অসম

assam

ETV Bharat / state

উৰুকাৰ নিশা হেৰালি ঘৰত গোৱা 'হেঁচানাম'ৰ মাধুৰ্য পান কৰো আহক... - BHOGALI BIHU 2025

লুপ্ত হ'বলৈ ধৰা কলিয়াবৰীয়া সংস্কৃতিৰ এক অংগ 'হেঁচানাম'ৰ অতীত সোঁৱৰণী শিল্পী পেঞ্চনাৰ যজ্ঞোৰাম বৰাৰ মুখেৰে আজিৰ বিশেষ...

Assam Celebrates Magh Bihu With Traditional Rituals And Community Feasts
মাঘ বিহু বিশেষ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 13, 2025, 6:54 PM IST

কলিয়াবৰ :ঐতিহ্যমণ্ডিত কলিয়াবৰ, সত্ৰৰ নিজস্ব চৰ্চাৰ সম্পদখিনিৰ ব্যতিৰেকেও অলেখ লোক-সাংস্কৃতিক সম্পদ, পৰিৱেশ্য কলাৰ ৰূপ কলিয়াবৰৰ অৰঙে-দৰঙে সিঁচৰতি হৈ আছে । ভোগালীৰ বতৰত হেৰলি ঘৰ বা ঢেৰা ঘৰৰ চিনাকি হেঁচানাম, ব’ৰাগী নামৰ লগতে কলীবুঢ়ীৰ নৃত্য আদিয়ে এসময়ত কলিয়াবৰ ৰজনজনাই আছিল । সকলোৰে মনত কৌতুহল আৰু উল্লাসৰ সৃষ্টি কৰিছিল -

"মাধৈমালতী ফুল চালত শুকাল/হৰিনাম লওঁতেই ৰাতি পুৱাল"বুলি মাঘৰ বিহুৰ হাৰলিঘৰৰ জুইৰ কাষতে ৰাতি পুৱাই দিছিল ।

হেঁচানাম (ETV Bharat Assam)

ঐতিহ্যমণ্ডিত কলিয়াবৰ সাংস্কৃতিকভাৱে চহকী । বিভিন্ন উৎসৱ পালন হোৱা এই কলিয়াবৰত বিহুৰো এক সুকীয়া স্থান আছে । তিনিওটা বিহু অতি উলহ-মালহেৰে পালন কৰা হয় । বিহু উৎসৱৰ আন সাংস্কৃতিক বৈশিষ্ট্যৰ লগতে কলিয়াবৰত তিনিওটা বিহুতে সত্ৰীয়া সংস্কৃতিৰে পৰিপুষ্ট ‘‘নাম কীৰ্তন’’ৰ প্ৰভাৱ সুস্পষ্ট ৰূপত দেখা যায় ।

কথিত আছে- মদন মোহন শ্ৰীকৃষ্ণই জগতৰ সমাজক চাৰি প্ৰকাৰৰ মাধুৰ্যৰে মুহি ৰাখিবলৈ সক্ষম হৈছে - ৰূপ মাধুৰ্য, লীলা মাধুৰ্য, বেণু মাধুৰ্য আৰু নাম মাধুৰ্য । এই সকলো মাধুৰ্যৰ ভিতৰত নাম মাধুৰ্যকে শ্ৰেষ্ঠ স্থান দিয়া হৈছে । গুৰুজনাৰ নামধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ পৰাই নামৰ গুৰুত্বই অসমীয়া সমাজ জীৱন প্ৰভাৱিত কৰি আহিছে ।

যজ্ঞোৰাম বৰা (ETV Bharat Assam)

ব’হাগ বিহুত হুঁচৰি নাম, কাতি বিহুত তুলসী তলৰ নাম আৰু মাঘ বিহুত হেঁচানাম, ব’ৰাগী নাম । ‘‘ছ-অৰা এখন সত্ৰ’’ৰে কলিয়াবৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ হোৱাৰ বাবেও সত্ৰীয়া সংস্কৃতিৰ উপকৰণসমূহে কলিয়াবৰৰ জাতীয় উৎসৱতো অতীজৰে পৰা প্ৰভাৱ বিস্তাৰ কৰি আহিছে । সেয়ে ব’হাগ আৰু কাতি বিহুৰ দৰে ভোগৰ উৎসৱ ভোগালী বিহু পালনৰো সুকীয়া বৈশিষ্ট্য আছে ।

