অসম

assam

ETV Bharat / state

‘কা’ৰ বিৰুদ্ধে উত্তাল হ’ল ৰাজ্যৰ ভিন্ন প্ৰান্ত - Anti CAA Protest Assam

Anti CAA Protest Assam: ৰাজ্যৰ ভিন্ন প্ৰান্তত পুনৰ আৰম্ভ হ’ল ‘কা’বিৰোধী উত্তাল প্ৰতিবাদ ৷ আছুসহ কেবাটাও জাতীয় সংগঠনে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷

Anti CAA Protest Assam
‘কা’ৰ বিৰুদ্ধে উত্তাল হ’ল ৰাজ্যৰ ভিন্ন প্ৰান্ত

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 6:40 PM IST

Updated : Mar 7, 2024, 8:05 PM IST

‘কা’ৰ বিৰুদ্ধে উত্তাল হ’ল ৰাজ্যৰ ভিন্ন প্ৰান্ত

নিউজ ডেস্ক, 7 মাৰ্চ: লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ আৰম্ভ হ’ল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ বৃহস্পতিবাবে কেবাটাও জাতীয় সংগঠনৰ সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যজুৰি ৷ আছুকে ধৰি ৩০ জনগোষ্ঠীয় সংগঠনে ৰাজ্যজুৰি বাইক ৰেলী কৰাৰ উপৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৰ্বঘোষিত কাৰ্যসূচী অনুসৰি ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি হিৰণ্য দত্তই কয় যে অসমত কা প্ৰযোজ্য হবলৈ দিয়া নহ’ব । কা বলবৎ কৰি অসমখনক বিদেশীৰ হাতলৈ যাবলৈ দিয়া নহ’ব । বিজেপি চৰকাৰে ধৰ্মৰ ভিত্তিত এখন সাম্প্ৰদায়িক আইন আনি জাপি দিবলৈ বিচাৰিছে ।

হোজাইৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত হোজাই জিলা ছাত্ৰসন্থাৰ সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । জিলা আয়ুক্তৰ কাৰ্যালয়লৈকে বিশাল বাইক ৰেলী কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হোজাই জিলা ছাত্ৰ সন্থাই । ‘কা আমি নামানো’, ‘বিজেপি মুৰ্দাবাদ’ আদি ধ্বনিৰে প্ৰতিবাদ কৰে হোজাই জিলা ছাত্ৰসন্থাই ।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগতো আইনখন বাতিলৰ দাবীত তিনিঘন্টীয়া গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ সংগঠনটোৰ জিলা সমিতিৰ সভাপতি জ্যোতিৰ্ময় গোস্বামী, সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্বত ৰূপায়িত কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক ললিত চন্দ্ৰ পাঁচনী, কাৰ্যনিৰ্বাহক মমিন চন্দ্ৰ দাসৰ লগতে জিলা আৰু আঞ্চলিক পৰ্যায়ৰ নেতা-কৰ্মী সকল উপস্থিত থাকে ৷

ৰঙিয়াত মটৰ চাইকেল ৰেলী কৰি প্ৰতিবাদ সাব্যস্ত কৰে কামৰূপ জিলা ছাত্ৰ সন্থাই । ৰঙিয়া চহৰৰ মাজমজিয়াত আছুৰ শতাধিক সদস্যই সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কামৰূপ জিলা ছাত্ৰ সন্থাই উলিওৱা প্ৰতিবাদী ৰেলীটোত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ভৱজ্যোতি ডেকাই ৷

