
ইফালে এই খবৰ সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত বিয়পি পৰা পাছতে এতিয়া বিপদত পৰিছে ডিব্ৰুগড়ৰ মায়া গগৈ নামৰ আন এগৰাকী যুৱতী । ছ'চিয়েল মেডিয়াত বেংগালুৰুত নৃশংস হত্যাৰ বলি হোৱা অসমৰ মায়া গগৈ নামৰ যুৱতীগৰাকীৰ বাতৰি বিয়পি পৰা পিছতেই ডিব্ৰুগড়ৰ এইগৰাকী মায়া গগৈয়ে প্ৰকাশ কৰিছে নিজা বক্তব্য ।
উল্লেখ্য যে বেংগালুৰুত হত্যাৰ বলি হোৱা মায়া গগৈ ডিব্ৰুগড়ৰ এইগৰাকী মায়া গগৈ বুলি ভাবি সামাজিক মাধ্যমত বহুতে লিখিব ধৰিছে RIP । কিন্তু প্ৰকৃততে বেংগালুৰুত মৃত্যু হোৱা যুৱতীগৰাকী এইগৰাকী যুৱতী নহয় । বুধবাৰে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত চহৰখনৰ বাণীপুৰৰ নিবাসী এইগৰাকী মায়া গগৈয়ে প্ৰকাশ কৰে সেই কথা ।
ঘটনাক লৈ কি কয় ডিব্ৰুগড়ৰ মায়া গগৈয়ে
এই ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ডিব্ৰুগড়ৰ মায়া গগৈয়ে কয়, "যিগৰাকী মায়া গগৈৰ মৃত্যু হোৱা বুলি ওলাই আছে, সেইগৰাকী মই নহয় । মই বেংগালুৰুত নাথাকো, ডিব্ৰুগড়ত থাকো । মোৰ ফেচবুক-ইনষ্টাগ্ৰামত কিয় কিছু লোকে RIP লিখিছে গম পোৱা নাই । এই বিষয়ে মই কালিহে গম পাইছোঁ । সেই ছোৱালীজনী মই নহয় । বেংগালুৰুত কি ঘটনা হৈছে একো গম নাপাওঁ । সেই ছোৱালীজনীৰ লগত মোৰ চেহেৰা আৰু নাম মিলি যোৱাত বহুতেই এই কথা লিখিছে ।"