গুৱাহাটী, ২৮ আগষ্ট: USTM বনাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিতৰ্কই এইবাৰ নতুন মাত্ৰা লাভ কৰিছে । এইবাৰ গুৱাহাটীৰ কত্ৰিম বানৰ সৈতে জড়িত বিতৰ্ক নহয়, এইবাৰ অভিযোগ জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰ ৷ ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ অভিযোগত অভিযুক্ত হৈ প্ৰমাণ পত্ৰ বাতিল হৈছিল USTM ৰ আচাৰ্য মহবুবুল হকৰ ৷ এই তথ্য বুধবাৰে দিছপুৰত এক সংবাদমেলত সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সৈতে USTM আৰু বিশ্ববিদ্যালয়খনৰ আচাৰ্য মহবুবুল হকক সাঙুৰি 'ফ্লাড জিহাদ’ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । তাৰ পিছতেই মুখ্যমন্ত্ৰী শৰ্মাই ৰাজহুৱাভাৱে মন্তব্য কৰিছিল যে USTM আৰু তাৰ স্বত্বাধিকাৰী তথা আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে 'শ্ল’ পয়জন’ তেওঁ অব্যাহত ৰাখিব ৷ তেওঁ এয়া প্ৰত্যাহ্বান হিচাবে লৈছে ৷
আনকি USTM ৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসমত চাকৰিৰ বাবে আবেদন জনালে অসমত পৰীক্ষা দিব লাগিব বুলিও ৰাজহুৱা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে । তাৰ কিছুদিনৰ পিছতেই USTM ৰ আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আনিলে OBC বুলি জালিয়াতিৰে জাতিগত প্ৰমাণ-পত্ৰ উলিওৱাৰ অভিযোগ ৷
মুখ্যমন্ত্ৰীয়ে বুধবাৰে কয় যে মহবুবুল হকৰ OBC প্ৰমাণ-পত্ৰ নাকচ কৰিছিল কৰিমগঞ্জৰ আয়ুক্তই ৷ সেই সময়ত কৰিমগঞ্জৰ আয়ুক্তই ৰুজু কৰা নাছিল গোচৰ ৷ সম্প্ৰতি কৰিমগঞ্জৰ আয়ুক্তক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ৷