অসম

assam

ETV Bharat / state

গুৱাহাটী মহানগৰৰ বান সন্দৰ্ভত জিলা আয়ুক্তই বুধবাৰে প্ৰতিবেদন দাখিল কৰিব : সিংহল - Guwahati Artificial Floods - GUWAHATI ARTIFICIAL FLOODS

Minister Ashok Singhal : সোমবাৰে অহা এজাক বৰষুণতে ডুব যায় সমগ্ৰ গুৱাহাটী মহানগৰী ৷ ইয়াৰ পাচতেই আজি এক কাৰ্যসূচী লৈ তেজপুৰত উপস্থিত হোৱা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলক এই সন্দৰ্ভত সোধাত, তেওঁ জিলা আয়ুক্তই কাইলৈ অৰ্থাৎ বুধবাৰে প্ৰতিবেদন দাখিল কৰাৰ কথা ব্যক্ত কৰি সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

Guwahati Artificial Floods
জলসিঞ্চন, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 10:21 PM IST

তেজপুৰ, ৬ আগষ্ট: সোমবাৰে গুৱাহাটী মহানগৰত হোৱা অভাৱনীয় কৃত্ৰিম বানৰ সন্দৰ্ভত বানমুক্ত গুৱাহাটী অভিযানৰ মুৰব্বী তথা গুৱাহাটী মহানগৰ জিলা আয়ুক্তই কাইলৈ অৰ্থাৎ বুধবাৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব আৰু উক্ত প্ৰতিবেদনৰ ভিত্তিত অসম চৰকাৰৰ কাইলৈ অনুষ্ঠিত হ'বলগীয়া সভাত বিতং আলোচনা কৰা হ'ব ৷ অসম চৰকাৰৰ জলসিঞ্চন, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে মঙলবাৰে বিয়লি তেজপুৰত সাংবাদিকৰ আগত এই কথা সদৰী কৰে ।

জলসিঞ্চন, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল (ETV Bharat Assam)

তেওঁ কয় যে, "ৰাইজে যথেষ্ট অসুবিধা পাইছে, মই উপলব্ধি কৰিছো, মই নিজেও ভুগি আছিলো, এই সমস্যাসমূহ সমাধান কৰা হ’ব ৷ আয়ুক্তই প্ৰতিবেদন দাখিল কৰক তাৰ পাচত ব্যৱস্থা লোৱা হ’ব ৷"

লগতে পঢ়ক:বৰষুণ নহয় যেন সীমাহীন দুদৰ্শাহে : কৃত্ৰিম বানত মহানগৰীৰ ৰাজপথত উপঙিল বিলাসী বাহন - Guwahati Artificial Floods

তেজপুৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৷ আজি দ্বিতীয় দিনাৰ মূল সভাত মন্ত্ৰী সিংহলে মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত গুৱাহাটীত সোমবাৰে হোৱা কৃত্ৰিম বানপানীৰ সন্দৰ্ভত ত্ৰুটি বিশ্লেষণ কৰা হ'ব বুলি ব্যক্ত কৰে । ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে বিধায়ক পৃথ্বীৰাজ ৰাভা, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ জ্যোতিকমল হাজৰিকা আৰু পৰিচালনা সমিতিৰ সভানেত্ৰী ড৹ স্বাধীনতা মহন্তৰ উপস্থিতিত তেজপুৰ মহাবিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীৰ পুঁজিৰে দুই কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা চাৰি মহলীয়া ভৱনটি আনুষ্ঠানিকভাৱে মুকলি কৰে ।

ইয়াৰ পাচত মূল সভাত দিয়া আদৰণি ভাষণত অধ্যক্ষ ড৹ জ্যোতিকমল হাজৰিকাই ১৯৬৫ চনৰ ৫ আগষ্টত স্থাপন হোৱা তেজপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ বাবে দুলাল চন্দ্ৰ ভট্টাচাৰ্য, হেৰম্ব শৰ্মা, পদ্মকান্ত দাস প্ৰমুখ্যে বিশিষ্ট লোকসকলে আগবঢ়োৱা অৱদানৰ কথা ব্যক্ত কৰে । হীৰক জয়ন্তী বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠানত আচুৰ্য বৰপাত্ৰই অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।

লগতে পঢ়ক:আজিও জলমগ্ন মহানগৰী গুৱাহাটী : কৃত্ৰিম বানৰ স্থায়ী সমাধান বিচাৰি ৰুক্মিণীনগৰত ৰাইজৰ প্ৰতিবাদ - GUWAHATI ARTIFICIAL FLOODS

ABOUT THE AUTHOR

...view details