অসম

assam

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 5:04 PM IST

Updated : Feb 12, 2024, 10:02 PM IST

ETV Bharat / state

৭৭৪.৪৭ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

Assam Budget 2024-25: ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ২০% ঋণৰ ধনৰ সৈতে মুঠ ১,৪৩,৬০৫.৫৬ কোটি টকা আয়েৰে ৰাজ্যৰ বাজেট দাখিল অসম বিধান সভাত । অসমে ৰাষ্ট্ৰীয় বিকাশতকৈ দ্ৰুততাৰে বিকাশ লাভ কৰি আছে বুলি দাবী বিত্তমন্ত্ৰীৰ । ২০২৪-২৫ বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন চলিত মূল্যত ৬.৪৩ লাখ কোটি টকা হ’বগৈ বুলি বিত্তমন্ত্ৰীৰ উল্লেখ ৷ ১০ লাখ কোটিৰ অৰ্থনীতি এই বাজেটে স্পৰ্শ কৰিব বুলি মুখ্যমন্ত্ৰীৰ দাবী ৷

Assam Budget 2024
Assam Budget 2024-25

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসমৰ প্ৰত্যয়েৰে বিধান সভাত সোমবাৰে বিয়লি ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল কৰিলে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ বিত্তমন্ত্ৰী হিচাবে চতুৰ্থখন বাজেট দাখিল কৰি সংস্কৃত শ্লোকেৰে নিজৰ ভাষণ আৰম্ভ কৰি ৭৭৪.৪৭ কোটি টকাৰ ঘাটি বাজেট সদনত দাখিল কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে ৷

বিভিন্ন শিতানৰ উৎসৰ পৰা ২০২৪-২৫ বৰ্ষৰ বাজেটত ৰাজ্যখনৰ মুঠ ১,৪৩,৬০৫.৫৬ কোটি টকাৰ প্ৰাপ্তি দেখুওৱা হৈছে । ইয়াৰে ১,১১,৯৪৩.৮৪ কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা ৩১,৬৬১.৭৩ কোটি টকা মূলধনী শিতানত । ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ একত্ৰীকৃত নিধিৰ পৰা সৰ্বমুঠ ব্যয়ৰ পৰিমাণ ১,৪৩,৮৯০.৬২ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে এই বাজেটত ।

বছৰটোত ধাৰ্য ব্যয়ৰ পৰিমাণ হ'ব ২,৮৮,৫৬০.৭১ কোটি টকা । সকলো মিলাই ২০২৪-২৫ বৰ্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ ৭৭৪.৪৭ কোটি টকা হ'বগৈ ।

মন কৰিবলগীয়া যে, এইবাৰৰ বাজেটৰ মুঠ আমদানি ১৪৩৬০৫.৫৭ কোটি টকা ধনৰ ২৯৪৪০.৭০ কোটি টকা অৰ্থাৎ বাজেটৰ আমদানি ধনৰ ২০ শতাংশই আহিব ঋণৰ পৰা । ২০২৩-২৪ ৰ বাজেটত এই ঋণৰ পৰিমাণ আছিল প্ৰায় ২৫০০০ কোটি টকা যিটো সেই বৰ্ষৰ বাজেটৰ ১৮ শতাংশ ৷ ৰাজ্যিক কৰৰ পৰা ২৩.৭৮ শতাংশ, অনাকৰ খণ্ডৰ পৰা 6.18 শতাংশ আহিব ৷

আনহাতে কেন্দ্ৰীয় কৰৰ অংশৰ পৰা ৪০০০০ কোটি টকা আহিব বাজেটৰ আমদানি শিতানলৈ ৷ যিটো মুঠ বাজেটৰ ২৭.৮৫ কোটি টকা । বাজেটৰ মূলধনৰ ১৬.১৫ শতাংশ ধন ২৩১৯৬.৮২ কোটি টকা আহিব কেন্দ্ৰীয় আঁচনিৰ পৰা ৷ বিত্তীয় আয়োগৰ পৰা অনুদান ৩.৩৫ শতাংশ, অনান্য ৰাজ্যিক লেন-দেনৰ পৰা বাজেটৰ মুঠ ০.৬৪ কোটি টকা লগতে ঋণ আৰু অনান্য খণ্ডৰ পৰা বাজেটৰ ১.৫৫ শতাংশ ধন আহিব ।

