অসম

assam

ETV Bharat / state

১৪ৰ পৰা ১৮ হ'ল অসম মন্ত্রীসভা : মন্ত্রী হিচাপে শপতগ্ৰহণ ৪ বিধায়কৰ - ASSAM CABINET EXPANSION

কলাক্ষেত্রত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই চাৰিগৰাকী বিধায়কক মন্ত্রী হিচাপে শপত বাক্য পাঠ কৰায় ।

Assam Cabinet Expansion
১৪ৰ পৰা ১৮ হ'ল অসম মন্ত্রীসভা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 7, 2024, 4:23 PM IST

গুৱাহাটী :অৱশেষত সম্প্ৰসাৰণ ঘটিল মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাৰ । চাৰিগৰাকীকৈ বিধায়ক অসম মন্ত্রীসভাত অন্তৰ্ভুক্ত হ'ল । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শনিবাৰে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চাৰিগৰাকী বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই মন্ত্রী হিচাপে শপতগ্ৰহণ কৰে ।

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই চাৰিগৰাকী বিধায়কক মন্ত্রী হিচাপে কৰ্তব্য-নিষ্ঠা আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় । শপতগ্ৰহণ অনুষ্ঠানটোত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ভালেসংখ্যক মন্ত্রী আৰু বিধায়ক উপস্থিত থাকে ।

১৪ৰ পৰা ১৮ হ'ল অসম মন্ত্রীসভা (ETV Bharat Assam)

চাৰিগৰাকী বিধায়ক অন্তৰ্ভুক্ত হোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাৰ মন্ত্রীৰ সংখ্যা মুখ্যমন্ত্রীকে ধৰি ১৮ গৰাকীলৈ বৃদ্ধি পালে । লক্ষণীয় বিষয় যে বৃহস্পতিবাৰে মুখ্যমন্ত্রীয়ে চাৰিগৰাকী নতুন মন্ত্রীৰ নাম ঘোষণা কৰাৰ পূৰ্বে মন্ত্রী সঞ্জয় কিষাণে মন্ত্রীপদ ত্যাগ কৰিছিল । যাৰ ফলত মন্ত্রীসভাৰ সংখ্যা ১৫ গৰাকীৰ পৰা ১৪ গৰাকীলৈ হ্ৰাস পাইছিল । শনিবাৰে চাৰিগৰাকীয়ে শপতগ্ৰহণ কৰাত মন্ত্রীৰ সংখ্যা ১৮ গৰাকীলৈ বৃদ্ধি পায় । ইয়াৰ লগে লগে অসম মন্ত্রীসভাই পূৰ্ণতা লাভ কৰিলে । মুখ্য সচিব ড৹ ৰবি কোটাই আঁতধৰা অনুষ্ঠানটোত প্ৰশান্ত ফুকনে অসমীয়াত শপত বাক্য পাঠ কৰে । কৌশিক ৰায়ে হিন্দীত শপত বাক্য পাঠ কৰে । কৃষ্ণেন্দু পালে বাংলাত শপত বাক্য পাঠ কৰে । আনহাতে ৰূপেশ গোৱালাই অসমীয়াত শপত বাক্য পাঠ কৰে ।

অসম মন্ত্রীসভাৰ সংখ্যা বৃদ্ধি পালে ১৮ গৰাকীলৈ :

উল্লেখ্য যে মন্ত্রীসভাৰ সম্প্ৰসাৰণক লৈ দীৰ্ঘদিন ধৰি জল্পনা-কল্পনা চলি থকাৰ মাজতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে মন্ত্রিত্বৰ বাবে চাৰিগৰাকী বিধায়কৰ নাম ঘোষণা কৰে । বুধবাৰে মুখ্যমন্ত্ৰীয়ে ৭ ডিচেম্বৰৰ দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাৰ সৰু সম্প্ৰসাৰণ হ'ব বুলি দিল্লীৰ পৰা ঘোষণা কৰাৰ পাছতে বৃহস্পতিবাৰে দিল্লীৰ পৰাই চাৰিগৰাকীৰ নাম ঘোষণা কৰিছিল । নতুন চাৰিগৰাকী মন্ত্ৰীক লৈ অসম মন্ত্ৰীসভাৰ মুঠ সদস্য হ'লগৈ ১৮ জন । মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰে পৰা বৰাকৰ এজন বিধায়কে মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিব বুলি ঘোষণা কৰি আহিছিল যদিও মন্ত্ৰীসভাত বৰাকৰ দুজন বিধায়কক স্থান দিয়ে ।

পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়ে নতুনকৈ মন্ত্ৰীসভাত স্থান লাভ কৰিলে । আনহাতে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই স্থান ল'লে সঞ্জয় কিষাণৰ । ইফালে দলৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে মন্ত্রিত্ব লাভ কৰাটো মুখ্যমন্ত্রীৰ মাষ্টাৰ ষ্ট্ৰোক আছিল । সুদীৰ্ঘ দিন ধৰি ডিব্ৰুগড় বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা প্ৰশান্ত ফুকনে বিজেপি প্ৰথমবাৰৰ বাবে ক্ষমতালৈ অহাৰ সময়তে মন্ত্ৰিত্ব লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও বাৰে বাৰে তেওঁ বঞ্চিত হৈ আহিছিল । লক্ষণীয় বিষয় যে মন্ত্রীসভাৰ সম্প্ৰসাৰণক লৈ চলা চৰ্চাত এইবাৰো প্ৰশান্ত ফুকনৰ নামটো নাছিল যদিও মুখ্যমন্ত্ৰীয়ে তেওঁক মন্ত্ৰিত্ব দিলে ।

দীৰ্ঘ অপেক্ষাৰ অন্তত মন্ত্ৰিত্ব পালে প্ৰশান্ত ফুকনে :

অসমত বিজেপিৰ চৰকাৰ নথকা দিনৰে পৰাই বিজেপিৰ হৈ যুঁজ দি বৰ্তমানলৈকে ডিব্ৰুগড় সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে প্ৰশান্ত ফুকনে । তেওঁ চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে । দিছপুৰত কংগ্ৰেছৰ চৰকাৰ থকা সময়ত খুবেই সৰৱ হৈ থকা প্ৰশান্ত ফুকন আজিও বিভিন্ন প্ৰসংগত সৰৱ । কংগ্ৰেছৰ দিনত পেট্ৰ'লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তেওঁ চাইকেল লৈ বিধানসভালৈ আহিছিল । ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তেওঁ গৰুগাড়ীত চিলিণ্ডাৰ ওলোমাই ৰাজপথত প্ৰতিবাদ কৰাও দেখা গৈছিল । বিজেপিৰ চৰকাৰ হওঁতে তেওঁ মন্ত্ৰিত্ব লাভ কৰিব বুলি সকলোৱে ধাৰণা কৰিছিল । কিন্তু তেওঁ মন্ত্ৰিত্ব পোৱা নাছিল । অৱশেষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰখনৰ প্ৰায় ডেৰ বছৰ সময় থকা সময়ত প্ৰশান্ত ফুকনক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে । মন্ত্রী হিচাপে অভিভূত হৈ পৰা প্ৰশান্ত ফুকনে শপতগ্ৰহণৰ পাছত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

তেওঁ কয়,"মুখ্যমন্ত্রীয়ে মোক যি দায়িত্ব দিলে তাৰ বাবে মই তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছো । যি বিভাগৰে দায়িত্ব দিব সেই বিভাগৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিম বুলি মই কথা দিলো । মুখ্যমন্ত্রীয়ে যি বিভাগে দিয়ে তাক মানি কাম কৰি যাম । মন্ত্রিত্ব পোৱাৰ লগে লগে আজিৰ পৰা এটা নতুন ইনিংছ আৰম্ভ হ'ব । বিধায়ক হিচাপে ইমান দিনে এটা পৰিসৰত কাম কৰিছিলো আৰু এতিয়া মন্ত্রী হিচাপে ৰাজ্যখনৰ বাবে কাম কৰিব লাগিব ।"

বৰাকবাসীয়ে পালে দুগৰাকী মন্ত্রী :

