তেজপুৰ, ২৫ জুলাই :অসমৰ বিধানসভাৰ উপ-নিৰ্বাচন সমাগত । কিছুদিন আগতে বিভিন্ন মাধ্যমত প্ৰকাশ পাইছিল যে এই নিৰ্বাচনত ৫ খন আসনত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব । আনকি প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাইও এই কথাৰ ইংগিত দিছিল । অৱশ্যে এতিয়া সুৰ সলনি কৰিছে সভাপতিগৰাকীয়ে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই ই টিভি ভাৰতক জনোৱা মতে উপ-নিৰ্বাচনৰ ৫ খন আসনত কংগ্ৰেছে অকলে যুজঁ দিয়াৰ বিষয়ে এতিয়ালৈ সিদ্ধান্ত লোৱা নাই । তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰামৰ্শনৰ ভিত্তিত হে প্ৰদেশ কংগ্ৰেছে অন্তিম সিদ্ধান্ত ল'ব ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বৃহস্পতিবাৰে তেজপুৰত ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে বিৰোধী ঐক্যত (এলায়েন্স) কোনো ব্যৱধান অহা নাই । সকলো ঠিকে আছে । তেওঁৰ মতে সকলো কথাতে যে সকলো একে মত হ'ব সেয়া নহয় । সকলো দলৰ সুকীয়া সিদ্ধান্ত থাকে, সেয়া কোনো ডাঙৰ কথা নহয় । তেওঁৰ মতে সকলো বিৰোধী একগোট হোৱাৰ উদ্দেশ্য আছিল ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি কৰা বিজেপি আৰু এ আই ইউ ডি এফ দলক নিৰ্বাচনত পৰাস্ত কৰা ।
আসন বুজাবুজিক লৈ বা অন্যান্য কথাত মতানৈক্য থাকিব, সেইটো আগতেও আছিল আৰু এতিয়াও আছে ৷ সেয়া কোনো বাধা বা বিভাজন নহয় বুলি ভূপেন কুমাৰ বৰাই দাবী কৰে । উপ-নিৰ্বাচন সন্দৰ্ভত অখিল গগৈয়ে কৰা মন্তব্যৰ বিষয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে কংগ্ৰেছে অকলে উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই । সেয়া তৃণমূল পৰ্যায়ৰ সদস্যই দিয়া এক সিদ্ধান্ত বুলি তেওঁ উল্লেখ কৰে ।