অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

প্ৰিয়াংক খাৰ্গেৰ মন্তব্যই কঁপাইছে ৰাজ্য: জাগীৰোডত বিজেপিৰ বিশাল প্ৰতিবাদ - Priyank Kharge Controversy

Priyank Kharge on Assam semiconductor project : অসমত ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপনক লৈ কৰ্ণাটকৰ কেবিনেট মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই কৰা মন্তব্যৰ প্ৰতিবাদত মঙলবাৰে মৰিগাঁৱত বিজেপি মন্ত্ৰী-বিধায়ক-নেতাই বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদত অংশ লৈ মন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক পীয়ুষ হাজৰীকাই কংগ্ৰেছৰ নেতাসকলক অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ আহ্বান জনায় ৷

Priyank Kharge on Assam semiconductor project
জাগীৰোডত বিজেপিৰ বিশাল প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী/ধিং, ১ অক্টোবৰ :কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই অসমৰ জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ কৰা মন্তব্যক লৈ বিজেপিৰ উত্তাল প্ৰতিবাদ । জাগীৰোডত মঙলবাৰে কংগ্ৰেছ আৰু প্ৰিয়াংক খাৰ্গেৰ বিৰুদ্ধে বিজেপি নেতা-কৰ্মীয়ে এক বিশাল প্ৰতিবাদ সাব্যস্ত কৰে ।

“কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গেৰ মন্তব্য অসমবাসীৰ বাবে চৰম অপমানজনক । অসমৰ ২৯ হাজাৰ ল’ৰা-ছোৱালীয়ে ইয়াত চাকৰি পাব ৷ তাকে দেখি কংগ্ৰেছৰ নেতাসকলৰ গাৰ পোৰণি হৈছে । অসমৰ ল’ৰাই কিয় চাকৰি পাব ? তাকো হিমন্ত বিশ্ব শৰ্মাই দিছে চাকৰি ! মোদী ডাঙৰীয়াই উদ্যোগ দিছে ৷ কিন্তু কংগ্ৰেছে সূতা-কম্বল দি দি ভোট লৈছিল ৷ সেয়ে কংগ্ৰেছে সহ্য কৰিব পৰা নাই । আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছো ৷ মই কংগ্ৰেছৰ নেতাসকলক ক্ষমা বিচাৰিবলৈ আহ্বান জনাইছো ।” জাগীৰোডত প্ৰতিবাদী সমদলৰ পিছত এই মন্তব্য মন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক পীয়ুষ হাজৰীকাৰ ৷

জাগীৰোডত বিজেপিৰ বিশাল প্ৰতিবাদ (ETV Bharat Assam)

ইয়াৰ উপৰিও গৌৰৱ গগৈকে ধৰি অসমৰ কংগ্ৰেছ নেতাসকলে প্ৰিয়াংক খাৰ্গেৰ বক্তব্যক সমৰ্থন দিয়া বুলি অভিযোগো কৰে মন্ত্ৰী হাজৰীকাই । “প্ৰিয়াংক খাৰ্গেই অসমত কিয় এই উদ্যোগ হ’ব তাক লৈ প্ৰশ্ন তুলিছে । তেওঁ লগতে কৈছে যে আমাৰ ল’ৰা-ছোৱালীসকলে কাম কৰিব নাজানে ৷ আমি স্কিল্ড নহয় ৷ কংগ্ৰেছৰ জনা-শুনা ব্যক্তিসকলে জনা উচিত যে প্ৰিয়াংক খাৰ্গেই তেওঁৰ নিজৰ ভেৰিফাইড একাউণ্টৰ পৰা টুইট কৰিছে এইসমূহ কথা । আজিও এই টুইটটো মচি দিয়া নাই । এয়া অসমীয়াক অপমান নহয় কি ?” প্ৰশ্ন পীয়ুষ হাজৰীকাৰ ।

উল্লেখযোগ্য যে, যোৱা ২৫ ছেপ্টেম্বৰত কংগ্ৰেছ নেতা তথা কৰ্ণাটকৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী হিচাপে সামাজিক মাধ্যম X যোগে কেন্দ্ৰীয় চৰকাৰক প্ৰিয়াংক খাৰ্গেই জাগীৰোড ছেমিকণ্ডাক্টৰ প্ৰকল্প প্ৰসংগত প্ৰশ্ন কৰিছিল এইদৰে, "৫ টা ছেমি কণ্ডাক্টৰ ইউনিটৰ ৪ টা গুজৰাটক আৰু ১ টা অসমক কেন্দ্ৰীয় চৰকাৰে দিছে । কিন্তু তাত ছেমি কণ্ডাক্টৰৰ বাবে দক্ষতাৰ পৰিবেশতন্ত্ৰ (Ecosystem)নাই । গৱেষণাৰ বাবে পৰিবেশতন্ত্ৰ নাই । নাই উদ্ভাৱন কৰাৰ পৰিবেশ । যি ক্ষেত্ৰত কৰ্ণাটকত ৭০ % চীপ ডিজাইন কৰাৰ প্ৰতিভাধৰ মানুহ আছে । মই বুজি পোৱা নাই যে চৰকাৰে কিয় ৰাজনৈতিক ক্ষমতাৰে অন্য ৰাজ্যলৈ ঠেলি আমাক বঞ্চিত কৰিছে় । এয়া অন্যায় ।’’

এই মন্তব্যৰ পিছতে সমগ্ৰ অসমত বিজেপিয়ে বিষয়টো লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ মঙলবাৰে প্ৰকল্পথলী জাগীৰোডত বিজেপিয়ে কংগ্ৰেছক অসমবিৰোধী আখ্যাৰে এই বিশাল প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰে । প্ৰতিবাদী কাৰ্যসূচীত বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰী, ৰূপক শৰ্মা, জিতু গোস্বামী, দিগন্ত কলিতা, মানৱ ডেকা, হেমাংগ ঠাকুৰীয়া আদিৰ লগতে ৰহাৰ বিধায়ক শশীকান্ত দাসকো এই প্ৰতিবাদত অংশগ্ৰহণ কৰা দেখা গ’ল ।

লগতে পঢ়ক:মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ পুত্ৰ দুয়োগৰাকী অসমবিৰোধী : পীযুষ হাজৰীকা - Priyank Kharge Controversy

প্ৰিয়ংক খাৰ্গেক আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ: আপুনি সংবেদনশীল হ'ব লাগে - Priyank Kharge Controversy

অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প নিবিচাৰে নেকি প্ৰিয়াংক খাৰ্গেই ? প্ৰদ্যুৎ বৰদলৈক ক’লে কংগ্ৰেছ নেতাগৰাকীয়ে - Priyank Kharge Controversy

ABOUT THE AUTHOR

...view details