অসম

assam

ETV Bharat / state

অসমত জটিল বিত্তীয় সংকট ! ৰাজ্য চৰকাৰৰ পৰা শ্বেতপত্ৰ দাবী কংগ্ৰেছৰ

ৰাজ্যবাসীৰ মূৰত ১৫২০০০ কোটি টকাৰ ঋণৰ বোজা । ৰাজ্যৰ বিত্তীয় অৱস্থা দাঙি ধৰি কঠোৰ সমালোচনা ৰিপুণ বৰাৰ ৷

By ETV Bharat Assamese Team

Published : 6 hours ago

Financial crisis in Assam
অসমত জটিল বিত্তীয় সংকট ! (ETV Bharat Assam)

গুৱাহাটী,১৬ অক্টোবৰ:“মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰি কৈছে— 'আমাৰ কোনো বিত্তীয় সংকট নাই । সেয়ে আমাৰ দাবী যদিহে ৰাজ্যৰ বিত্তীয় অৱস্থা সন্তোষজনকেই তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বিত্তীয় অৱস্থাৰ এখন শ্বেত পত্ৰ প্ৰকাশ কৰক । বেছি দিনৰ নালাগে, মুখ্যমন্ত্ৰীয়ে তেওঁৰ কাৰ্যকালৰ ২০২১ৰ পৰা বৰ্তমানলৈ শ্বেত পত্ৰ প্ৰকাশ কৰক ৷”-অসম জটিল বিত্তীয় সংকটৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰি এই মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাৰ ।

বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে প্ৰদেশ কংগ্ৰেছে এক শ্বেতপত্ৰ দাবী কৰিলে মুখ্যমন্ত্ৰীৰ পৰা । সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ মন্তব্য,“মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই যিমান দম্ভালি মাৰি অসমৰ বিত্তীয় অৱস্থা অতি টনকিয়াল বুলি দাবী নকৰক কিয়, তথ্য আৰু পৰিসংখ্যাই প্রমাণ কৰিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমত কেনে অভূতপূর্ব আৰু ভয়াৱহ বিত্তীয় সংকটে দেখা দিছে ।”

অসমত জটিল বিত্তীয় সংকট ! (ETV Bharat Assam)

ৰাজ্যত বাঢ়িছে ৰাজহ ঘাটি:

ৰিপুণ বৰাই ৰাজ্যত বিত্তীয় সংকটৰ পৰিসংখ্যা দি কয়,“ৰাজ্যত ভয়াৱহ ৰূপত বাঢ়িছে বিত্তীয় ৰাজহ ঘাটি । তাৰ প্ৰথমটো পৰিসংখ্যা,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন কালছোৱাত ২০২১-২০২২ বিত্তীয় বৰ্ষৰ ৰাজহ ঘাটি টকা আছিল ২,৭৩২.৭৭ কোটি টকা । ২০২২-২৩ বৰ্ষত এই ৰাজহ ঘাটি বাঢ়ি হ’লগৈ ১২,০৭২.৩৫ কোটি টকা । অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ শাসন কালতেই এবছৰত ৩৪১.৭৬% বৃদ্ধি পালে ৰাজহ ঘাটি । দ্বিতীয়তে ২০২২-২৩ চনৰ ভিতৰত কৰ ৰাজহ বৃদ্ধি ১৩.৬৬ শতাংশ । অসমৰ নিজা কৰ ৰাজহ বৃদ্ধি ২৫.৪৪ শতাংশ । অৰ্থাৎ বিত্তীয় সংকট জোৰা মাৰিবৰ বাবে ৰাজ্য চৰকাৰে অসমবাসীৰ ওপৰত কৰৰ অতিৰিক্ত বোজা জাপি দিছে ।”

ঋণৰ ওপৰত চৰকাৰ নিৰ্ভৰশীল হিমন্ত বিশ্ব শৰ্মা চৰকাৰ:

সংবাদমেলত বৰাৰ অভিযোগ যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন সম্পূৰ্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে । কংগ্ৰেছ নেতাগৰাকীয়ে সংবাদমেলত দিলে কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন আৰু বিজেপিৰ ২০১৬ৰ পৰা আঠ বছৰীয়া শাসনৰ তুলনামূলক ঋণৰ পৰিসংখ্যা ।

বছৰি সূদেই দিব লাগে ৭২৯৯.১৮ কোটি টকা:

ৰিপুণ বৰাই পৰিসংখ্যা দাঙি ধৰি কয়,“২০১৬ চনলৈকে প্ৰয়াত তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী হিচাপে ১৫ বছৰ ধৰি অবিৰতভাৱে ৰাজ্য চলোৱাৰ পিছত ৰাজ্যৰ মুঠ ঋণ আছিল ৩৫,০০০ কোটি । কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ২০১৬-২০২১ৰ ৫ বছৰত এয়া বৃদ্ধি পায় ৬৬,০২০.৬৫ কোটি টকালৈ । কিন্তু ২০২১ চনৰ পৰা ২০২৪ চনলৈকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ আঢ়ৈ বছৰৰ ভিতৰতে ঋণ বৃদ্ধি পাই ১,৫২,০০০ কোটি টকা হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ৮৫.৯৮০ কোটি টকা ঋণ বৃদ্ধি পায় । ফলত অসমে এই বৃহৎ পৰিমাণৰ ঋণৰ সুদ হিচাপে বছৰি বাজেটৰ ধনৰ এটা ডাঙৰ অংশ দিব লাগে । ঋণৰ বাবে বাজেটৰ পৰা বছৰি ৭২৯৯.১৮ কোটি টকা সুদেই দিব লাগে অসম চৰকাৰে ।”

লগতে প্ৰাক্তন সাংসদ বৰাই কয়,"এই যে ঋণবোৰ লৈছে এয়া কোনো ডাঙৰ প্ৰকল্পৰ খৰচ, উন্নয়ন কাৰ্যসূচীৰ বাবে লোৱা হোৱা নাই, বৰঞ্চ দৈনন্দিন খৰচ আৰু ভোটৰ সমীকৰণত ব্যক্তিগত হিতাধিকাৰীৰ খৰচ পূৰণৰ বাবেহে লোৱা হৈছে ।" ৰাজ্যৰ সাম্প্ৰতিক বিত্তীয় অৱস্থা সন্দৰ্ভত কংগ্ৰেছে কৰা শ্বেতপত্ৰ দাবী অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বেতপত্ৰ দাবী কৰিবনে ? সেয়া মনকৰিবলগীয়া হ’ব ।

লগতে পঢ়ক:চামগুৰিত গুণ্ডাৰাজ চলাবলৈ দিয়া নহ'ব: ৰিপুণ বৰা

কংগ্ৰেছে কেতিয়া চূড়ান্ত কৰিব প্ৰাৰ্থী তালিকা ? জনালে ভূপেন বৰাই

ABOUT THE AUTHOR

...view details