অসম

assam

বান পৰিস্থিতি সামান্য উন্নত: যোৱা ২৪ ঘণ্টাত ছজনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭২ লৈ বৃদ্ধি - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 9:42 AM IST

Assam flood report : ৰাজ্যৰ বান বিভীষিকা এতিয়াও মাৰ যোৱা নাই ৷ সোমবাৰৰ দিনটোত এই বানৰ কবলত পৰি ছজনৰ মৃত্যু হৈছে ৷ যাৰ ফলত চলিত বৰ্ষৰ বানত মৃতকৰ সংখ্যা ৭২ লৈ বৃদ্ধি পাইছে ৷

Assam Flood 2024 death troll rises to 72 and many districts are still in the grip of floods
ৰাজ্যৰ বান পৰিস্থিতি (ETV Bharat Assam)

গুৱাহাটী, ৯ জুলাই :শেহতীয়াকৈ ৰাজ্যৰ বান পৰিস্থিতিৰ সামান্য উন্নত হৈছে । কিন্তু এতিয়াও মাৰ যোৱা নাই বানৰ বিভীষিকা ৷ অৱশ্যে বানৰ কবলত এতিয়াও ৰাজ্যৰ ২৭ জিলা ৷ তথ্য অনুসৰি, বানত আক্ৰান্ত লোকৰ সংখ্যা ১৮.৮০ লাখলৈ হ্ৰাস পাইছে ।

ইয়াৰ মাজতে বিগত ২৪ ঘণ্টাত এটি শিশুকে ধৰি মুঠ ছজন লোকে এই বানত প্ৰাণ হেৰুৱাইছে । ইয়াকে লৈ এতিয়ালৈকে চলিত বছৰৰ বানত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৭২ লৈ বৃদ্ধি পাইছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ শেহতীয়া মতে, ধুবুৰীত দুজন; গোৱালপাৰা, গোলাঘাট, শিৱসাগৰ আৰু শোণিতপুৰত এজনকৈ লোকৰ এই বানত প্ৰাণহানি হৈছে ।

লগতে পঢ়ক :ৰাজ্যত বানৰ প্ৰলয়: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬ টা গঁড়সহ ১৩৭ টা বন্যপ্ৰাণীৰ মৃত্যু - Assam flood 2024

আনহাতে, যোৱা ২৪ ঘণ্টাত ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ বহুকেইখন উপনৈৰ লগতে বৰাক আৰু কুশিয়াৰা নৈৰ পানী ৰাজ্যৰ বিভিন্ন স্থানত এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কর্তৃপক্ষই সদৰী কৰিছে । ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বন্যাৰ্ত দুখ-দুৰ্গতি আঁতৰা নাই ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে, ২৭ খন জিলাৰ ৯১ টা ৰাজহ চক্ৰৰ ৩,১৫৪ খন গাঁও সম্প্ৰতি বানত বুৰ গৈছে । ১৮ লাখ লোক বান প্ৰভাৱিত হৈ আছে । আনহাতে, ৪৯০১.০৫ হেক্টৰ কৃষিভূমি বানত বুৰ গৈ আছে । ৰাজ্যৰ ৫৪৩ টা আশ্ৰয় শিবিৰ আৰু সাহায্য কেন্দ্ৰত ৩ লাখ ৩৯ হাজাৰ বানাক্ৰান্ত লোকে আশ্ৰয় গ্ৰহণ কৰি আছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈকে ছটা গঁড়সহ মুঠ ১৩৭ টা বন্যজীৱ মৃত্যুমুখত পৰিছে ৷

লগতে পঢ়ক :২৮ খন জিলাৰ ৩৪৪৬ খন গাঁও এতিয়াও বানৰ কবলত; দেওবাৰে বানে প্ৰাণ ল’লে ৮ গৰাকীৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details