অসম

assam

ETV Bharat / state

অসম সাহিত্য সভাৰ সভাপতি পেনেলৰ পৰা নাম প্ৰত্যাহাৰ অনুৰাধা শৰ্মা পূজাৰীৰ - ASSAM SAHITYA SABHA ELECTION

নিৰ্বাচনী প্ৰক্ৰিয়ালৈ যাব খোজা নাই অনুৰাধা শৰ্মা পূজাৰী। পত্ৰযোগে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকক জনালে পূজাৰীয়ে।

SAHITYA SABHA PRESIDENT ELECTION
অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ অনুৰাধা শৰ্মা পূজাৰীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 14, 2024, 4:37 PM IST

গুৱাহাটী :বিতৰ্কই লগ নেৰা অসম সাহিত্য সভাৰ সভাপতি পেনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনালে বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে । বহু বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ পাছত অসম সাহিত্য সভাৰ সভাপতিৰ পাঁচজনীয়া পেনেল প্ৰস্তুত কৰা হৈছিল আৰু সেই তালিকাত অনুৰাধা শৰ্মা পূজাৰীৰ নাম সন্নিৱিষ্ট কৰা হৈছিল ।

সাহিত্য সভাৰ তৰফৰ পৰা তেওঁলৈ সন্মতি বিচাৰি ১২ নৱেম্বৰত এখন পত্ৰ দিয়া হৈছিল । সাহিত্য সভাৰ সভাপতি পেনেলত নাম সন্নিৱিষ্ট কৰা পাঁচগৰাকী বিশিষ্ট সাহিত্যিকলৈ সাহিত্য সভাই এনে সন্মতি পত্ৰ প্ৰেৰণ কৰিছিল । সেই পত্ৰৰ প্ৰসংগতে আজি অনুৰাধা শৰ্মা পূজাৰীয়ে এই পেনেলৰ পৰা তেওঁৰ নাম প্ৰত্যাহাৰ কৰিবলৈ সভাৰ প্ৰধান সম্পাদকলৈ ইয়াৰ প্ৰত্যুত্তৰ দি পত্ৰ প্ৰেৰণ কৰে ।

প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মালৈ লিখা পত্ৰখনত অনুৰাধা শৰ্মা পূজাৰীয়ে কয়,

অনুৰাধা শৰ্মা পূজাৰীৰ পত্ৰখন (ETV Bharat Assam)

"সন্মান সহকাৰে আপোনাক জনাও যে অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ সভাপতি পদৰ বাবে প্ৰস্তুত কৰা পাঁচজনীয়া তালিকাত মোৰ নাম প্ৰস্তাৱ কৰাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো । এই সংক্ৰান্তত বিনম্ৰভাৱে জনাব খুজিছো যে ইতিমধ্যে সংবাদ মাধ্যমযোগে প্ৰকাশিত তালিকা অনুসৰি সভাপতি পদৰ বাবে প্ৰস্তাৱিত আন চাৰিওজন প্ৰাৰ্থীৰ আটাইকেইজনেই অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ যথেষ্ট অৰিহণা যোগোৱা জ্যেষ্ঠ ব্যক্তি । গতিকে ওপৰোক্ত চাৰিওজন ব্যক্তিৰ মাজৰ পৰা এজন ব্যক্তিক নিৰ্বাচনৰ আওতালৈ ননাকৈ সৰ্বসম্মতভাৱে মনোনীত কৰিলে আমি অত্যন্ত সুখী হ'ম । যিহেতু মই নিজেও সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ প্ৰচলিত নিৰ্বাচনী প্ৰক্ৰিয়াটোলৈ যাব খোজা নাই ৷ গতিকে মই মোৰ নাম উক্ত তালিকাখনৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনালো ।"

বিশিষ্ট সাহিত্যিকগৰাকীয়ে লগতে পত্ৰযোগে কয়,

"অসম সাহিত্য সভাৰ সভাপতিৰ গুৰু দায়িত্ব গ্ৰহণ কৰাৰ ক্ষেত্ৰত বৰ্তমান অৱস্থাত মোৰ ব্যক্তিগতভাৱে ভালেখিনি অসুবিধা আছে । বর্তমান মই বহু কেইটা গুৰুত্বপূৰ্ণ কামত ব্যস্ত হৈ থকাৰ লগতে অদূৰ ভৱিষ্যতেও ভালেখিনি কর্ম পৰিকল্পনা নিৰ্ধাৰিত হৈ থকাৰ বাবে অসম সাহিত্য সভাৰ দৰে এটি বৃহৎ জাতীয় অনুষ্ঠানৰ কাম-কাজত যথাযোগ্যভাৱে মনোনিৱেশ কৰাত মোৰ অসুবিধা হ'ব । সেয়েহে, মোতকৈ জ্যেষ্ঠ আৰু অভিজ্ঞসকলৰ প্ৰতি শ্ৰদ্ধা জনাই এই পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাটো এই মুহূৰ্তত সঠিক সিদ্ধান্ত হ'ব বুলি ম‍ই বিবেচনা কৰা নাই । গতিকে মোৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি মোৰ নাম তালিকাভুক্ত কৰা উচ্চ ক্ষমতাসম্পন্ন সমিতিখনৰ সন্মানীয় সদস্যসকললৈ কৃতজ্ঞতা সহকাৰে ক্ষমা প্ৰাৰ্থনা কৰিছো । অসম সাহিত্য সভাৰ দৰে মহান জাতীয় অনুষ্ঠানটোৰ ভৱিষ্যতৰ কৰ্মসূচীত মই সৰ্বতোপ্ৰকাৰে সহায়-সহযোগ আগবঢ়াম ।"

