অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

পৃথিৱীৰ মানচিত্ৰত খোদিত আন এক শৃংগ - Himalayan Unclimbed Peak

Arunachal Peak: ভাৰতৰ পৰ্বতাৰোহীয়ে পৃথিৱীৰ মানচিত্ৰত খোদিত কৰিলে আন এক শৃংগ । সফল পৰ্বতাৰোহণৰে নতুন ইতিহাস ৰচিলে দেশৰ পৰ্বতাৰোহীয়ে । অৰুণাচল প্ৰদেশৰ টাৱাং তথা পশ্চিম কামেং অঞ্চলৰ হিমালয়ত থকা এই শৃংগৰ নাম কি ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Himalayan Unclimbed Peak
পৃথিৱীৰ মানচিত্ৰত খোদিত আন এক শৃংগ (ETV Bharat Assam)

তেজপুৰ,২৫ ছেপ্টেম্বৰ:ভাৰতৰ পৰ্বতাৰোহীৰ আন এক সফলতা । ৰাষ্ট্ৰীয় পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া সংস্থা ডিৰাঙৰ এটা দলে প্ৰথমবাৰৰ বাবে আৰোহণ কৰিলে এটা সুউচ্চ শৃংগত । দলটোৱে সফলতাৰে আৰোহণ কৰে অৰুণাচল প্ৰদেশৰ টাৱাং তথা পশ্চিম কামেং অঞ্চলৰ হিমালয়ৰ গেৰিচেন অংশৰ ২০,৯৪২ ফুট উচ্চতাৰ এটা নামহীন শৃংগত । যাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে সকলো ।

এই সন্দৰ্ভত প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে জনাই যে ১৫ জনীয়া দলটোৰ নেতৃত্বত দিছিল কৰ্ণেল ৰণবীৰ সিং জামুৱালে ৷ দলটোৱে মুঠ ১৫ দিনত এই দুঃসাহসিক আৰোহণ সম্পূৰ্ণ কৰে । তেওঁ কয়,"এই শৃংগটো কাৰিকৰীভাৱে অঞ্চলটোৰ অন্যতম প্ৰত্যাহ্বানমূলক শৃংগ আৰু ইয়াত পূৰ্বে কোনেও আৰোহণ কৰা নাছিল । শুভ্ৰ বৰফৰ আচ্ছাদন, বিশাল শিলাখণ্ড আৰু দুই কিলোমিটাৰ দৈৰ্ঘৰ হিমবাহকে ধৰি অপৰিসীম প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ পিছত দলটোৱে ইয়াত সফলতাৰে আৰোহণ কৰে । পাছত তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ সন্মানত শৃংগটোক "ছাংয়াং জ্ঞ্যাটচ' শৃংগ" হিচাপে ইয়াৰ নামকৰণ কৰে ।”

পৃথিৱীৰ মানচিত্ৰত খোদিত আন এক শৃংগ (ETV Bharat Assam)

উল্লেখযোগ্য যে,এই শৃংগটোৰ নাম ষষ্ঠ দালাই লামাৰ নামেৰে নামাকৰণ কৰি ধৰ্মগুৰুজনৰ যুগজয়ী প্ৰজ্ঞা আৰু মনপা সম্প্ৰদায়ৰ অৱদানক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে । “ছাংয়াং জ্ঞ্যাটচ’ শৃংগ” জয় কৰাৰ অভিযানটো আছিল এই দলটোৱে এতিয়ালৈকে কৰা আটাইতকৈ কঠিন পৰ্বত আৰোহণ অভিযানসমূহৰ ভিতৰত অন্যতম । বিপজ্জনক শিলাখণ্ড, বৰফৰ ঠেক পথ আৰু অভাৱনীয় প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ মাজত এই অভিযান সম্পূৰ্ণ কৰা হয় ।

দলটোৰ দৃঢ়তা আৰু দলীয় উৎসাহেৰে বিশেষ পৰ্বতাৰোহী দলটোৱে এই প্ৰত্যাহ্বানসমূহৰ মাজেৰে আগবাঢ়ি শিখৰত উপনীত হ’বলৈ সক্ষম হোৱাৰ লগতে এক নতুন ইতিহাস ৰচনা কৰে । দেশৰ দুঃসাহসিক আৰু পৰ্বতাৰোহণৰ ক্ষেত্ৰত আগৰণুৱা নিমাছে ভাৰতীয় পৰ্বতাৰোহণ ফাউণ্ডেছন (আই এম এফ)ক এই আৰোহণৰ বিষয়ে আৰু শৃংগটোৰ নাম ৰখাৰ বিষয়ে ইতিমধ্যে অৱগত কৰিছে ।

শৃংগটোৰ নামকৰণৰ বাবে প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হৈছে । যাতে "ছাংয়াং জ্ঞ্যাটচ’ শৃংগ"ক চৰকাৰী মানচিত্ৰত স্বীকৃতি দিয়া হয় । এই ঐতিহাসিক পৰ্বতাৰোহণে অৰুণাচল প্ৰদেশৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিভাত কৰাই নহয়, এই অঞ্চলটোক পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়াৰ বাবে এক প্ৰধান স্থান হিচাপেও পোহৰলৈ আনিছে আৰু ইয়াৰ দ্বাৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অভিযাত্ৰী আৰু দুঃসাহসিক অভিযান অনুৰাগীসকলক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগত অসমীয়াই উৰুৱালে গামোচা - Uhuru Peak Mount

দুসপ্তাহত তিনিবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ: নেপালী মহিলাই ৰচিলে ইতিহাস - NEPALI WOMAN CLIMBS MOUNT EVEREST

Gamosa at Mt Kanchenjunga : কাঞ্চনজংঘা জয় দুই অসমীয়াৰ ; উৰিল অসমৰ গামোচা

ABOUT THE AUTHOR

...view details