বিহালী, 11 জুলাই:অসম চৰকাৰৰ এটি বিয়াগোম বিভাগ, যাৰ নেতৃত্বৰ দায়িত্ব ন্যস্ত আছে মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ ওপৰত ৷ বিভাগটোৱে ৰাজ্যত কিমানখিনি সফলতাৰে কাম কৰিছে, সেয়া ডাঙৰ কথা নহয় ৷ কিন্তু সময়ে সময়ে কিছুমান আজৱ কাণ্ডৰেহে ৰাজ্যবাসীক যোগাই আহিছে আমোদ ৷
এনেধৰণৰ এক আমোদজনক ঘটনা সংঘটিত হৈছে বিশ্বনাথ জিলাৰ বিহালীৰ সীমান্তৱৰ্তী অঞ্চলত ৷ বিদ্যুৎ সংযোগৰ নামত এটা খুঁটাও পুতি নোপোৱা বিভাগটোৱে অসম-অৰুণাচলৰ সীমান্তৱৰ্তী বিহালীৰ বিহমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ঠাণ্ডাপানী, কাজিয়ামাটি, নাহৰজান আদি অঞ্চলত বাস কৰা কেইবাঘৰো লোকক প্ৰদান কৰি আহিছে স্মাৰ্ট মিটাৰৰ লগতে বিদ্যুতৰ বিল ৷
বিদ্যুৎ বিভাগৰ এনে কাণ্ডত স্বাভাৱিকতে হতচকিত হৈ পৰিছে গাঁওবাসী ৷ 2022 চনৰ মাজভাগৰ পৰাই বিশ্বনাথ সংমণ্ডলে এনেদৰেই অঞ্চলটোৰ সহজ-সৰল একাংশ লোকক কাগজে-কলমে বিদ্যুতৰ সংযোগ স্থাপন কৰা দেখুৱাই বিদ্যুতৰ মিটাৰ আৰু বিলৰ নামত চৰম প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ কেৱল এয়াই নহয়, সময়ে সময়ে বিদ্যুতৰ বিল বিচাৰি অঞ্চলসমূহলৈ আহি বিভাগটোৰ কৰ্মচাৰীসকলে সাধাৰণ লোকসকলক হাৰাশাস্তি কৰাৰো উঠিছে অভিযোগ ৷
লগতে পঢ়ক:অচিনাক্ত বাহনৰ খুন্দাত বিহালীত পহুৰ মৃত্যু - Deer death news