সৰুপথাৰ, ১৫ ফেব্ৰুৱাৰী :পূৰ্বৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি বুধবাৰে সৰুপথাৰ শ্যাম গাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শ্যাম গাঁওবাসীৰ আপ্যায়নত আপ্লুত হৈ পৰিল মুখ্যমন্ত্ৰী শৰ্মা ৷ বুধবাৰে নিশা গাঁৱৰ জ্যেষ্ঠ কেইবাগৰাকী লোকৰ সৈতে জনজাতীয় খাদ্যৰে তৃপ্তিৰে এসাঁজ খালে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে শ্যাম গাঁৱৰ ভাস্কৰ শ্যাম গোঁহাইৰ চাংঘৰত নিশাটো কটালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
বৃহস্পতিবাৰে পুৱাৰ ভাগত ভাস্কৰ শ্যাম গোঁহাইৰ ঘৰতে স্মৃতি স্বৰূপে এজোপা গছৰ পুলি ৰোপণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । তাৰ পাচত পুৱা ১০ গৰাকী মহিলাৰ লগত একেলগে জলপান গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰে পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী শৰ্মাই ৰজাপুখুৰী শ্যাম গাঁৱত অৱস্থিত অংচা জিলদৈ শ্যাম হাইস্কুলত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে । ইয়াৰে পিচত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপথাৰৰ বিজেপি মণ্ডলৰ কাৰ্যালয়লৈ যাত্ৰা কৰে ।
লগতে পঢ়ক :শ্যাম গাঁৱত নিশা কটালে মুখ্যমন্ত্ৰীয়ে; পুৱা গাঁৱৰ মহিলাৰ লগত চাহ-জলপান গ্ৰহণ