অসম

assam

ETV Bharat / state

অসম সাহিত্য সভাৰ নিৰ্বাচন; যোৰহাটত মনোনয়ন সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ - ASAM SAHITYA SABHA ELECTION

Asam Sahitya Sabha: অসম সাহিত্য সভাৰ যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছে । কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে ।

Asam Sahitya Sabha
অসম সাহিত্য সভাৰ নিৰ্বাচন;যোৰহাটত মনোনয়ন সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 5:19 PM IST

যোৰহাট :অসম সাহিত্য সভা আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । সভাৰ প্ৰতিটো নিৰ্বাচনৰ সময়তে বিতৰ্ক হোৱা দেখা যায় । এইবাৰো অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থীৰ মনোনয়ন প্ৰক্ৰিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তাৰ মাজতে যোৰহাটত থকা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত দেখা গৈছে নিৰ্বাচনী তৎপৰতা ।

নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ

দেওবাৰে উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে কেইবাগৰাকী লোকে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে । সোমবাৰেও মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব ইচ্ছুক প্ৰাৰ্থীয়ে । ইফালে অহা ৭ আৰু ৮ নৱেম্বৰত গুৱাহাটী কাৰ্যালয়ত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব কৰিব । সভাপতি পদৰ মনোনয়নৰ বাবে উচ্চস্তৰীয় পেনেল গঠন প্ৰক্ৰিয়াক লৈ সভাৰ ভিতৰে বাহিৰে প্ৰতিক্ৰিয়া হৈ আছে যদিও কেন্দ্ৰীয় কাৰ্যালয়ৰ কোনো বিষয়ববীয়াই এই সম্পৰ্কত মুখ খোলা নাই ।

অসম সাহিত্য সভাৰ নিৰ্বাচন;যোৰহাটত মনোনয়ন সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ (ETV Bharat)

যোৰহাটত থকা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ক্ষীৰোদ দাসে কয় যে ৮৪৯ খন সক্ৰিয় শাখাই ২০২৫-২৬ বৰ্ষৰ সাহিত্য সভা নিৰ্বাচনত অংশগ্ৰহণ কৰি এখন সুস্থ সবল অসম সাহিত্য সভা গঠন কৰিব । লগতে সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া পেনেলৰ জৰিয়তে নিৰ্বাচিত কৰা সন্দৰ্ভত তেওঁ কয় যে এইয়া অসম সাহিত্য সভাৰ সংবিধানৰ সিদ্ধান্ত আৰু উক্ত পেনেলত বৰ্তমান সভাপতি, সম্পাদক আৰু উপ-সভাপতি, প্ৰাক্তন সভাপতি, সম্পাদক লগতে এগৰাকী সাহিত্যচাৰ্য থাকিব বুলি তেওঁ উল্লেখ কৰে ।

যোৰহাটস্থিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা প্ৰধান সম্পাদক পদৰ বাবে গুৱাহাটীৰ অজিত প্ৰসাদ শৰ্মা আৰু ড৹ সঞ্জীৱ কুমাৰ শৰ্মাই মনোনয়ন সংগ্ৰহ কৰে । একেদৰে উপ-সভাপতি পদৰ বাবে ডাঃ বিপিন চন্দ্ৰ কলিতা (নলবাৰী), অজয় সিংহ(নাহৰকটীয়া) আৰু পদুম ৰাজখোৱাই মনোনয়ন সংগ্ৰহ কৰে ।

লগতে পঢ়ক :প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ নিৰ্বাচন দুতৰপীয়া হ'ব

ABOUT THE AUTHOR

...view details