মৰাণ, 12 জুলাই: বৃহস্পতিবাৰৰ দিনটোত দুটাকৈ পৃথক দুৰ্ঘটনা সংঘটিত হয় ডিব্ৰুগড় জিলাত ৷ দুয়োটা দুৰ্ঘটনাৰ ফলত শিশু, মহিলাসহ মুঠ 11 জন গুৰুতৰভাৱে আহত হয় ৷ প্ৰথমটো ঘটনা সংঘটিত হৈছে জিলাখনৰ কোটোহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ বৃহস্পতিবাৰে আবেলি দেৰগাঁৱৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা এ এছ 03 ৱাই 3664 নম্বৰৰ এখন হোণ্ডাই এমেজ বাহনত বিপৰীত দিশৰ পৰা আহি এখন ইণ্ডিগ’ বাহনে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷
দুৰ্ঘটনাটো সংঘটিত কৰিয়েই এ এছ 23 এল 4282 নম্বৰৰ টাটা ইণ্ডিগ' বাহনখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ এই দুৰ্ঘটনাটোত এমেজ বাহনখনত থকা স্বামী-স্ত্ৰী, এটি কেঁচুৱাসহ একেটা পৰিয়ালৰ মুঠ সাতগৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে নিকটৱৰ্তী চিকিৎসালয়লৈ ৷
লগতে পঢ়ক:দ খাৱৈত বাগৰি পৰিল পৰ্যটকেৰে ভৰা বিলাসী বাছ, দুটি নাবালকৰ মৃত্যু - Road Accident