অসম

assam

ETV Bharat / state

মাজুলীত পাঁচ হাজাৰ কৰ্মকৰ্তাৰ সৈতে মুখ্যমন্ত্ৰীৰ চাইকেল ৰেলী - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024 : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে শাসকীয়-বিৰোধী দলসমূহ ৷ সোমবাৰে মাজুলীত তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Lok Sabha Election 2024
মাজুলীত পাঁচ হাজাৰ কৰ্মকৰ্তাৰ সৈতে মুখ্যমন্ত্ৰীৰ চাইকেল ৰেলী

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 5:10 PM IST

মাজুলীত পাঁচ হাজাৰ কৰ্মকৰ্তাৰ সৈতে মুখ্যমন্ত্ৰীৰ চাইকেল ৰেলী

মাজুলী, 1 এপ্ৰিল :মাজুলীত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ৰণডংকা ৷ দেওবাৰে বিয়লি মাজুলীত উপস্থিত হৈ যোৰহাট-মাজুলী সংযোগী দলং আৰু চেলেক-ধুনাগুৰি দুয়োখন দলং পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কালি নিশা মাজুলীত কটাই মুখ্যমন্ত্ৰীগৰাকীয়ে । সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীত প্ৰচাৰ চলায় ৷

আজি মুখ্যমন্ত্ৰীগৰাকীয়ে গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা আজি ম'হৰিচকুলৈ ১৩ কি:মি: চাইকেল ৰেলী কৰে ৷ য’ত তেওঁক সংগ দিয়ে মাজুলীৰ বিধায়ক ভূবন গামৰ লগতে প্ৰায় ৫০০০ কাৰ্যকর্তাই । ৰেলীৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক বিভিন্ন জনে আদৰণি জনায় ৷

চাইকেল ৰেলী শেষ কৰি মহৰিচুকৰ এখন খেলপথাৰত আয়োজন কৰা এখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্রহণ কৰে । ৰাইজক উদ্দেশি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, মাজুলী-নিমাতী সংযোগী দলং আৰু চেলেক-ধুনাগুৰি দলং এই দুয়োখন দলং ২০২৬ চনত ৰাইজৰ বাবে মুকলি কৰিব পাৰিব। এই দলং দুয়োখনৰ কাম সম্পূর্ণ হ’লে মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠা কৰিব ৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ৰাইজে আমাক মৰম দি থাকিলে ৰাইজৰ বাবে কাম কৰি যাব পাৰিম ।"

ইফালে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "এই চাইকেল ৰেলী কৰি আহোঁতে ৰাইজৰ যি মৰম পালো তাৰ বাবে ৰাইজক ধন্যবাদ । মাজুলীৰ লগত সংযোগ হ’বৰ বাবে নিমার্ণ হৈ থকা দলং দুখনৰ কাম হ’লে এখন উন্নত মানৰ চিকিৎসা মহাবিদ্যালয় মাজুলীত প্রতিস্থা কৰা হ’ব ৷"

ইফালে ২০২৫ চনৰ প্ৰথম ভাগত ভূপেন বৰা বিজেপি দললৈ আহিব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বৰ্তমান সময়ত অসম বা ভাৰতৰ ৰাইজে মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত জয়ী কৰিবলৈ ভোট দিবলৈ সাজু হৈ আছে বুলি তেওঁ কয় ৷

লগতে পঢ়ক:2026ৰ এপ্ৰিলত যোৰহাট-মাজুলী সংযোগী দলং উদ্বোধনৰ সম্ভাৱনা - Himanta Biswa Sarma in Majuli

ABOUT THE AUTHOR

...view details