গুৱাহাটী, ৮ জুন: সচিবালয়ৰ পিচত এইবাৰ টাৰ্গেট শিক্ষক সমাজ । শেহতীয়াকৈ উপস্থিতিক লৈ সচিবালয়ৰ কৰ্মচাৰীসকলৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ পিচত এইবাৰ চৰকাৰে শিক্ষকসকলৰ বাবে জাৰি কৰিলে নিৰ্দেশনা ।
নিৰ্ধাৰিত সময় অনুসৰি দায়িত্ব পালন নকৰিলে বিপদত পৰিব শিক্ষক আৰু কৰ্মচাৰীসকল । এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষক সমাজৰ বাবে স্কুল শিক্ষা বিভাগে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা । এতিয়াৰে পৰা প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীয়ে বিদ্যালয়ত উপস্থিত হোৱাৰ সময় আৰু বিদ্যালয় এৰাৰ সময় আপলোড কৰিব লাগিব শিক্ষাসেতু প'ৰ্টেলত ।
নিৰ্ধাৰিত সময়ত উপস্থিতি প্ৰদান নকৰিলে কৰ্তন হ'ব দৰমহা । নিৰ্ধাৰিত সময়তকৈ ১৫ মিনিটৰ পলম হ'লে বা ১৫ মিনিট পূৰ্বে বিদ্যালয় এৰিলে নৈমিত্তিক ছুটী হিচাপে গণ্য কৰিব দিনটো । এমাহত দুবাৰতকৈ বেছি দিন নিৰ্দেশনা অমান্য কৰিলে শিক্ষাবিভাগে গ্ৰহণ কৰিব ব্যৱস্থা । এই নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ স্কুল শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে ।
এই নিৰ্দেশনাৰ পিচতে পুনৰ শিক্ষক সমাজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । লক্ষ্যণীয় বিষয় যে শিক্ষাসেতু এপক লৈ আৰম্ভণীৰ পৰাই শিক্ষক সমাজৰ মাজত অসন্তুষ্টি আছে । প্ৰায়ে এই অসন্তুষ্টি দেখিবলৈ পোৱা যায় । আনহাতে শিক্ষাসেতু এপত বিভাগীয়ভাৱে এটাৰ পিচত আনটো বিষয় সন্নিবিষ্ট কৰাক লৈ ইতিমধ্যেই ক্ষোভিত হৈ আছে শিক্ষক সমাজ ।
উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ ১২টা শিক্ষক সংগঠনৰ উমৈহতীয়া সন্মিলিত শিক্ষক মঞ্চই শিক্ষক সমাজে সন্মুখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত গুৱাহাটীত অনুষ্ঠিত কৰিছিল কাৰ্যনিৰ্বাহক । য’ত শিক্ষাসেতুৰ বিসংগতি আৰু শিক্ষক সমাজে সন্মূখীন হোৱা সমস্যা সন্দৰ্ভত আলোচনা কৰা হৈছিল । শিক্ষাসেতুৰ বিসংগতি উদঙাই তেওঁলোকে উল্লেখ কৰিছিল যে পুৱাৰ পৰা আবেলিলৈ শিক্ষার্থী আৰু শিক্ষকৰ উপস্থিতি লোৱা শেষেই নহয় ।