অসম আৰক্ষীক প্ৰত্যাহ্বান জনাই দীৰ্ঘদিনৰ বিৰতিৰ মূৰত পুনৰ উত্তাল হ’ল ধেমাজি ৷ কা বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ তিনি শতাধিক কৰ্মীয়ে বাইকৰ ৰেলীৰে প্ৰতিবাদ জনায় ৷ ধেমাজিৰ মৰিধল হাইস্কুল খেলপথাৰৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ কঁপাই ধেমাজি নগৰৰ কাছাৰী ময়দানলৈকে ৷ কাছাৰী ময়দানত পুনৰ প্ৰতিবাদী সভা অনুষ্ঠিত কৰি অন্ত পেলায় প্ৰতিবাদী বাইক ৰেলী ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিৱসাগৰত অব্যাহত আছে দল-সংগঠনৰ উত্তাল প্ৰতিবাদ ৷ বৃহস্পতিবাৰে কা বাতিলৰ দাবীত বিৰোধী ঐক্যমঞ্চই শিৱসাগৰ ষ্টেচন চাৰিআলিত ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী । কংগ্ৰেছ, ৰাইজৰ দল, আম আদমি পাৰ্টী, অসম জাতীয় পৰিষদ, চিপিআইকে ধৰি বহুকেইটা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে কৰিছে অৱস্থান ধৰ্মঘট ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগতো মৰিগাঁৱত কা বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ বিভিন্ন আঞ্চলিক সমিতি, শাখা সমিতি আৰু বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা শ শ ছাত্ৰ, কৰ্মীসকল আহি যোগদান কৰে কা বিৰোধী আন্দোলনত । বাইক ৰেলীৰে বিভিন্ন প্ৰতিবাদী শ্লোগান দি মুখৰিত কৰি তোলে মৰিগাঁও চহৰৰ পৰিৱেশ ৷

তেজপুৰতো শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাই বাইক ৰেলীৰে চহৰৰ মাজমজিয়াত ‘কা’ৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । তেজপুৰ ঐতিহাসিক শ্বহীদ বাকৰিৰ পৰা বাইক ৰেলীৰে চহৰৰ মজিয়াত বিজেপি নেতৃতাধীন চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰায় তিনি শতাধিক আছু কৰ্মীৰে তেজপুৰৰ ৰাজপথত বিজেপি চৰকাৰ গ’ বেক, জাতি ধ্বংসী আইন প্ৰণয়ন বন্ধ কৰক আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বৰপেটাতো মটৰচাইকেল ৰেলী কৰে বৰপেটা জিলা ছাত্ৰ সন্থাই । ‘জাতি বিৰোধী কা বাতিল কৰক’, ‘কা আমি নামানো’, ‘কা গৃহীত কৰিবলৈ দিয়া নহ’ব’ আদি শ্ল’গানেৰে বৰপেটা জিলা ছাত্ৰ সন্থাই উত্তাল কৰিলে বৰপেটাৰ ৰাজপথ ।

তিনিচুকীয়াতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত কা বাতিলৰ দাবীত সাব্যস্ত কৰে তিনিঘণ্টীয়া গণ অৱস্থান কাৰ্যসূচী ৷ নিজা কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কা’ বাতিল কৰক, AJYCP লং লিভ, বিজেপি হায় হায় আদি বিভিন্ন শ্ল’গানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

জোনাইতো মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰাংগণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে৷ ধেমাজি জিলাৰ AJYCP ৰ সভাপতি জ্ঞান শৰ্মাই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে উচ্চতম ন্যায়ালয়ে বহুবাৰ গোচৰটোৰ সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া স্বত্বেও চৰকাৰে এই নিৰ্দেশনা অৱমাননা কৰি আহিছে ৷ এই আইন অসাংবিধানিক, অগণতান্ত্ৰিক আৰু সাম্প্ৰদায়িক বুলি আখ্যা দি কা আইন বলবৎ হ'লে অসমীয়া জাতি অস্তিত্বৰ সংকটত পৰিব বুলিও আশংকা কৰে জ্ঞান শৰ্মাই ৷

কলিয়াবৰতো সাব্যস্ত হ’ল ‘কা’বিৰোধী প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত নেতা-সদস্যসকলে বৃহস্পতিবাৰে উপ-জিলা উপ-আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

লগতে পঢ়ক:কা আহিলে ভোট নিদিব, ময়ো নিদিও : জুবিন গাৰ্গ

Last Updated : Mar 7, 2024, 8:05 PM IST

ABOUT THE AUTHOR

...view details