অসম

assam

ETV Bharat / state

এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ পৰা দেশৰ উন্নয়ন হ'ব : মুখ্যমন্ত্ৰী - ONE NATION ONE ELECTION

এক ৰাষ্ট্ৰ, এক নিৰ্বাচনক সম্পূৰ্ণ সমৰ্থন কৰি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ মন্তব্য কৰে ৷

One Nation One Election
এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ পৰা দেশৰ উন্নয়ন হ'ব : মুখ্যমন্ত্ৰী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 15, 2024, 7:04 PM IST

গুৱাহাটী : ৰাজনৈতিক বিতৰ্কৰ মাজতে সংসদৰ শীতকালীন অধিৱেশনত বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ‘‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচন’’ বিধেয়কত অনুমোদন জনায় । অতি সোনকালে চৰকাৰে এই আইনখন প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে ৷ এই আইনখনৰ সন্দৰ্ভত ইতিমধ্যে বিভিন্নজনে বিভিন্ন মন্তব্য প্ৰকাশ কৰিছে ৷

দেওবাৰে এক অনুষ্ঠানত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ৷

এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ পৰা দেশৰ উন্নয়ন হ'ব : মুখ্যমন্ত্ৰী (ETV Bharat Assam)

তেওঁ কয়, ‘‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ পৰা দেশৰ উন্নয়ন হ'ব । আগতে আমাৰ দেশত One Nation One Election য়েই আছিল । কংগ্ৰেছে ৰাষ্ট্ৰপতি শাসন দি দি বিধানসভাসমূহ ভাঙি ভাঙিহে এই অৱস্থাৰ সৃষ্টি কৰিলে ।’’

ইফালে চৰকাৰী কাৰ্যালয়সমূহত স্মাৰ্ট মিটাৰ লগোৱা প্ৰসংগতো তেওঁ কয়, ‘‘চৰকাৰী কাৰ্যালয়সমূহত এতিয়া বিশেষ ব্যৱস্থাৰে স্মাৰ্ট মিটাৰ লগোৱা হ’ব । যাৰদ্বাৰা কাৰ্যালয় বন্ধ হ'লেই ৬ টা বজাত নিজে নিজে বিদ্যুৎ সংযোগ বন্ধ হৈ পৰিব । যোৱা কেইটামান মাহত মন্ত্ৰী, বিষয়াই নিজেই নিজৰ বিল দি আছে । ইয়াৰ ফলত ৩৩ কোটি টকা ৰাহি হৈছে ।’’

লগতে পঢ়ক :এক ৰাষ্ট্ৰ, এক নিৰ্বাচনক সম্পূৰ্ণ সমৰ্থন কৰো : হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক :সোমবাৰে লোকসভাত উত্থাপন হ'ব এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ দুখনকৈ বিধেয়ক

বাণীকান্ত কাকতি বঁটা বিতৰ্ক সন্দৰ্ভতো মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘কলেজত যাবলৈহে স্কুটি দিয়া হয় । কলেজতেই যদি নপঢ়ে, ক্ৰচিঙহে কৰে, তেন্তে চৰকাৰৰ বিনামূলীয়া স্কুটিৰ লোভ কিয় ? প্ৰত্যেক কথাতেই জেদ কৰিলে চৰকাৰে শুনি নাথাকে । স্কুটি লাগিলে কলেজ যাবই লাগিব । স্কুটিখন কোনো পুৰস্কাৰ নহয় । কলেজত যাবৰ বাবে সুবিধা কৰি দিয়া হৈছে, যেনেকৈ আমি স্কুল যাবলৈ চাইকেল দিছো । এই সিদ্ধান্তৰ সলনি নহয় ।’’

খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কোনোবাই নিজৰ মনৰ ইচ্ছা মতে হিন্দু, খ্ৰীষ্টান, ইছলাম ধৰ্ম ল'লে আপত্তি নাই । কিন্তু ৰোগ ভাল কৰি দিম বুলি খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত কৰাটো ভাল নহয় । অসমৰ কেইবাটাও জনগোষ্ঠীৰ মাজত তেনে হৈছে । সেয়া সেই জনগোষ্ঠীৰ ৰাইজে নিজেই বিচাৰ বিবেচনা কৰিব । পিছত চৰকাৰৰ পৰা কিবা সহায় বিচাৰিলে আমি ভাবিম ।’’

লগতে পঢ়ক :এক ৰাষ্ট্ৰ, এক নিৰ্বাচন বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

লগতে পঢ়ক :সংসদত কেতিয়া উত্থাপন হ'ব এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়ক ?

ABOUT THE AUTHOR

...view details