বৰাক উপত্যকাৰ পৰা এজনে মন্ত্রিত্ব পোৱাটো নিশ্চিত আছিল যদিও মুখ্যমন্ত্রীয়ে দুগৰাকীকে দিলে মন্ত্রিত্ব । বৰাকৰ পৰা পৰিমল শুক্লবৈদ্যই আছিল একমাত্র মন্ত্রী । লোকসভা নিৰ্বাচনত তেওঁ শিলচৰ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পাছত বৰাক মন্ত্রীশূন্য হৈ পৰিছিল । যাৰ বাবে বৰাক উপত্যকাৰ পৰা এজন বিধায়কে মন্ত্ৰিত্ব লাভ কৰাতো নিশ্চিত আছিল । কিন্তু পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল । পাথাৰকান্দি সমষ্টিৰ পৰা ২০১৬ আৰু ২০২১ত দুবাৰকৈ বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে কৃষ্ণেন্দু পাল । আনহাতে কৌশিক ৰায়ে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰলৈ লক্ষীপুৰ সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে ।

নিজৰ প্ৰতিক্ৰিয়াত কৃষ্ণেন্দু পালে কয়,"মন্ত্রী হিচাপে আজি শপত লোৱাৰ বাবে মই মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছো । মুখ্যমন্ত্রীয়ে যি দায়িত্ব দিয়ে তাক নিষ্ঠাৰে পালন কৰিম । ৰাজ্যবাসীৰ হিতৰ বাবে কাম কৰি যাম । যি বিভাগেই নিদিয়ক কিয় কাম কৰি যাব লাগিব । এনে এজন মুখ্যমন্ত্রীৰ লগত কাম কৰাৰ সুযোগ পোৱাটোৱে ডাঙৰ কথা ।"

আনহাতে মন্ত্রিত্ব লাভ কৰা বৰাকৰ কৌশিক ৰায়ে কয়, "মন্ত্রী হিচাপে যি দায়িত্ব দিয়ে তাক ভালদৰে পালন কৰি যাম । ৰাইজৰ সহায় আৰু মুখ্যমন্ত্রীৰ নিৰ্দেশনাত কাম কৰি যাম । বিজেপি চৰকাৰৰ দিনত বৰাকৰ যথেষ্টখিনি উন্নতি হৈছে । দুগৰাকীকে মন্ত্রী দি মুখ্যমন্ত্রীয়ে বৰাকক উপহাৰ দিছে ।"

সঞ্জয় কিষাণৰ স্থান ল'লে ৰূপেশ গোৱালাই :

চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সঞ্জয় কিষাণৰ স্থানত বিজেপি বিধায়ক তথা চাহ জনগোষ্ঠীৰ প্ৰতিনিধি ৰূপেশ গোৱালাক মন্ত্রিত্ব দিয়াৰ বিষয়টো চৰ্চাত থকা সময়তে মন্ত্ৰীসভাৰ সালসলনিৰ পূৰ্বেই সঞ্জয় কিষাণে মন্ত্রীপদ ত্যাগ কৰে । সঞ্জয় কিষাণে মন্ত্রীপদ ত্যাগ কৰাৰ পাছত সেই ঠাই পূৰণ কৰি মন্ত্রিত্ব লাভ কৰে ৰূপেশ গোৱালাই । সংবাদ মাধ্যমৰ আগত ৰূপেশ গোৱালাই কয়,"বিজেপিৰ সকলো কাৰ্যকৰ্তা আৰু মুখ্যমন্ত্রীক অশেষ ধন্যবাদ জনাইছো । আজিৰ পৰা দায়িত্ব বাঢ়িছে । ইয়াৰ পূৰ্বে বিধায়ক হিচাপে কাম কৰি আছিলো । এতিয়া মন্ত্রী হিচাপে অসমৰ ৰাইজক সেৱা কৰাৰ সুযোগ পাইছো । মই নিষ্ঠাৰে আৰু আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰি যাবলৈ যত্ন কৰিম । বিজেপি চৰকাৰৰ দিনত বাগিচা অঞ্চলত যথেষ্ট কাম হৈছে ।"

লগতে পঢ়ক :২০২৬ত বিজেপি বিৰোধী মিত্ৰতা শক্তিশালী কৰিব কংগ্ৰেছে; ভূপেন বৰাক সেউজ সংকেত ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details