অসম

assam

ৰাজ্যত আছে তিনি সহস্ৰাধিক সুৰাৰ দোকান

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 9:20 PM IST

Wine Shop in Assam: বিধায়ক ৰেকিবুদ্দিন আহমেদৰ প্ৰশ্নৰ উত্তৰত আৱকাৰী বিভাগৰ মন্ত্ৰীয়ে তথ্য দিয়ে যে অসমত বৰ্তমান মুঠ ৩০০৩ খন সুৰাৰ দোকান আছে । ইয়াৰে সুৰাৰ দোকান ১৭০৭ খন, বাৰ ৯২৩ খন আৰু দেশীয় সুৰাৰ দোকান ৩৭৩ খন ।

Wine Shop in Assam
ৰাজ্যত আছে তিনি সহস্ৰাধিক সুৰাৰ দোকান

গুৱাহাটী, ৭ ফেব্ৰুৱাৰী: অসমত মুঠ ৩০০৩ খন সুৰাৰ দোকান আছে । অসম বিধানসভাত বুধবাৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে মদৰ দোকান আৰু অনুজ্ঞাপত্ৰ সন্দৰ্ভত সোধা তৰাবিহীন প্ৰশ্নৰ‌ উত্তৰত আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই তথ্য সদৰী কৰে । বিধানসভাত আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰকাশ কৰা তথ্য অনুযায়ী অসমত বর্তমান বিদেশী সুৰাৰ দোকান (IMFL OFF) ১৭০৭ খন, বাৰ (IMFL 'ON') ৯২৩ খন আৰু দেশীয় সুৰাৰ দোকান (Country spirit)ৰ ৩৭৩ খন । মুঠ ৩০০৩ খন সুৰাৰ দোকান আছে ।

ৰাজ্যত আছে তিনি সহস্ৰাধিক সুৰাৰ দোকান

তথ্য মতে অসমৰ ভিতৰত কামৰূপ মহানগৰত সৰ্বাধিক বিদেশী সুৰাৰ দোকান (IMFL OFF) আৰু বাৰ (IMFL'ON) আছে । দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা । কামৰূপ মহানগৰত মুঠ ৩২০ খন বিদেশী সুৰাৰ দোকান (IMFL OFF) আৰু ২০৪ খন বাৰ (IMFL'ON) আছে ৷

ডিব্ৰুগড় মুঠ ১১১ খন বিদেশী সুৰাৰ দোকান (IMFL OFF) আৰু ৫৪ খন বাৰ (IMFL'ON) আছে । তিনিচুকীয়া জিলাত মুঠ ১০৩ খন বিদেশী সুৰাৰ দোকান (IMFL OFF) আৰু ৩২ খন বাৰ (IMFL'ON) আছে ।

তথ্য মতে অসম চৰকাৰে ২০১৯-২০ চনত‌ ২৬০৬.৬৪ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহ কৰে । ঠিক সেইদৰে ২০২০-২০২১ চনত মুঠ ২৯৭৭.৬১ কোটি টকা, ২০২১-২২ চনত‌ মুঠ ৩০৪৭.৯৮ কোটি টকা, ২০২২-২৩ চনত মুঠ ৩৯৮০.০৬ কোটি টকা আৰু ২০২৩-২৪( জানুৱাৰীলৈ) মুঠ ৩৮১৬.১৮ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰে ।

উল্লেখ্য যে সুৰাৰ ৰাজহেৰে ৰাজ্য চৰকাৰ চলি থকা বুলি বিৰোধীয়ে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছে ৷ শেহতীয়া অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীয়েও সুৰাৰ ৰাজহেৰে হেলিকপ্তাৰ চলাই ৰাজ্যৰ ভিতৰতে ভ্ৰমণ কৰি থকা বুলি কংগ্ৰেছ নেতৃত্বই অভিযোগ উত্থাপন কৰা দেখা গৈছিল ৷ ইপিনে একত্ৰিকৰণৰ জৰিয়তে বহু বিদ্যালয় বন্ধ কৰি ৰাজ্যৰ গলিয়ে-গলিয়ে সুৰাৰ বিপণি খোলাৰ অভিযোগ তুলি চৰকাৰক সমালোচনা কৰা দেখা গৈছে বিভিন্ন মহলে ৷

লগতে পঢ়ক:মইতো সদায় কৈ থাকো, ড্ৰিংকছ কৰাৰ প্ৰয়োজনীয়তা কি ?

ABOUT THE AUTHOR

...view details