শিলচৰ, 12 জুন: কৃত্ৰিম বানৰ বাবে শিলচৰৰ বেথুকান্দিত উত্তপ্ত পৰিস্থিতি ৷ জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ভুক্তভোগী ৰাইজে ৷ স্থানীয় লোকে জানিব দিয়া অনুসৰি, বেথুকান্দি শ্লুইচ গেটখনৰ বাবে কৃত্ৰিম বানত ডুব গৈছে অঞ্চলটোৰ তিনি শতাধিক বাসগৃহ ৷ যিয়ে সমস্যাত পেলাইছে স্থানীয় লোকসকলক ৷
স্থানীয় লোকৰ অভিযোগ অনুসৰি, শ্লুইচ গেটখন খুলি নিদিয়াৰ বাবেই কৃত্ৰিম বানৰ সম্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোৰ লোক ৷ স্থানীয় লোকে এই সন্দৰ্ভত কয়, "বান পৰিস্থিতিৰ কথা বিবেচনা কৰি বন্ধ কৰি ৰখা হৈছিল শিলচৰ বেথুকান্দিৰ নৱনিৰ্মিত শ্লুইচ গেইটখন ৷ পিছে এতিয়া পৰিস্থিতি স্বাভাৱিক হ’ল ৷ তদুপৰি বৰাক নদীৰ পানী কমিল ৷ তাৰ পিচতো বৰ্তমান পৰ্যন্ত খুলি দিয়া হোৱা নাই শ্লুইচ গেটখন ৷ যাৰ ফলত কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে বেথুকান্দি মথাউৰিৰ ভিতৰ ভাগত থকা মহিষা বিলৰ সমীপৰ বাসিন্দাসকল ৷ অঞ্চলটোৰ প্ৰতিটো বাসগৃহত এতিয়াও আঁঠু পৰ্যন্ত পানী ৷"
শ্লুইচ গেইটটো খুলি দিয়াৰ দাবীত হাতে হাতে প্লে’ কাৰ্ড লৈ বাহিলৈ ওলাই আহিছে বেথুকান্দি গাঁৱৰ বাসিন্দাসকল ৷ প্ৰতিবাদকাৰীসকলে বেথুকান্দি মথাউৰি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ জলসম্পদ বিভাগৰ দায়িত্বজ্ঞানহীন কৰ্ম-কাণ্ডৰ বাবে কৃত্ৰিম বানত অঞ্চলটো ডুব গৈছে বুলি অভিযোগ তুলিছে প্ৰতিবাদকাৰীসকলে ৷