কলিয়াবৰত ভোগালী বিহু পালনৰ নিয়ম আন ঠাইৰ তুলনাত কিছু পৃথক । কলিয়াবৰত ভোগৰ উৎসৱ ভোগালী বিহুত উল্লেখযোগ্য সমলটি হ'ল হেৰালি ঘৰ । হেৰালি ঘৰ গাঁৱৰ ৰাইজে পথাৰত বা গাঁৱৰ মুকলি ঠাইত সাজি উৰুকাৰ নিশা ধৰ্মীয় নিয়মেৰে মুকলি কৰাৰ নিয়ম । এই হেৰালি ঘৰতে এক বিশেষ বৈশিষ্ট্যৰ নামৰ প্ৰচলন আছে । উৰুকাৰ পৰা কেইবাদিন এই হেৰালি ঘৰত গাঁৱৰ ৰাইজে মিলি ভোজ-ভাত খাই আনন্দ-স্ফূৰ্তি কৰে ।

লগতে পঢ়ক :ভোগালীৰ উৰুকা: জাকৈ-জুলুকি লৈ কাজিৰঙাত সমূহীয়া মৎস্য চিকাৰ

হেৰালি ঘৰ জ্বলোৱাৰ আগনিশা আয়োজিত ‘‘বৰ-সবাহ’’ত ধৰ্মীয় পৰম্পৰাৰে ধূপ-দীপ-নৈবদ্যৰে প্ৰসাদ আগবঢ়াই নাম গায় । ভোগালী বিহু উপলক্ষে নৰা-খেৰ-বাঁহেৰে সাজি উলিওৱা হেৰালি ঘৰত গোৱা নামক ‘হেঁচানাম’ বুলি কোৱা হয় । খোল-তাল সংগত কৰি গোৱা এই নাম ওৰে নিশা চলে ।

প্ৰধানতঃ শ্ৰীকৃষ্ণৰ প্ৰধান্য থকা নামসমূহ প্ৰথমে হেৰালি ঘৰৰ সভাসদসকলে একেলগে আৰম্ভ কৰে যদিও শেষৰফালে দুটা পক্ষৰ মাজতে নামেৰেই অৰিয়া-অৰি পৰ্যায়লৈ যায়গৈ, যি অতি আমোদজনক আৰু হৃদয়স্পৰ্শী হৈ উঠে । কিন্তু শেহতীয়াকৈ কলিয়াবৰীয়া সংস্কৃতিৰ অমূল্য সম্পদবিধ পূৰ্বৰ তুলনাত চৰ্চা কমি আহিছে ।

কলিয়াবৰত হেৰালি ঘৰ সজা হয় যদিও ই একমাত্ৰ ভোজ-ভাত খোৱা, স্ফুৰ্তি-তামাচাৰ স্থান হৈ পৰিলেও দুই এঠাইত এতিয়াও ‘হেঁচানাম’ৰ প্ৰচলন আছে । এই বিশেষ পদ্ধতিৰ নামৰ বিষয়ে কলিয়াবৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সত্ৰীয়া কলা-কৃষ্টিৰ বিশিষ্ট শিল্পী তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ যজ্ঞোৰাম বৰাই অতীতৰ স্মৃতি সোঁৱৰণ কৰি কয়, ‘‘পুহৰ শেষৰ ফালে ভোগালী বিহুলৈ চাৰি-পাঁচদিন থাকোতে গাঁৱৰ ডেকা-বুঢ়া সকলোৰে গাত তৎ নাইকিয়া হৈছিল । অৱশ্যে কমকৈ হ'লেও এতিয়াও আছে ।’’

‘‘কলিয়াবৰত এই হেৰালি ঘৰতে আমি হেঁচা নাম গাইছিলো । আমাৰ দেউতা, বৰ্তা তথা গাঁৱৰ জ্যেষ্ঠসকলে গোৱা শুনিছিলো । এই নাম গাওঁতে আমি সৰুতে বৰ আনন্দ পাইছিলো । এই নামসমূহ এতিয়াও আমাৰ মনত আছে । ইয়াক ৰখাৰ চেষ্টা চলাই আছো ।’’ তেওঁ কয় ৷

‘‘বিভিন্ন প্ৰকাৰৰ নাম আছে, কিন্তু এই হেঁচা নাম হেৰালি ঘৰতে গোৱা হয় । এই নাম সাধাৰণতে উৰুকাৰ নিশা আৰু বৰসবাহ পাতি গোৱা হয় । আমাৰ দলিবাৰী গাঁৱত এই পৰম্পৰা ধাৰাবাহিকভাৱে ৰখা হৈছিল যদিও মাজে-মধ্যে যতি নপৰা নহয় । উঠি অহা প্ৰজন্মই যদি এই বিশেষ নামভাগ ৰখাৰ চেষ্টা কৰে আমি নিশ্চয় সহযোগ কৰিম ।" শিল্পী পেঞ্চনাৰ যজ্ঞোৰাম বৰাই কয় ৷

লগতে পঢ়ক :মাছৰ সোমবাৰ ! কেৱল মাছ আৰু মাছ... ক'ত ওলাল কিমান ওজনৰ ?

লগতে পঢ়ক :৪৬ হাজাৰ টকাৰ এটা চিতল মাছ

ABOUT THE AUTHOR

...view details