অসম

assam

ETV Bharat / state

তিনিদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত সপত্নীক মুখ্যমন্ত্ৰী - ASSAM CM BHUTAN VISIT

মুখ্যমন্ত্ৰী আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাক বিমানবন্দৰত আদৰণি জনায় ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়ংপো ডি এন ধুংগিয়েলে ।

Assam CM Bhutan visit
তিনিদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী (ANI)

By ANI

Published : Dec 16, 2024, 7:32 PM IST

থিম্ফু (ভূটান) :তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে সোমবাৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে তেওঁ ৰাজকীয় দেশখন ভ্ৰমণৰ উদ্দেশ্যে সোমবাৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয় ।

মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীক বিমানবন্দৰত আদৰণি জনায় ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়ংপো ডি এন ধুংগিয়েলে ।

"এইমাত্ৰ ভূটানৰ থিম্ফুত অৱতৰণ কৰিছোঁ । বিমানবন্দৰত ৰিণিকি আৰু মোক আদৰণি জনোৱাৰ বাবে ভূটানৰ বৈদেশিক মন্ত্ৰী এইচ ই লিয়ংপো ডি এন ধুংগিয়েলক ধন্যবাদ । মই মোৰ তিনিদিনীয়া ভ্ৰমণকালত এই সুন্দৰ ৰাষ্ট্ৰখনৰ সৈতে ভাৰতৰ সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে আশাবাদী ।" মুখ্যমন্ত্ৰীয়ে নিজৰ X হেণ্ডেলৰ এটা পোষ্টত এনেদৰে উল্লেখ কৰে ।

তিনিদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী (ANI)

আনহাতে, ভূটানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ এক বিবৃতি অনুসৰি, ভূটানৰ ৰাজকীয় চৰকাৰৰ আমন্ত্ৰণক্ৰমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূটান ভ্ৰমণ কৰিছে । তেওঁৰ এই ভ্ৰমণসূচী ১৬ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈকে ধাৰ্য কৰা হৈছে ।

ভূটান চৰকাৰৰ বিবৃতি অনুসৰি, মুখ্যমন্ত্ৰীৰ সৈতে অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলো ভূটানত উপস্থিত হৈছে । ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে ভূটানৰ ৰজা আৰু ৰাণীৰ সৈতে আলোচনাত মিলিত হ'ব বুলি আশা কৰা হৈছে । তেওঁ ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেকো সাক্ষাৎ কৰিব আৰু ১৭ ডিচেম্বৰত ভূটানৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিব ।

তিনিদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী (ANI)

"তেওঁ মহামান্য ৰজা আৰু মহামান্য ৰাণী গিয়াল্টচুৱেনৰ সৈতে দৰ্শকৰ অভিবাদন গ্ৰহণ কৰিব আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব । এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিব ।" বিবৃতিটোত কোৱা হৈছে ।

উল্লেখ্য যে এইটো হৈছে অসমৰ কোনো এগৰাকী মুখ্যমন্ত্ৰীৰ ভূটানলৈ প্ৰথমটো চৰকাৰী ভ্ৰমণ ।

ভূটান আৰু অসমৰ মাজত বন্ধুত্ব আৰু চুবুৰীয়াৰ এক উষ্ম সম্পৰ্ক, ঐতিহাসিক বান্ধোন আছে । আনহাতে, মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণে এই সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ ফলত ভূটান আৰু ভাৰত তথা অসমৰ মাজত সম্পৰ্ক অধিক ঘনিষ্ঠ কৰি গঢ়ি তুলিব ।

লগতে পঢ়ক :এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ পৰা দেশৰ উন্নয়ন হ'ব : মুখ্যমন্ত্ৰী - ONE NATION ONE ELECTION
লগতে পঢ়ক :১৫ ডিচেম্বৰত অসমৰ প্ৰায় ২০ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড - RATION CARD DISTRIBUTION

ABOUT THE AUTHOR

...view details