গুৱাহাটী, ১৯ ছেপ্টেম্বৰ:সমগ্ৰ দেশতে কাৰ্যকৰী হ'বলৈ গৈ আছে 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থা । বুধবাৰে কেন্দ্ৰীয় কেবিনেটে 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থা কাৰ্যকৰী কৰাৰ লক্ষ্যৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ কমিটীৰ প্ৰতিবেদনত অনুমোদন জনাইছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয়, "দেশৰ প্ৰধানমন্ত্রীয়ে পোষকতা কৰা 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থা ইমান এটা সহজ প্ৰক্ৰিয়া নহয় । ইতিমধ্যে আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া দিছে । মই এটা উদাহৰণ দিব বিচাৰো- ধৰি ল'লো ২০২৯ চনত এটা নিৰ্বাচন একেলগে লোকসভাৰ আৰু বিধানসভাৰ অনুষ্ঠিত হ'ব । অসমত বিধানসভা নিৰ্বাচন হ'ব ২০২৬ চনত । যদি ২০২৯ চনত এটা নিৰ্বাচন হয় তেতিয়া অসমৰ ক্ষেত্রত মডেলিটিটো কি হ'ব ? ২০২৬ চনত হোৱা চৰকাৰখনৰ যি দলৰে নহওক আয়ুস ২০৩১ চনলৈ থাকিব । গতিকে ২০২৯ চনত অসমৰ চৰকাৰখন ভাঙি দিব নেকি ? নে ২০২৬ চনত যিখন চৰকাৰৰ আয়ুস শেষ হ'ব সেই চৰকাৰৰ ম্যাদ তিনি বছৰলৈ বৃদ্ধি কৰিব ?"
তেওঁ লগতে কয়, "আমি আগতে বুজি পাব লাগিব যে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন ২০২৬ চনলৈ আছে । মোদীৰ সূত্র মতে ২০২৯ চনত অসমত আকৌ বিধানসভা নিৰ্বাচন হ'ব লাগিব আৰু লোকসভা নিৰ্বাচন হ'ব লাগিব । লোকসভা নিৰ্বাচন ঠিক আছে, কিন্তু বিধানসভাখন তিনি বছৰ বৃদ্ধি কৰিব নে ? ২০২৬ চনত হোৱা বিধানসভাখন দুবছৰ আয়ুস থাকোতে ভাঙি দিব । এইটো এটা অত্যন্ত জটিল প্ৰক্ৰিয়া । এইক্ষেত্রত এটা ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতি হিচাপে চূড়ান্ত মতামত দিয়াত অসুবিধা আছে ।"