নিৰ্বাচনী প্ৰক্ৰিয়ালৈ যাব খোজা নাই অনুৰাধা শৰ্মা পূজাৰী (ETV Bharat Assam)
লগতে পঢ়ক :অসম সাহিত্য সভাৰ সভাপতি পদৰ তালিকা প্ৰকাশ

লক্ষণীয় বিষয় যে অনুৰাধা শৰ্মা পূজাৰীৰ লগতে সভাপতিৰ পেনেলৰ তালিকাত নাম থকা ভাষাবিদ ড৹ ভীমকান্ত বৰুৱায়ো ইতিমধ্যে লিখিতভাৱে সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকক অৱগত কৰিছে । ইফালে পাঁচজনীয়া পেনেলত নাম থকা আন তিনিগৰাকী সাহিত্যিক ক্ৰমে ড৹ বসন্ত কুমাৰ গোস্বামী, ড৹ গোবিন্দ প্ৰসাদ শৰ্মা আৰু ড৹ উপেন ৰাভা হাকাচামে সন্মতি জনাই সাহিত্য সভালৈ লিখিত পত্ৰ প্ৰেৰণ কৰিছে । ইয়াৰ ফলত সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ এই প্ৰক্ৰিয়া এই ৩গৰাকী সাহিত্যিকৰ মাজতে সীমাবদ্ধ হৈ ৰ’ব ।

উল্লেখ্য যে, অসম সাহিত্য সভাই মঙলবাৰে ঘোষণা কৰিছিল ২০২৫-২৭ বৰ্ষৰ সভাপতি পদৰ নতুন প্ৰার্থী তালিকা । অসম সাহিত্য সভাৰ উচ্চস্তৰীয় সমিতিৰ বৈঠকৰ অন্তত সভাপতি সূর্যকান্ত হাজৰিকাই ঘোষণা কৰিছিল পাঁচজনীয়া প্ৰার্থী তালিকা ।

অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত উচ্চস্তৰীয় সমিতিৰ বৈঠকত দীঘলীয়া আলোচনাৰ অন্তত প্ৰস্তুত কৰা হৈছিল সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদৰ পাঁচজনীয়া প্ৰার্থী তালিকা । পাঁচজনীয়া প্ৰার্থী তালিকাত ৰখা হৈছিল বসন্ত কুমাৰ গোস্বামী, গোবিন্দ প্ৰসাদ শৰ্মা, উপেন ৰাভা হাকাচাম, অনুৰাধা শৰ্মা পূজাৰী আৰু ভীমকান্ত বৰুৱাক ।

লগতে পঢ়ক :সভাপতিকেন্দ্ৰিক বিতৰ্কই সাহিত্য সভাৰ স্খলন উদঙাই দিছে: নীলিম কুমাৰ

লক্ষণীয় বিষয় যে পূৰ্বে প্ৰস্তুত কৰা সাহিত্য সভাৰ প্ৰাৰ্থী তালিকাত আছিল লীলাৱতী শ‍ইকীয়া বৰা, নাহেন্দ্ৰ পাদুন, হিতেশ ডেকা, অৰূপা পটংগীয়া কলিতা আৰু গিৰীশ সন্দিকৈৰ নাম । উচ্চতৰীয় সমিতিৰ সদস্য হৈয়ো নাহেন্দ্ৰ পাদুন আৰু গিৰীশ সন্দিকৈৰ নাম সভাপতিৰ পেনেলত অনাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

পৰৱৰ্তী সময়ত উচ্চস্তৰীয় সমিতিৰ একাধিক সদস্যই উক্ত প্ৰার্থী তালিকাক লৈ আপত্তি দর্শাইছিল । ইয়াকে লৈ অসন্তুষ্ট হৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্ধাৰণ সমিতিৰ অন্যতম সদস্য দয়ানন্দ পাঠকে পদত্যাগ কৰে । কেইবাখনো জিলা সাহিত্য সভাই বিতৰ্কিত পেনেলখন বাতিল কৰাৰ দাবী উত্থাপন কৰিছিল ।

আনহাতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল । তেনে পৰিৱেশৰ পাছত অৱশেষত দীঘলীয়া আলোচনাৰ অন্তত উচ্চস্তৰীয় সমিতিয়ে মঙলবাৰে সভাপতিৰ পাঁচজনীয়া নতুন পেনেল প্ৰকাশ কৰিছিল । কিন্তু সেই পেনেলৰ পৰা দুগৰাকীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ বাবে আবেদন জনোৱাত পেনেলত থাকিল তিনিগৰাকী । তেনেস্থলত তিনিগৰাকীৰ মাজৰ পৰাই নিৰ্বাচন কৰা হ'ব সভাপতি ।

লগতে পঢ়ক :সাহিত্য সভাৰ সভাপতি পদত নাথাকিলেও কাম কৰি যাব পাৰি: ডঃ ভীমকান্ত বৰুৱা

ABOUT THE AUTHOR

...view details