গুৱাহাটী, ১৬ জুন : অৱসান ঘটিব এটা ৭৫ বছৰীয়া পৰম্পৰাৰ । এতিয়াৰে পৰা মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী-আমোলা তথা জ্যেষ্ঠ বিষয়াসকলে নিজে বহন কৰিব লাগিব চৰকাৰী আৱাসৰ বিদ্যুতৰ মাচুল ৷ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই ব্যৱস্থা ৷ পূৰ্বতে ৰাজ্য চৰকাৰে বহন কৰিছিল তেওঁলোকৰ বিদ্যুতৰ মাচুল ৷ অৱশেষত পূৰ্বৰ পৰা চলি অহা এই পৰম্পৰাৰ অৱসান ঘটালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত এই ঘোষণা কৰে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
জনতা ভৱনত সৌৰ প্ৰকল্প উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে পহিলা জুলাইৰ পৰা মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে বিদ্যুতৰ মাচুল নিজে বহন কৰিব লাগিব ৷ বিগত ৭৫ বছৰ ধৰি ৰাজ্য চৰকাৰে এই মাচুল বহন কৰি আহিছিল ৷ চৰকাৰী আৱাসৰ বিদ্যুতৰ মাচুল পহিলা জুলাইৰ পৰা নিজে বহন কৰিব লাগিব ৷
লগতে পঢ়ক:স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ জনতাক মাধমাৰ বিদ্যুৎ বিভাগৰ
বিদ্যুতৰ মাচুলৰ এই কথাটো আগতে গম পোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে কিবা কথাতহে এই বিষয়টো জানিব পাৰিলে । জ্ঞাত হোৱাৰ পিচতে উদ্যোগ গ্ৰহণ কৰা হৈছে । এই ব্যৱস্থাৰ দ্বাৰা বিদ্যুৎ পৰিষদৰ সহায় হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সচিবালয়ৰ চৰকাৰী আৱাসত থকা কৰ্মচাৰীসকলকো বিদ্যুতৰ মাচুল নিজে বহন কৰাৰ বাবে কোৱা হৈছে ।
বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত এটকাকৈ হ্ৰাস কৰাৰ চিন্তা-চৰ্চা চৰকাৰৰ :