অসম

assam

ETV Bharat / state

বিধানসভাৰ উপ-নিৰ্বাচন : ৫ সমষ্টিৰ ৩৪ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজি - ASSAM BYE ELECTIONS 2024

উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিকেইটা হৈছে বিহালী, বঙাইগাঁও, ধলাই, চামগুৰি আৰু চিদলী । মুঠ ৩৪ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

ASSAM BYE ELECTION RESULTS 2024
৫ সমষ্টিৰ ৩৪ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 8:22 AM IST

Updated : Nov 23, 2024, 9:55 AM IST

গুৱাহাটী :আৰম্ভ হৈছে ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা । শেহতীয়াভাৱে অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ ফলত ৰাজ্যত খালী হোৱা বিধানসভাৰ পাঁচখন আসনৰ বাবে যোৱা ১৩ নৱেম্বৰত অনুষ্ঠিত হয় ভোটগ্ৰহণ । ভোটগ্ৰহণ অনুষ্ঠিত সমষ্টিকেইটা হৈছে বিহালী, বঙাইগাঁও, ধলাই, চামগুৰি আৰু চিদলী । এই উপ-নিৰ্বাচনত পাঁচটা সমষ্টিত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । এতিয়া ইভিএমে নিৰ্ধাৰণ কৰিব তেওঁলোকৰ ভাগ্য- কাৰ নামত আছে কোনটো সমষ্টি ।

উল্লেখ্য যে, এইবাৰৰ উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা সমষ্টিৰ ভিতৰত চৰ্চাত আছে দুটা সমষ্টি । সমষ্টি দুটা হৈছে বিহালী আৰু চামগুৰি । বিশেষকৈ চামগুৰি সমষ্টিৰ ওপৰত নিৰ্বাচনী ফলাফল সন্দৰ্ভত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে । কিয়নো এই সমষ্টিটো পূৰ্বৰ পাঁচবাৰৰ বিধায়ক ৰকিবুল হুছেইনৰ দুৰ্গ বুলি কোৱা হয় । ধুবুৰী সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইন জয়ী হোৱাৰ বাবে খালী হোৱা আসনখনত এইবাৰ কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁৰ পুত্ৰ তানজিল হুছেইনে ।

আনহাতে, তানজিল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিজেপিৰ যুৱ নেতা দিপ্লুৰঞ্জন শৰ্মা । এফালে শাসকীয় দলে সমষ্টিটো দখল কৰিবৰ বাবে কোনো ধৰণৰ চেষ্টাৰ ত্ৰুটি কৰা নাই, আনফালে কংগ্ৰেছ তথা ৰকিবুল হুছেইনে নিজৰ দুৰ্গ অক্ষত ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলায় । এতিয়া সমষ্টিটোত কোনে শেষ হাঁহি মাৰে সেয়া হয়তো কেইঘণ্টামান পিছত পৰিষ্কাৰ হৈ পৰিব ।

উল্লেখ্য যে উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্য়া হৈছে ৯,০৯,০৫৭ গৰাকী । ইয়াৰে ভোটাৰ সংখ্যা-

  1. ধলাই (এছ চি) সমষ্টিত ১,৯৬,৭৭২ গৰাকী
  2. চিদলীত (এছ টি) ২,১৭,১৮৩ গৰাকী
  3. বঙাইগাঁও সমষ্টিত ১,৮২,৩৫৪ গৰাকী
  4. বিহালীত ১,৩২,৩০০ গৰাকী আৰু
  5. চামগুৰি সমষ্টিত ১,৮০,৪৪৮ গৰাকী

আনহাতে, সমষ্টিকেইটাত মুঠ ১০৭৮ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷ ইয়াৰে ভিতৰত-

  1. ধলাইত ২০৮ টা,
  2. চিদলীত ২৭৩ টা,
  3. বঙাইগাঁৱত ২৪৬ টা,
  4. বিহালীত ১৫৪ টা,
  5. চামগুৰিত ১৯৭ টা
  • উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত মূল প্ৰতিদ্বন্দ্বিতা হ'বলগা প্ৰাৰ্থীসকল হৈছে -
  1. বঙাইগাঁও সমষ্টিত দীপ্তিময়ী চৌধুৰী (অগপ) আৰু ব্ৰজেনজিৎ সিংহ (কংগ্ৰেছ)
  2. চামগুৰি সমষ্টিত দিপ্লু ৰঞ্জন শৰ্মা (বিজেপি) আৰু তানজিল হুছেইন (কংগ্ৰেছ)
  3. ধলাই সমষ্টিত নীহাৰ ৰঞ্জন দাস (বিজেপি) আৰু ধ্ৰুৱজ্যোতি পুৰকায়স্থ (কংগ্ৰেছ)
  4. বিহালী সমষ্টিত দিগন্ত ঘাটোৱাল (বিজেপি) আৰু জয়ন্ত বৰা (কংগ্ৰেছ)
  5. চিদলী সমষ্টিত নিৰ্মল কুমাৰ ব্ৰহ্ম (ইউ পি পি এল), শুদ্ধ কুমাৰ বসুমতাৰী (বি পি এফ) আৰু কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰী

সমষ্টি ভিত্তিক ভোটদানৰ হাৰ আৰু প্ৰাৰ্থীসকল

  • বঙাইগাঁও সমষ্টি

বঙাইগাঁৱত ভোটদানৰ হাৰ আছিল ৭৭.৮৯ শতাংশ । বঙাইগাঁৱত মূল যুঁজ অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী আৰু কংগ্ৰেছৰ ব্ৰজেনজিৎ সিংহৰ মাজতে হোৱাৰ সম্ভাৱনা আছে । বঙাইগাঁও সমষ্টিত আঠগৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল । তেওঁলোক হৈছে অগপৰ দীপ্তিময়ী চৌধুৰী, কংগ্ৰেছৰ ব্ৰজেনজিৎ সিংহ, এছ ইউ চি আইৰ মৃত্যুঞ্জয় ৰাভা, নিৰ্দলীয় শৈলেন্দ্ৰ সৰকাৰ, নিৰ্দলীয় অনুপ কুমাৰ কৰ্মকাৰ, নিৰ্দলীয় ভদ্ৰেশ্বৰ বৰ্মন, নিৰ্দলীয় গৌতম ৰায় আৰু নিৰ্দলীয় প্ৰাৰ্থী দীপক দাস । আজি নিৰ্ণয় হ'ব কোনে প্ৰতিনিধিত্ব কৰিব বঙাইগাঁও সমষ্টিক ।

  • চিদলী সমষ্টি

চিদলী সমষ্টিৰ ভোটগণনা হৈছে কাজলগাঁৱত । চিদলীৰ উপ-নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৫.৪৭ শতাংশ । চিদলীত মূল ভোট যুদ্ধ হ’ব ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীৰ মাজত । চিদলী সমষ্টিত অৱতীৰ্ণ হৈছিল তিনিগৰাকী প্ৰাৰ্থী । তেওঁলোক হৈছে ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰক্ষ্ম, বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰী ।

  • বিহালী সমষ্টি

বিহালী সমষ্টিৰ ভোটগগণা হৈছে বিশ্বনাথত । বিহালীত ভোটদানৰ হাৰ আছিল ৭৫.৭৯ শতাংশ ৷ বিহালীত মূল ভোট যুদ্ধ বিজেপিৰ দিগন্ত ঘাটোৱাল আৰু কংগ্ৰেছৰ জয়ন্ত বৰাৰ মাজত হোৱাৰ সম্ভাৱনা আছে । এই দুয়োজনৰ মাজৰ পৰাই দিছপুৰলৈ যাব এজন । বিহালী সমষ্টিত অৱতীৰ্ণ হৈছিল চাৰিগৰাকী প্ৰাৰ্থী । তেওঁলোক হৈছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল, কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা, চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মী আৰু আম আদমি পাৰ্টীৰ প্ৰাৰ্থী অনন্ত গগৈ।

  • চামগুৰি সমষ্টি

চামগুৰিৰ ভোটগণনা হৈছে নগাঁও সদৰত । উপ-নিৰ্বাচনত চামগুৰিত ভোটদানৰ হাৰ আছিল ৭৯.৫৫ শতাংশ । এইবাৰ পাঁচ সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় ভোট যুঁজ হৈছে চামগুৰি সমষ্টিত । আনহাতে, বিশেষভাৱে চৰ্চাত আছিল চামগুৰি । চামগুৰিত মূল ভোট যুঁজ বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মাজত হ'ব বুলি ধাৰণা কৰা হৈছে ।

সমষ্টিটোত অৱতীৰ্ণ হৈছিল ১১ গৰাকী প্ৰাৰ্থী । তেওঁলোক হৈছে বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা, কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন, আম আদমি পাৰ্টীৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী, এছ ইউ চি আইৰ প্ৰাৰ্থী আব্দুছ চবুৰ মিঞা, ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী বীৰেন বসাক, ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ প্ৰাৰ্থী ৰবুল হক, নিৰ্দলীয় প্ৰাৰ্থী ফাতেমা খাতুন, নিৰ্দলীয় প্ৰাৰ্থী শশী তাঁতী, নিৰ্দলীয় প্ৰাৰ্থী জেহিৰুল ইছলাম, নিৰ্দলীয় প্ৰাৰ্থী মুচাব্বিৰ আলী আহমেদ আৰু নিৰ্দলীয় প্ৰাৰ্থী আব্দুল মাজিদ ।

  • ধলাই সমষ্টি

ধলাই সমষ্টিৰ ভোটগণনা হৈছে শিলচৰত । ধলাই সমষ্টিত উপ-নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭০.৩১ শতাংশ । ধলাই সমষ্টিতো মূল ভোট যুদ্ধ বিজেপিৰ নীহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থৰ মাজত হ'ব বুলি ধাৰণা কৰা হৈছে । সমষ্টিটোত ভোটযুদ্ধত অৱতীৰ্ণ হৈছিল আঠগৰাকী প্ৰাৰ্থী । তেওঁলোক হৈছে বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস, কংগ্ৰেছৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰুকায়স্থ, এছ ইউ চি আইৰ প্ৰাৰ্থী গৌৰ চন্দ্ৰ দাস, নিৰ্দলীয় প্ৰাৰ্থী অমলেন্দু দাস, নিৰ্দলীয় প্ৰাৰ্থী ধীৰাজ দাস, নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰ ধুবী, নিৰ্দলীয় প্ৰাৰ্থী পৰিমল দাস আৰু নিৰ্দলীয় প্ৰাৰ্থী ৰাজু দাস ।

লগতে পঢ়ক :এতিয়া ফলাফলৰ সময়, দিপ্লুৰঞ্জনে ভেদিব পাৰিবনে ৰকিবুলৰ অভেদ্য দুৰ্গ?
লগতে পঢ়ক :উপ-নিৰ্বাচন ২০২৪: অসমৰ পাঁচটা সমষ্টিৰ ভোটগ্ৰহণৰ প্ৰতি মুহূৰ্তৰ খবৰ
Last Updated : Nov 23, 2024, 9:55 AM IST

ABOUT THE AUTHOR

...view details