দাখিল কৰা বাজেট অনুসৰি ২০২৪-২৫ বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন চলিত মূল্যত ৬.৪৩ লাখ কোটি টকা হ'ব বুলি আশা কৰা হৈছে । কোৱা হৈছে যে এয়া ২০১৬-১৭ বৰ্ষৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ২.৫৪ লাখ কোটি টকাৰ তুলনাত ১৫০ শতাংশতকৈ অধিক বৃদ্ধি । আনহাতে, ১০ লাখ কোটিৰ অৰ্থনীতি এই বাজেটে স্পৰ্শ কৰিব বুলি দাবী মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

আনহাতে, বাজেট ভাষণত বিত্তমন্ত্ৰী অজন্তা নেওগে অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন চলিত মূল্যত ২০২২-২৩ (QE) বৰ্ষৰ ৪.৯৩ লাখ কোটি টকাৰ বিপৰীতে ১৫.৬ শতাংশ বিকাশৰ হাৰেৰে ২০২৩-২৪ (AE) বর্ষত ৫.৭০ লাখ কোটি টকা হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে ।

অসমৰ প্ৰকৃত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন স্থিৰ মূল্যত ২০২২-২৩ (QE) বৰ্ষৰ ৩.০১ লাখ কোটি টকাৰ বিপৰীতে ৫.৯ শতাংশ বিকাশৰ হাৰেৰে ২০২৩-২৪ বৰ্ষত ৩.১৯ লাখ কোটি টকা হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ।

নিজৰ বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অসমে ৰাষ্ট্ৰীয় বিকাশতকৈ দ্ৰুততাৰে বিকাশ লাভ কৰি আছে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৬.১ শতাংশৰ তুলনাত অসমৰ অর্থনৈতিক বিকাশৰ হাৰ ২০২২-২৩ (QE) বর্ষত ১৯.৯ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে ।

নিজৰ ভাষণ আৰম্ভণিতে বিত্তমন্ত্ৰী গৰাকীয়ে সদৰী কৰে যে ৰাষ্ট্ৰীয় অর্থনীতিলৈ ৰাজ্যখনৰ অৰ্থনীতিৰ বৰঙণিৰ পৰিমাণো ক্ৰমাৎ বৃদ্ধি পাইছে । ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনলৈ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বৰঙণি ২০১৬-১৭বৰ্ষৰ ১.৬৫ৰ শতাংশৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষত ১.৮১ শতাংশলৈ বৃদ্ধি পাইছে ।

দ্ৰুত গতিত বৃদ্ধি পাইছে অসমৰ জনমূৰি আয় ৷ অজন্তা নেওগৰ দাবী যে জনমূৰি আয়ৰ ক্ষেত্ৰত অসমে দ্ৰুত গতিৰে বিকাশ লাভ কৰি আছে ৷ ২০২৩-২৪ বৰ্ষত বিগত ৭ বছৰৰ ভিতৰত প্ৰায় দুগুণতকৈ অধিক হৈছে জনমূৰি আয়ৰ বৃদ্ধি ।

আজিৰ বাজেটত উল্লেখ কৰা তথ্য অনুসৰি ৰাজ্যখনৰ জনমূৰি আয় ২০১৬-১৭ বৰ্ষৰ ৬৬,৩৩০ টকাৰ তুলনাত ২০২২-২৩ বিত্তীয় বর্ষত ১,২০,৩৩৬ টকা হৈছে । ২০২৩-২৪ বৰ্ষত ৰাজ্যখনৰ জনমূৰি আয় বৃদ্ধি হৈ ১,৩৫,৭৮৭ টকা হ'ব বুলি অনুমান কৰা হৈছে ।

বাজেটৰ তথ্য অনুসৰি ২০১৬-১৭ত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন আয় ২.৫৪ লাখ কোটি টকা আৰু জনমূৰি আয় ৬৬,৩৩০ টকা ৷ ২০২২-২৩ (QE) ৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৪.৯৩ লাখ কোটি টকা আৰু জনমূৰি আয় ১,২০,৩৩৬ টকা । ২০২৩-২৪ (AE)ৰ ৰাজ্যিক ঘৰুৱা উৎপাদন ৫.৭০ লাখ কোটি টকা আৰু জনমূৰি আয় ১,৩৫,৭৮৭ টকা ৷ ২০২৪-২৫ ৰ ঘৰুৱা উৎপাদন ৬.৪৩ লাখ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছে ৷

লগতে পঢ়ক:হিতাধিকাৰী আঁচনিৰে কোনো চৰকাৰে কোনো ভাল বাজেট দিব নোৱাৰে: বিৰোধী

Last Updated : Feb 12, 2024, 10:02 PM IST

ABOUT THE AUTHOR

...view details