অসম

assam

ETV Bharat / state

নিৰ্বাচন নহয় যেন কুৰুক্ষেত্ৰৰ ৰণহে ! অনশনত বহিল ৰকিবুল হুছেইনসহ কংগ্ৰেছী নেতা; বিজেপিৰো প্ৰতিবাদ

তানজিল হুছেইনক হত্যা কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই । অভিযোগ ৰকিবুল হুছেইনৰ ৷ মুখ্যমন্ত্ৰীক কি আহ্বান তানজিলৰ ?

Assam By polls 2024
উপ-নিৰ্বাচন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 10, 2024, 9:32 PM IST

নগাঁও:উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত অধিক অৱনতি ঘটিছে চামগুৰিৰ ৰাজনৈতিক পৰিৱেশ । দেওবাৰৰ দিনটো কংগ্ৰেছ-বিজেপিৰ মুখামুখী প্ৰতিবাদে উত্তাল কৰি ৰাখে চামগুৰি আৰক্ষী থানা চৌহদ । দেওবাৰে সমষ্টিটোৰ উদমাৰীত প্ৰচাৰ চলাবলৈ যোৱাৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ বাহনত আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে এজাহাৰ দিবলৈ দলীয় কৰ্মী সমৰ্থকক লগত লৈ উপস্থিত হয় তাঞ্জিল হুছেইন ।

পৰৱৰ্তী সময়ত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, শিৱামণি বৰাসহ আন এটা দল উপস্থিত হৈ থানাৰ সন্মুখতে সাব্যস্ত কৰে প্ৰতিবাদ । কংগ্ৰেছৰ কৰ্মী-সমৰ্থকসলে বিজেপিৰ বিৰুদ্ধে নানা শ্ল'গান দি উত্তাল কৰি তোলে পৰিৱেশ ।

নিৰ্বাচন নহয় যেন কুৰুক্ষেত্ৰৰ ৰণহে (ETV Bharat)

একে সময়তে চামগুৰি আৰক্ষী থানাৰ সন্মুখত উপস্থিত হয় বিজেপি দলৰো একাংশ কৰ্মী সমৰ্থক । বিজেপিৰ কৰ্মী-সমৰ্থকে ৰকিবুল হুছেইনৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দিয়াৰ লগতে নানা শ্ল'গানেৰে উত্তপ্ত কৰি তোলে পৰিস্থিতি । বিজেপি কৰ্মী-সমৰ্থকৰ মুৰ্দাবাদ শ্ল'গানৰ মাজতে ৰাজপথত অনশনত বহে সাংসদ ৰকিবুল হুছেইন ।

লগতে পঢ়ক:গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক ভেঙুচালি বা ক্ষতিগ্ৰস্ত কৰিবলৈ নিদিওঁ : মুখ্যমন্ত্রী

প্ৰায় দুই তিনি ঘন্টা সময় ৰকিবুল হুছেইনৰ সন্মুখতে বিজেপি কৰ্মীয়ে মুৰ্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয় । অৱশেষত পৰিস্থিতি অধিক অৱনতি ঘটাত আৰক্ষীয়ে অৰ্ধসামৰিক বাহিনীৰ সহায়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

আনহাতে, দেওবাৰে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ বাহনত আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰি নিৰাপত্তা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে তানজিল হুছেইনেও । প্ৰতিবাদত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ তাঞ্জিল হুছেইনৰ- ‘‘মই বহুত সৰু ল'ৰা, মই পৃথিৱীখন দেখাই নাই । মোক জীয়াই থাকিবলৈ দিয়ক । যদি মৰিয়েই যাওঁ তেতিয়াতো একো কাম নাই ।" কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ বাহনত হোৱা আক্ৰমণৰ ঘটনাৰ বিষয়েও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে তানজিল হুছেইনে ।

লগতে পঢ়ক:প্ৰকৃততে কোনে চলাইছিল গুলী ?

ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনক হিমন্ত বিশ্ব শৰ্মাই হত্যা কৰিব বিচাৰিছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে তানজিল হুছেইনৰ পিতৃ তথা কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে । সংবাদ মাধ্যমৰ সন্মুখত ৰকিবুল হুছেইনৰ পোনপটীয়া অভিযোগ- ‘‘হিমন্ত বিশ্ব শৰ্মাই হত্যা কৰি হ’লেও নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বিচাৰিছে । আৰক্ষী থানাত এজাহাৰ দিবলৈ আহোতে বিজেপিৰ কৰ্মীয়ে মুৰ্দাবাদ ধ্বনি দিয়ে ।’’

ইপিনে, চামগুৰি আৰক্ষী থানাৰ সন্মুখত উপস্থিত হৈ বিজেপি কৰ্মীক সাক্ষাৎ কৰে শিল্পী তথা বিজেপি নেতা সীমান্ত শেখৰে । আৰক্ষী থানাৰ সন্মুখত উপস্থিত হৈ ইটিভি ভাৰতৰ সন্মুখত কেবাটাও মন্তব্য কৰে সীমান্ত শেখৰে । চামগুৰি সমষ্টিক এজন গব্বৰ সিঙে চম্বল বনাব বিচাৰিছে বুলি মন্তব্য কৰে সীমান্ত শেখৰে । শনিবাৰে চামগুৰিত সংঘটিত হোৱা গুলীচালনাৰ ঘটনা সন্দৰ্ভতো মন্তব্য কৰে সীমান্ত শেখৰে । "বিজেপি দলৰ বিধায়কক যদি ৰকিবুল হুছেইনৰ গুণ্ডাবাহিনীয়ে গুলীয়াব পাৰে তেন্তে ৰকিবুল হুছেইনকো তেওঁৰেই গুণ্ডাবাহিনীয়ে এদিন আক্ৰমণ কৰিব ।" তেওঁ কয় ৷

উল্লেখযোগ্য যে, উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰায় প্ৰতিদিনেই চামগুৰি সমষ্টিত সংঘটিত হোৱা হিংসাত্মক ঘটনাই উদ্বিগ্ন কৰি তুলিছে সচেতন নাগৰিকক ।

লগতে পঢ়ক:এইবাৰ নিৰ্দলীয় প্ৰাৰ্থীক আক্ৰমণ; কি চলিছে চামগুৰিত ?

ABOUT THE AUTHOR

...view details