অসম

assam

ETV Bharat / state

একেখন মঞ্চত অসম সাহিত্য সভাৰ সভাপতি পদৰ দুই প্ৰাৰ্থী; পৰস্পৰক জনালে শুভেচ্ছা - ASAM SAHITYA SABHA

সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হ'লেও পৰস্পৰৰ মাজত নাই কোনো ক্ষোভ । একেলগে কাম কৰাৰ ইচ্ছা ড৹ বসন্ত কুমাৰ গোস্বামী আৰু উপেন ৰাভা হাকাচামৰ ।

Jorhat Assam Book Fair
অসম গ্ৰন্থমেলাত আলোচনা চক্ৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 10:13 AM IST

যোৰহাট : অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰত দহদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা । এই গ্ৰন্থমেলাৰ এক অনুষ্ঠানত একেখন মঞ্চতে দেখিবলৈ পোৱা গ'ল অসম সাহিত্য় সভাৰ সভাপতি পদৰ দুগৰাকী প্ৰাৰ্থী ড৹ বসন্ত কুমাৰ গোস্বামী আৰু উপেন ৰাভা হাকাচামক । ধ্ৰুপদী ভাষাৰ মৰ্যদা সন্দৰ্ভত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত দুয়োগৰাকী বিশিষ্ট সাহিত্য়িকে হাঁহিমুখে পৰস্পৰক জনালে শুভেচ্ছা ।

একেখন মঞ্চত অসম সাহিত্য সভাৰ সভাপতি পদৰ দুই প্ৰাৰ্থীয়ে বিগত কেইবাবছৰ ধৰি পৰস্পৰে একেলগে কাম কৰাৰ কথা উল্লেখ কৰে । দুয়োগৰাকী প্ৰাৰ্থীয়ে সাহিত্য সভাৰ সংবিধান সংশোধনীৰ পৰা আৰম্ভ কৰি ৰিগিং বন্ধ কৰা সন্দৰ্ভত মন্তব্য় কৰে । অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত আয়োজিত 'অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যদা:চৰ্চা আৰু দায়বদ্ধতা' শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰে দুইগৰাকী বিশিষ্ট ব্যক্তিয়ে । এই বিষয়বস্তু সন্দৰ্ভত বিস্তৃতভাৱে মত প্ৰকাশ কৰিলে বিশিষ্ট সাহিত্য়িক দুগৰাকীয়ে ।

অসম গ্ৰন্থমেলাত আলোচনা চক্ৰ (ETV Bharat Assam)

গণতান্ত্ৰিক ব্যৱস্থাৰ স্বাৰ্থত বেলেটত ৰিগিং বন্ধ কৰাৰ দাবী

উপেন ৰাভা হাকাচামে সুস্থ সৱল গণতান্ত্ৰিক ব্যৱস্থাৰ স্বাৰ্থত বেলেটত ৰিগিং নহয় তাৰ বাবে সকলোকে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় । লগতে সভাপতি পদৰ প্ৰাৰ্থী বসন্ত কুমাৰ গোস্বামীকো শুভেচ্ছা জ্ঞাপন কৰে বিশিষ্ট সাহিত্য়িকগৰাকীয়ে ।

অসম সাহিত্য সভাৰ সংবিধান সলনি হোৱাৰ আশা প্ৰকাশ

আনহাতে, সভাপতি পদৰ আন এগৰাকী প্ৰাৰ্থী ড৹ বসন্ত কুমাৰ গোস্বামীয়ে পৰৱৰ্তী সময়ত সাহিত্য সভাৰ সংবিধান সলনি হ'ব বুলি আশা প্ৰকাশ কৰে । তেওঁ দুয়োগৰাকীয়ে সৌহাদ্যপূৰ্ণভাৱে আলোচনাত মিলিত হোৱাৰ কথাও প্ৰকাশ কৰে ।

লগতে পঢ়ক:ৰাজনীতি সাহিত্য়ৰ ধৰ্ম হ'ব নোৱাৰে: অসম গ্ৰন্থমেলাত ক্ষোভ উজাৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে

গ্ৰন্থমেলাৰ গ্ৰন্থ বিপণিত নাই গ্ৰাহক

ABOUT THE AUTHOR

...view details