ধিং/মৰিগাঁও : "ৰাহুল গান্ধীৰ নাম শুনিলেই গিৰীয়েকৰ অমংগল হয় ।" এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে মৰিগাঁও জিলা আয়ুক্তৰ সভাকক্ষত আয়োজিত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পাছত সাংবাদিকৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।
উল্লেখ্য যে মৰিগাঁও জিলাত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত আজি মৰিগাঁও জিলাৰ আৰ্থ-সামাজিক বিকাশ আৰু উন্নয়নৰ বাবে ২৭০ কোটিৰো অধিক টকাৰ পেকেজ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লগতে এডভাণ্টেজ আছামৰ ক্ষেত্ৰত কেৱল মুখ্যমন্ত্ৰীহে অসমৰ বাহিৰলৈ যাব, বাকী অন্য কোনো মন্ত্ৰী আৰু নাযায় বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়ায় ।
মৰিগাঁও কেবিনেটৰ পিছত মুখ্যমন্ত্ৰীৰ সংবাদমেল সম্বোধন (ETV Bharat Assam) কেবিনেট বৈঠকৰ সিদ্ধান্ত প্ৰকাশ কৰি সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, "ৰাইজৰ কোনো আপত্তি নাথাকিলে মৰিগাঁও জিলাত ১০০০ বিঘা মাটিত আন এটা নতুন উদ্যোগ স্থাপন হ'ব ।"
আনহাতে, পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত নিৰ্বাচন অনুষ্ঠিত হ'ব । আমাৰ চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দি আহিছে । পৰীক্ষা চলি থকাৰ সময়ত বিজেপি দলে মাইক বজাই সভা-সমিতি অনুষ্ঠিত কৰিব নোৱাৰে । এইটো কংগ্ৰেছ দলেহে সাহস কৰিব পাৰে ।"
ইফালে মৰিগাঁও কেবিনেটত মহিলা আত্মসহায়ক গোটৰ ওপৰত যথেষ্ঠ গুৰুত্ব দিয়াৰ লগতে উমৰাংছ' কয়লাখনিৰ শ্ৰমিকসকলৰ কাৰণেও আৰ্থিক পেকেজ ঘোষণা কৰা হয় ।
উল্লেখ্য যে মৰিগাঁও জিলাত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পাছত মৰিগাঁও জিলাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "মৈৰাবাৰী, লাহৰীঘাট, ভুৰাগাঁও, জাগীৰোড, মিকিৰভেটা, মৰিগাঁও টাউনৰ বাবে উন্নয়নৰ আঁচনি গ্ৰহণ কৰা হৈছে । মৰিগাঁৱত এটা সুন্দৰ আৰু আধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ২০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে । বিভিন্ন বিদ্যালয়-মহাবিদ্যালয় উন্নয়নৰ বাবে ৮ কোটি আৰু ৫ কোটি টকাকৈ অনুমোদন জনোৱা হৈছে । বালিমুখৰ পৰা ভুৰাগাঁও হৈ শিলপুখুৰী ৰাস্তাটো নিৰ্মাণৰ বাবে ৭০ কোটি টকা আৱণ্টন দিয়া হৈছে ।"
তেওঁ লগতে কয়, "মৰিগাঁও নগৰত ড্ৰেইন নিৰ্মাণৰ বাবে ৫৫ কোটি, মৰিগাঁও আৱৰ্ত ভৱন নিৰ্মাণৰ বাবে ১৫ কোটি টকা অনুমোদন জনোৱা হৈছে । মৰিগাঁও জিলাৰ আৰ্থ-সামাজিক বিকাশ আৰু প্ৰসাৰৰ বাবে এইখন চৰকাৰে কাম কৰি আছে ।"
কেবিনেট বৈঠকৰ পূৰ্বে কি ক'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা-ৰণজিৎ দাসে ?
উল্লেখ্য, কেবিনেট বৈঠকৰ বাবে বৃহস্পতিবাৰে মৰিগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন মন্ত্ৰীসকল । মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে কেবিনেট বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে মৰিগাঁও জিলাবাসীলৈ আজিৰ কেবিনেটে ভাল খবৰ কঢ়িয়াই আনিব বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।
কেবিনেট বৈঠকৰ পূৰ্বে মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত মৰিগাঁওবাসীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ভালপোৱাৰ কথা উল্লেখ কৰি জিলাবাসীলৈ ভাল খবৰৰ আশ্বাস দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।
ইফালে কেবিনেট বৈঠ়কত অংশগ্ৰহণৰ প্ৰাকমুহূৰ্তত মন্ত্ৰী ৰণজিৎ দাসে কয়, "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেবিনেট বৈঠক অনুষ্ঠিত কৰি আহিছে । কেবিনেট বৈঠক অনুষ্ঠিত কৰা স্থানৰ দল-সংগঠনৰ লোকসকলে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পৰিষদৰ সদস্যসকলক লগ পোৱাৰ এটা সুযোগো সহজতে লাভ কৰি অঞ্চলটোৰ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈয়ো সুযোগ লাভ কৰে । মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপ চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ এক সেতুৰ দৰে ।"