অসম

assam

ETV Bharat / state

কলিয়াবৰৰ নৰখাদক বাঘটো ধৰিবলৈ তৎপৰ বন বিভাগ - TIGER ATTACKED

কলিয়াবৰৰ নৰখাদক বাঘটো ধৰিবলৈ বন বিভাগৰ কেমেৰা সংস্থাপন ৷ আজি কলিয়াবৰত বনমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক ৷

Assam forest department officials set up traps and cameras to catch the tiger says Chandra Mohan Patowary
কলিয়াবৰৰ নৰখাদক বাঘটো ধৰিবলৈ তৎপৰ বন বিভাগ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 7, 2025, 2:23 PM IST

তেজপুৰ :‘‘কলিয়াবৰৰ নৰখাদক বাঘটোৰ বাবে বন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । বন বিভাগে নিৰ্দিষ্ট বাঘটো চিনাক্ত কৰিবলৈ বিভিন্ন ঠাইত কেমেৰা সংস্থাপন কৰিছে, যাতে বাঘটোৰ অৱস্থিতি নিৰ্ধাৰণ কৰি পিঞ্জৰাবদ্ধ কৰিব পৰা যায় ৷’’ এই মন্তব্য অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

মন্ত্ৰী মঙলবাৰে পাটোৱাৰীয়ে কয় যে বাঘটোৰ পৰা পৰিত্ৰাণ পাবলৈ বন বিভাগে আজি বিয়লি কলিয়াবৰ উপ-জিলাত এখন গুৰুত্বপূৰ্ণ উচ্চস্তৰীয় বৈঠকত মিলিত হ’ব ।

কলিয়াবৰৰ নৰখাদক বাঘটো ধৰিবলৈ তৎপৰ বন বিভাগ (ETV Bharat Assam)

মন্ত্ৰী পাটোৱাৰীয়ে কয়, "বাঘটোৱে যিহেতু মানুহ খালে গতিকে তাক চিনাক্ত কৰি আৱদ্ধ কৰাৰ বাহিৰে অন্য কোনো উপায় নাই । এবাৰ মানুহ খোৱাৰ পিছত বাঘটোৱে ইয়াৰ পুনৰাবৃত্তি কৰাৰ সম্ভাৱনা প্ৰকট । জিলা প্ৰশাসনৰ লগত আলোচনা কৰি বাঘৰ পৰা মানুহক সুৰক্ষিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বাঘটো ধৰাৰ পিছত পুনৰ সংস্থাপনৰ বাবে চিৰিয়াখানালৈ প্ৰেৰণ কৰা হ’ব ৷’’

গঁড় আৰু হাতীৰ সংখ্যা বৃদ্ধি :

মন্ত্ৰী পাটোৱাৰীয়ে কয়, ‘‘অসমত গঁড় আৰু হাতীৰ সংখ্যা বহুখিনি বৃদ্ধি পাইছে । ফলস্বৰূপে হাতী-মানুহৰ সংঘাতৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰলৈ ওলাই আহিছে গঁড় । কালি ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এজন মানুহক গঁড়ে আক্ৰমণ কৰিছে ৷’’

বনাঞ্চলত হাতীৰ বাবে খাদ্যৰ অভাৱ হোৱাৰ কথা সদৰী কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয়, "বন বিভাগে বৰ্তমান বনাঞ্চলৰ ভিতৰত গছ গছনিৰ ৰোপণ কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটকক পৰিভ্ৰমণ কৰিবলৈ নিয়াৰ আগতে জীপচী চালকসকলে সুৰাপান কৰিছে নেকি সেই বিষয়ে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । সুৰাপান কৰি জীপ চলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিলে পৰিবহন বিভাগৰ নিয়ম অনুসৰি অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈও নিৰ্দেশ জাৰি কৰা হৈছে ।’’

পৰ্যটকৰ সমাগম :

পাটোৱাৰীয়ে আৰু কয়, ‘‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ বহু পৰ্যটকৰ সমাগম হৈছে । যোৱা তিনি মাহৰ পৰা ৬ জানুৱাৰীলৈ ১ লাখ ৬১ হাজাৰ পৰ্যটকৰ আগমন ঘটিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখ সংখ্যক পৰ্যটকৰ আগমন ঘটিছে ৷’’

‘‘আনহাতে ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী এলেকাত জীৱ-জন্তুৰ লগত সংঘাতৰ বলি হোৱা লোকৰ পৰিয়ালৰ বাবে বন বিভাগে উপযুক্ত সাহায্য ব্যৱস্থা কৰিছে ৷ ইতিমধ্যে বোকাখাত মহকুমাত এই চৰকাৰী পুঁজি পৰ্যাপ্ত পৰিমাণে জমা আছে ৷’’ পাটোৱাৰীয়ে কয় ।

বাঘ আৰু মানুহৰ সংঘাত বৃদ্ধি

ইফালে বিগত সময়ছোৱাত অসমত বাঘ আৰু মানুহৰ সংঘাতো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে । তথ্য অনুসৰি, ২০২২ চনলৈকে অসমত বাঘৰ সংখ্যা ২২৭ টা আছিল । কিন্তু ২০০৬ চনত ইয়াৰ সংখ্যা ৭০ টা, ২০১০ চনত ১৪৩ টা আৰু ২০১৮ চনত ১৯০ টা বাঘৰ সংখ্যাৰ তুলনা কৰা হৈছে ৷ ইয়াৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ।

অসমত বাঘ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত উল্লেখযোগ্য হ’ল মানস, কাজিৰঙা, ওৰাং আৰু নামেৰী । মানস, কাজিৰঙা, ওৰাঙত বাঘৰ সংখ্যা বৃদ্ধি পাইছে যদিও নামেৰীত চাৰিৰ পৰা তিনিলৈ হ্ৰাস পাইছে । শেহতীয়াকৈ শোণিতপুৰৰ সোনাই ৰূপাই বনাঞ্চলত কেমেৰা ট্ৰেপিঙত এটা ঢেকীয়াপতিয়া বাঘৰ তথ্য পোৱা গৈছে । মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান বাঘৰ সংখ্যা বয়স্ক ৫৭ টা আৰু উপ প্ৰাপ্তবয়স্ক (Sub Adult)ৰ সংখ্যা ৩ টালৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক :চোঁচা মাৰি আহিল গঁড়ে: খৰি আনিবলৈ যোৱাই কাল হ'ল লক্ষীৰ

লগতে পঢ়ক :অৱশেষত ছাগলী খাবলৈ বাঘ আহিল আৰু লগে লগে...

ABOUT THE AUTHOR

...view details