তিনিচুকীয়া: আগন্তুক বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচনক লৈ শাসক-বিৰোধী দুই পক্ষই ইতিমধ্যে ককালত টঙালি বান্ধিছে । কংগ্ৰেছ দলে বিগত দিনসমূহত 'বাগিচাই বাগিচাই কংগ্ৰেছ' কাৰ্যসূচীৰ পাছত বিজেপিক পৰাভূত কৰিবলৈ এইবাৰ 'চোতালে চোতালে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিছে । বিগত লোকসভা আৰু উপ-নিৰ্বাচনত বিজেপিৰ হাতত কংগ্ৰেছ দল পৰাস্ত হোৱাৰ পাছত কংগ্ৰেছে নতুন নতুন ৰণনীতি প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে ।
আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে ৰাজ্যৰ পঞ্চায়ত নিজৰ দখললৈ আনিবলৈ ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে । সমষ্টি পুনৰনিৰ্ধাৰণৰ পাছত নৱগঠিত ৮৫ নং মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত লাংকাছি গাঁও পঞ্চায়তৰ শিমলুগুৰি চুকৰ নিবাসী দ্বীপেন চুতীয়াৰ চোতালত সোমবাৰে আয়োজিত 'চোতালে চোতালে কংগ্ৰেছ' শীৰ্ষক সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই ।
সভাপতিগৰাকী উপস্থিত হোৱাৰ লগে লগে বিহু আৰু ঝুমুৰ দলেৰে উষ্ম আদৰণি জনাই স্থানীয় ৰাইজে । সভাখনত উপস্থিত ৰাইজে বৰ্তমানৰ সময়ৰ কেইবাটাও সমস্যা যেনে ৰাজ্যত মহিলা অসুৰক্ষিত, মূল্যবৃদ্ধি, মাকুম সমষ্টিৰ লাইনা গাঁৱৰ সোণোৱাল-কছাৰী লোকসকলে আজিকোপতি মাটিৰ পট্টা লাভ নকৰা, চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আদি বিষয়সমূহকলৈ প্ৰশ্ন কৰাত সভাপতিগৰাকীয়ে ৰাইজৰ উত্তৰ হিচাপে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি ভাষণ প্ৰদান কৰে ।
ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কৰা কামৰ খতিয়ান দাঙি ধৰি ৰাইজৰ ধনেৰে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে বাগিচাসমূহ ক্ৰয় কৰা বিষয়টো উত্থাপন কৰে । ইফালে, আগন্তুক নিৰ্বাচনত বিজেপি দলক পৰাস্ত কৰিবলৈ সকলো ৰাজনৈতিক দলেই এৰাধৰা মনোভাৱেৰে আগবাঢ়িব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়,"সাম্প্ৰদায়িক, বিভাজনকামী ৰাজনীতিক অসমৰ মাটিৰ পৰা বিদায় দিবৰ কাৰণে আমি সকলো আন্তৰিকতাৰে একত্ৰিত হ'ব বিচাৰিছো । এৰা-ধৰাৰ মনোভাৱ আমাৰ থাকিব লাগিব । আমিও এৰিব লাগিব, বেলেগেও অলপ এৰিব লাগিব ।"