অসম

assam

ETV Bharat / state

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এইমছ গুৱাহাটীত এৰিডাৰ গছপুলি ৰোপণ - World Environment Day 2024 - WORLD ENVIRONMENT DAY 2024

Sapling plantation program: এবছৰত গুৱাহাটী এইমছৰ খালী স্থানত এৰিডাৰ গছপুলি ৰোপনত বৃহৎ সফলতা ৷ এৰিডাৰ পদক্ষেপক প্ৰশংসা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ এইমছ গুৱাহাটীৰ চৌহদটোক বনানিকৰণৰ মাধ্যমেৰে সেউজ-সুন্দৰকৈ গঢ় দিয়াৰ লক্ষ্যৰে কাম কৰিছে এৰিডাই ৷ ভৱিষ্যতৰ কাৰ্যসূচীসমূহত প্লাষ্টিকৰ ওপৰত থকা নিষেধাজ্ঞাৰ বিষয়টোত পদক্ষেপ গ্ৰহণৰ বাবে এৰিডাৰ প্ৰতি আহ্বান এইমছ গুৱাহাটীৰ ডীন ডাঃ মানসী ভট্টাচাৰ্যৰ ৷

WORLD ENVIRONMENT DAY 2024
Sapling plantation program (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 9:52 PM IST

গুৱাহাটী, ৫ জুন:সমগ্ৰ দেশৰ লগতে আজি অসমতো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ চাংসাৰিস্থিত এইমছ গুৱাহাটীতো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷ আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডেভেলপাৰ্ছ এছ'চিয়েচন চমুকৈ এৰিডাৰ উদ্যোগত আৰু এইমছ গুৱাহাটীৰ সহযোগত প্ৰতিষ্ঠানখনৰ চৌহদত বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে বিশাল পৰিসৰত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

এইমছ গুৱাহাটীত 'এৰিডা'ৰ গছপুলি ৰোপণ (ETV Bharat Assam)

লগতে পঢ়ক:গছপুলি ৰোপণেৰে প্ৰকৃতি সংৰক্ষণত ব্ৰতী এগৰাকী শিক্ষক - Great work by a teacher IN KALIABOR

অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই অংশ গ্ৰহণ কৰি গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ অনুষ্ঠানত এইমছ গুৱাহাটীৰ ডীন (একাডেমিক) ডাঃ মানসী ভট্টাচাৰ্য, চিকিৎসা অধীক্ষক ডাঃ ব্ৰায়ান, অধ্যাপক ডাঃ বিনীত মহাজন, এৰিডাৰ সভাপতি পি কে শৰ্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ৷ অনুষ্ঠানত এৰিডাৰ সভাপতি পি কে শৰ্মাই কয় যে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে দহ বছৰতকৈও অধিক সময় ধৰি গছপুলি ৰোপণ কৰি আহিছে আৰু আজিলৈকে সফলতাৰ হাৰ ৯০ শতাংশতকৈও অধিক হৈছে ৷

আনহাতে বিগত বৰ্ষৰ আজিৰ দিনটোতে এইমছ গুৱাহাটীৰ খালী এলেকাবোৰত বৃক্ষৰোপণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল আৰু সেই পদক্ষেপৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পিচত এইমছ গুৱাহাটীত ইয়াৰ সফলতাৰ হাৰ হৈছে ৯৭ শতাংশ ৷

লগতে পঢ়ক:পেলনীয়া প্লাষ্টিকৰ পুনঃব্যৱহাৰেৰে প্ৰদূষণ হ্ৰাসৰ প্ৰচেষ্টা কলিয়াবৰ মহাবিদ্যালয়ৰ - Waste Plastic Recycling

শৰ্মাই কয় যে এইমছ গুৱাহাটীৰ বিভিন্ন স্থানত বিগত এবছৰত যথেষ্ট সংখ্যক গছপুলি ৰোপন কৰা হৈছে আৰু যতনো লোৱা হৈছে ৷ যাতে গছপুলি সমূহৰ লালন-পালন ভালদৰে হয় ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই এৰিডাৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে ৷ আনহাতে এইমছ গুৱাহাটীৰ ডীন ডাঃ মানসী ভট্টাচাৰ্যই বিগত এবছৰত এৰিডাই গছপুলি ৰোপনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিশেষভাৱে শলাগ লয় ৷ লগতে তেওঁ ভৱিষ্যতৰ কাৰ্যসূচীসমূহত প্লাষ্টিকৰ ওপৰত থকা নিষেধাজ্ঞাৰ বিষয়টোত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে এৰিডাৰ প্ৰতি আহ্বান জনায় ৷

উল্লেখ্য যে বিগত বৰ্ষটো এৰিডাৰ উদ্যোগত এইমছ গুৱাহাটীত গছপুলি ৰোপণকে ধৰি বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছিল ৷ আনহাতে বিগত বৰ্ষতে এইমছ গুৱাহাটীৰ চৌহদটোক বনানিকৰণৰ মাধ্যমেৰে সেউজ-সুন্দৰকৈ গঢ় দিয়াৰ লক্ষ্যৰে এৰিডা আৰু এইমছ গুৱাহাটীৰ মাজত বুজাবুজি হৈছিল ৷ এই চুক্তি অনুসৰি এইমছ গুৱাহাটী চৌহদৰ ভিতৰত থকা খালী এলেকাসমূহত গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰাৰ বাবে এইমছ গুৱাহাটীৰে এৰিডাৰ বুজাবুজি হৈছিল ৷

লগতে পঢ়ক:এতিয়া আৰু চিন্তা নাই বন্যপ্ৰাণীৰ: বুঢ়াপাহাৰত পথৰ কাষৰ বেৰিয়াৰ আঁতৰালে

ABOUT THE AUTHOR

...view details